ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১১ নৱেম্বৰ: বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মিথ্যাচাৰ, প্ৰতাৰণা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁও জিলা সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই নগাঁও কলেজ চ’কৰ মতিৰাম বৰা ক্ষেত্ৰত এক অৱস্থান ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে৷ সন্থাৰ শতাধিক নেতা কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক, নাৰীৰ সুৰক্ষা প্ৰদান কৰক, চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰক, প্ৰতিগৰাকী মাইক্ৰ ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক ঋণমুক্ত ঘোষনা কৰাকে ধৰি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী সকলে অসমৰ সমস্যা সমূহ সমাধান কৰাত ব্যৰ্থ হোৱা বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ অনুষ্ঠানটোৰ নেতৃত্ব দিয়ে প্ৰগতিশীল নাৰী সন্থাৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাই৷