Home স্থানীয় তিনিচুকীয়া পৌৰ এলেকাত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিকৰ সামগ্রী

তিনিচুকীয়া পৌৰ এলেকাত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিকৰ সামগ্রী

299
0

মাইনু মৰাণ:ডুমডুমা, ২১ নৱেম্বৰ: বৰ্ধিত পৰিবেশ প্ৰদুষন ৰোধ কৰিবৰ বাবে তিনিচুকীয়া পৌৰ সভাই এক ৰাজহুৱা জাননী যোগে পৌৰ এলেকাত একক ব্যৱহৃত প্লাষ্টিকৰ আৰু থাৰ্মক’লৰ সামগ্রীৰ ব্যৱহাৰ, বিক্ৰী তথা উৎপাদন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।তিনিচুকীয়া পৌৰ সভাই পূৰ্বতে দিয়া No.TMB(Tech)SBM-24/2016-17/1394 Dated 05/09/2019 ৰ আংশিক পৰিৱৰ্তন কৰি Plastic Wast Management (Amendment) Rules, 2021 ৰ আধীনত ৫০ মাইক্ৰণৰ সলনি ৭৫ মাইক্ৰণ ঘনত্বতকৈ কম ঘনত্বৰ একক ব্যৱহৃত প্লাষ্টিকৰ সামগ্রী ব্যৱহাৰ আৰু বেচা কিনা নিষিদ্ধ কৰিছে। পৌৰ এলেকাত সকলো নাগৰিক, ব্যৱসায়িক প্ৰতিষ্ঠানক একক ব্যৱহৃত প্লাষ্টিকৰ মোনা, কাপ-প্লেটৰ সলনি কাগজ, ধাতু অথবা মাটিৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্রদান কৰিছে। কোনো ব্যক্তি অথবা ব্যৱসায়িক প্ৰতিষ্ঠানে Plastic Wast Management (Amendment) Rules, 2021 ৰ নীতি নির্দেশনা উলংঘা কৰিলে পৌৰসভাই তেনে ব্যক্তি অথবা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত জৰিমনা বিহা, ব্যৱসায়িক অনুমতি পত্ৰ বাতিল কৰা তথা বিজুলী সংযোগ বিছিন্ন কৰা হব বুলিও জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here