Home অসম মাজুলীৰ মহৰিচুক অঞ্চলৰ গাহৰিৰ দেহত আফ্ৰিকান ছ’ৱাইন ফ্লু গাহৰি মাংসৰ প্ৰচলন, কিনা-বেচাৰ...

মাজুলীৰ মহৰিচুক অঞ্চলৰ গাহৰিৰ দেহত আফ্ৰিকান ছ’ৱাইন ফ্লু গাহৰি মাংসৰ প্ৰচলন, কিনা-বেচাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

255
0


পৰাণজ্যোতি বৰা, মাজুলী, ৬ জানুৱাৰী: অসম চৰকাৰৰ নিৰ্দেশমৰ্মে মাজুলী জিলাৰ মহৰিচুক গাঁৱক আফ্ৰিকান ছোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ ৰূপে ঘোষণা কৰা হৈছে৷ সেয়ে এই বেমাৰ প্ৰতিৰোধ, সংক্ৰমণ আদি ৰোধ কৰিবলৈ ‘‘The Prevention গু Control of Infectious and Cotagious Diseases in Animal Act-২০০৯ ‘‘ ৰ ৬ দফাৰ অন্তৰ্গত মহৰিচুক গাঁও আৰু নিকটৱৰ্তী গাঁওসমূহত গাহৰি [জীৱিত অথবা মৃত] বা গাহৰি মাংসৰ প্ৰচলন আৰু কিনা-বেচাৰ ক্ষেত্ৰত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইফালে, আজি মাজুলীৰ উপায়ুক্ত পুলক মহন্তই সদৰী কৰা মতে শীঘ্ৰেই পশু চিকিৎসাৰ এটি বিশেষজ্ঞৰ দল মাজুলীলৈ আহিব৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সকলো গাহৰি পালকৰ তথ্য সংগ্ৰহ কৰি তেওঁলোকৰ বেংক একাউণ্ট সংগ্ৰহ কৰিছে প্ৰশাসনে৷ উপায়ুক্তগৰাকীয়ে প্ৰয়োজনত মাজুলী জিলাৰ ৰাইজক গাহৰি মাংস খোৱাৰ পৰা বিৰত থাকিবলৈ আহ৩ান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here