নতুন দিল্লী, ১৬ মে’ ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পুৱা প্ৰায় ১০:৩০ বজাত লুম্বিনী বুদ্ধ পূৰ্ণিমা উপলক্ষে নেপালৰ লুম্বিনীত উপস্থিত হয়৷ তেওঁ নেপালত নিৰ্মাণ কৰা ভাৰত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পূৰ্বে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই প্ৰধানমন্ত্ৰী মোদীক হেলিপেডত আদৰণি জনায়৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে মায়া দেৱী মন্দিৰত প্ৰাৰ্থনা কৰে৷ তেওঁলোকে পুষ্কৰ্ণী তালাব পৰিক্ৰমা কৰে৷ ইয়াৰ লগতে তেওঁ পবিত্ৰ বোধি গছৰো উপাসনা কৰে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰী মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড॰ অজুৰ্ ৰাণা দেউবাই মায়া দেৱী মন্দিৰ চৌহদৰ ভিতৰত মাৰ্কাৰ শিলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় নেপালৰ লুম্বিনীত বৌদ্ধ সংস্কৃতি, ঐতিহ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ