Home Main Stories অ’মিক্ৰণৰ আতংকৰ মাজতেই ১৫০ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান,ঐতিহাসিক সফলতা বুলি আখ্যা...

অ’মিক্ৰণৰ আতংকৰ মাজতেই ১৫০ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান,ঐতিহাসিক সফলতা বুলি আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

166
0


নতুন দিল্লী, ৭ জানুৱাৰী: দেশত পুনৰ ক’ভিড আতংকই বিৰাজ কৰিছে৷ ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনে দেশত ক’ভিডৰ তৃতীয় লহৰ অনাৰ আশংকা প্ৰকাশ কৰা হৈছে৷ দেশত দ্ৰুতহাৰে পুনৰ ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ যাৰ বাবে দেশত পুনৰ স্বাভাৱিক জীৱন যাত্ৰাত বাধা আৰোপ কৰিবলৈ ধৰিছে ৰাজ্য চৰকাৰসমূহে৷ ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ ক’ভিডৰ নতুনকৈ নীতি- নিৰ্দেশনা জাৰি কৰিছে৷ ক’ভিড সংক্ৰমণ যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবে ৰাজ্য চৰকাৰসমূহে তৎপৰতা অৱলম্বন কৰিছে আৰু মানুহৰ সমাগম হ্ৰাস কৰাৰ বাবে নতুনকৈ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ ইয়াৰ মাজতেই দেশৰ ১৫০ কোটি লোকক ক’ভিড ভেকচিন প্ৰদানৰ সফলতা লাভ কৰিছে আজি ভাৰতে৷ ২০২১ৰ ১৬ জানুৱাৰীৰ পৰা ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ আৰম্ভ কৰি ২০২২ ৰ ৯ জানুৱাৰীত দেশৰ ১৫০ কোটি লোকক ভেকচিন প্ৰদান কৰে৷ ২০২১ৰ ২১ অক্টোবৰত ক’ভিড ভেকচিন লোৱাৰ সংখ্যা আছিল ১০০ কোটি৷ কো-উইনৰ তথ্য অনুসৰি আজি ২.২০ বজাত দেশত ১৫০,১৭,২৩,৯১১ ভেকচিন প্ৰদান কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে এই সফলতাক ঐতিহাসিক বুলি আখ্যা দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় দেশৰ ৯০ শতাংশ বয়স্ক লোকক দুয়োটা ভেকচিন প্ৰদান কৰা হৈছে৷ ৩ জানুৱাৰীৰ পৰা ১৫-১৭ বছৰৰ কিশোৰসকলক ভেকচিন প্ৰদান কৰা হৈছে৷ বৰ্তমানলৈ ১.৬৮ কোটি কিশোৰক প্ৰথমটো ভেকচিন দিয়া হৈছে৷ এই সফলতা সমগ্ৰ দেশ আৰু ৰাজ্য চৰকাৰৰ তেওঁ দেশৰ বৈজ্ঞানিক, ভেকচিন নিৰ্মাতা আৰু স্বাস্থ্য মন্ত্ৰালয়ক এই সফলতাৰ বাবে অভিনন্দন জনায়৷ তেওঁ কয় একেলগে আগবঢ়াৰ বাবে আজি ভাৰতে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here