Home স্থানীয় দৌলাশাল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জন স্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ প্ৰধান সচিব

দৌলাশাল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জন স্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ প্ৰধান সচিব

82
0



গণ বাৰ্তা, চেঙা ,১৮ ছেপ্টেম্বৰঃ  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি অসমত  কালিৰ পৰা চলিছে ক’ভিডৰ মেগা মেকচিন প্ৰদান কাৰ্যসূচী। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো চলি আছে মেগা ভেকচিন প্ৰদান কাৰ্যসূচী । দৌলাশাল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কালি  উপস্থিত  হৈছিল – অসম চৰকাৰৰ জন স্বাস্থ্য অভিযান্ত্ৰিক, জল সম্পদ  তথা কেইবাটাও বিভাগৰ প্ৰধান সচিব চৈয়দিন আব্বাছি । প্ৰধান  সচিবগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈ ভেকচিন প্ৰদান কাৰ্যসূচীৰ বুজ লয়। নলবাৰী জিলাৰ কেইবাটাও ভেকচিন প্ৰদান কেন্দ্ৰত উপস্থিত হৈ ভেকচিন প্ৰদানৰ বুজ লোৱা বুলি সাংবাদিকৰ ওচৰত মন্তব্য কৰে প্ৰধান  সচিবগৰাকীয়ে। ভেকচিন প্ৰদান কাৰ্য সকলো  ঠিকে-ঠাকে চলি থকাৰ লগতে ৰাইজৰ সঁহাৰি উৎসাহজনক বুলি উল্লেখ কৰাৰ লগতে ভেকচিনৰ নাটনি হোৱা নাই বুলিও মন্তব্য কৰে প্ৰধান  সচিবগৰাকীয়ে  । স্বাস্থকেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ কুমুদ বণিয়াৰ সৈতেও মত-বিনিময় কৰে প্ৰধান  সচিব গৰাকীয়ে । প্ৰধান  সচিবগৰাকীক সংগ দিয়ে নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক উমেশ ফাংচুৱে  । উল্লেখ্য যে দৌলাশাল স্বাস্থ্য কেন্দ্ৰত কালি  ২৫০ ড’জ ভেকচিন প্ৰদান কৰা হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here