মাজুলী,৫,জানুৱাৰী : অসম চৰকাৰৰ নিৰ্দেশমৰ্মে মাজুলী জিলাৰ মহৰিচুক গাওঁক আফ্ৰিকান চুৱাইন ফিভাৰৰ অভিকেন্দ্ৰ ৰূপে ঘোষণা কৰা হৈছে। সেয়ে এই বেমাৰ প্ৰতিৰোধ, সংক্ৰমণ আদি ৰোধ কৰিবলৈ “The Prevention & Control of Infectious and Contagious Diseases in Animal Act , 2009 ” ৰ ৬ দফাৰ অন্তৰ্গত মহৰিচুক গাঁও আৰু নিকটবৰ্তী গাঁও সমূহত গাহৰি (জীৱিত অথবা মৃত) বা গাহৰি মাংসৰ প্ৰচলন আৰু কিনা বেচাৰ ক্ষেত্ৰত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে। ইফালে আজি মাজুলীৰ উপায়ুক্ত পুলক মহন্তই সদৰী কৰা মতে শীৰ্ঘেই পশু চিকিৎসাৰ এটি বিশেষজ্ঞৰ দল মাজুলীলৈ আহিব। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সকলো গাহৰি পালকৰ তথ্য সংগ্ৰহ কৰি তেওলোকৰ বেংক একাউণ্ট সংগ্ৰহ কৰিছে প্ৰশাসনে। উপায়ুক্ত গৰাকীয়ে প্ৰয়োজনত মাজুলী জিলাৰ ৰাইজক গাহৰি মাংস খোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।