Home অসম মন্ত্ৰী পীয়ুষ-জয়ন্ত মল্লৰ বিৰুদ্ধে অসম বিধানসভাৰ চৌহদত ইউডিএফৰ বিধায়কৰ প্ৰতিবাদ

মন্ত্ৰী পীয়ুষ-জয়ন্ত মল্লৰ বিৰুদ্ধে অসম বিধানসভাৰ চৌহদত ইউডিএফৰ বিধায়কৰ প্ৰতিবাদ

196
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ আগষ্ট ঃ জেহাদীৰ প্ৰসংগক লৈ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে এআইইউডিএফৰ বিধায়কসকল৷ বিশেষকৈ এআইইউডিএফৰ দুজন বিধায়কক জেহাদীৰ সমৰ্থক বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাই কৰা মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে এআইইউডিএফৰ বিধায়কসকল৷ ২৪ ঘণ্টাৰ ভিতৰত মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাক ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছিল৷ এআইইউডিএফৰ উক্ত দাবী নস্যাৎ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই ঘোষণা কৰিছিল যে মোৰ মৃত্যু হ’লেও মই ক্ষমা নোখোজোঁ, মোৰ চৈধ্যগোষ্ঠীয়েও ক্ষমা নোখোজে৷ একপ্ৰকাৰ এআইইউডিএফৰ বিধায়কসকলক মুকলিভাৱে প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰী পীয়ূষ আৰু জয়ন্ত মল্ল বৰুৱাই৷ এআইইউডিএফৰ বিধায়কসকলৰ সৈতে আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি থকাৰ মাজতেই আজি অসম বিধানসভাৰ চৌহদত এআইইউডিএফৰ বিধায়কসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ হাতে হাতে প্লে-কাৰ্ড লৈ এআইইউডিএফৰ বিধায়কসকলে মন্ত্ৰীয়ে পদমৰ্যাদা হানি কৰিছে, বিজেপিয়ে সাম্প্ৰতিক মনোভাব পৰিহাৰ কৰক, জেহাদীৰ আলম লৈ বিজেপিয়ে ইউডিএফক অপবাদ জাপি দিছে, বিজেপিয়ে ৰাজনীতিৰ নামত মুখ চুপতিত নামি সাংবিধানিক শপতৰ অৱমাননা বন্ধ কৰক আদি শ্লোগানেৰে বিধানসভাৰ পৰিৱেশ উত্তাল কৰি তোলে৷ ইউডিএফৰ বিধায়কসকলে অসম বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি এক অভিযোগ-পত্ৰ প্ৰদান কৰে৷ এই সন্দৰ্ভত ইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাক সমালোচনা কৰি কয় যে মন্ত্ৰী পীয়ূষ আৰু জয়ন্ত মল্ল বৰুৱা অহংকাৰী হৈ পৰিছে৷ অনাগত দিনত এনে অহংকাৰ চূৰমাৰ হ’ব৷ জয়ন্ত মল্লই আৰক্ষীৰ ভয় দেখুৱাব বিচাৰিছে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে আৰক্ষী কি আপোনালোকৰ পৈতৃক সম্পত্তি৷ অসমৰ মালিক নহয় পীয়ূষ৷ যদি ক্ষমা নোখোজে তেন্তে জয়ন্ত আৰু পীয়ূষক ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে৷ ইপিনে, জেহাদীৰ প্ৰসংগ সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে কয় যে জেহাদীক লৈ বিভিন্ন প্ৰচাৰ চলিছে৷ কিন্তু বিগত ২৩ বছৰে এজন জেহাদীয়েও অস্ত্ৰৰ কথা বাদ দিয়া এখন ব্লেডেৰেও ৰেপি মৰা নাই৷ যদি দেশবিৰোধী কাম কৰিছে তাত আপত্তি নাই৷ কিন্তু ৰাজনৈতিক স্বাৰ্থত যদি এনেকুৱা কৰা হয় তেন্তে ইয়াক সমৰ্থন কৰিব নোৱাৰি বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে ১৯৯৯ চনৰ পৰাই জেহাদী থকাৰ কথা উল্লেখ কৰিছে৷ কিন্তু এই ২৩ বছৰত এটা ফট্‌কাও ফুটুৱা নাই৷ এটা ঘটনাও সংঘটিত কৰা নাই৷ জেহাদী থকা বুলি কয় কিন্তু কোনো আক্ৰমণৰ ঘটনা সংঘটিত কৰা দেখা নগ’ল৷ গণেশগুৰি, পাণবজাৰত যেতিয়া ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল, সেই সময়ত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলোৱা হৈছিল যে জেহাদী-মৌলবাদী জড়িত৷ কিন্তু পিছত তদন্তত ওলাল এন ডি এফ বি জড়িত থকাৰ কথা৷ বিজেপিয়ে সময়ে সময়ে জনবিৰোধী বিষয়সমূহ তল পেলাবলৈ এনেধৰণৰ ইছু্যৰ সৃষ্টি কৰে বুলি বিধায়ক আমিনুলে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here