Home স্থানীয় সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ চাকৰী নিয়মীয়া কৰণৰ দাবীত...

সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ চাকৰী নিয়মীয়া কৰণৰ দাবীত প্ৰতিবাদ

92
0

চাকৰি নিয়মীয়া কৰণ নকৰিলে সমূহীয়া আত্মজাহৰ হুঙ্কাৰ

গণ বাৰ্তা বিশেষ, বিলাসীপাৰা, ২০ জুন : সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ ধুবুৰী জিলা সমিতি খন আজি গঠন কৰা হয়। জিলা খনৰ বিলাসীপাৰা মহকুমাৰ বৰকান্দা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি দিনৰ দহ বজাত অনুষ্ঠিত সাধাৰণ সভাত সন্থাৰ নতুন সমিতি খন গঠন কৰা হয় বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে। নৱ গঠিত সমিতি খনৰ সম্পাদক শিপুল চন্দ্ৰ ৰায় সাক্ষৰিত বিজ্ঞপ্তি খনত উল্লেখ কৰা মতে অস্থায়ী স্বাস্থ্য কৰ্মচাৰী চাহাবুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত আব্দুল মন্নাফক সভাপতি আৰু শিপুল চন্দ্ৰ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া ধুবুৰী জিলা সমিতি গঠন কৰে। সভাত এক প্ৰস্তাৱ মৰ্মে বিগত ১০/১২ বছৰে চৰকাৰী চিকিৎসালয় সমূহত অতি সামান্য পাৰিতোষিকৰ বিনিময়ত সেৱা আগবঢ়াই অহা ৰাজ্যৰ অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰনৰ দাবী তোলে। ক’ৰনাকালৰ এই সকল যোদ্ধাক চৰকাৰে ঘোষণা কৰা একলাখ চাকৰিৰ ভিতৰত অতি শীঘ্ৰে নিয়মীয়া কৰন কৰিব লাগে অন্যথা এই সকল স্বাস্থ্য কৰ্মচাৰী সমূহীয়া আত্মজাহ দিয়াৰ হুংকাৰ প্ৰদান কৰে। এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here