Home অসম শান্তিচুক্তিলৈ পাহাৰত অব্যাহত মিশ্ৰিত প্ৰতিক্ৰিয়া :এফালে উষ্ম আদৰণি আনফালে প্ৰতিবাদ

শান্তিচুক্তিলৈ পাহাৰত অব্যাহত মিশ্ৰিত প্ৰতিক্ৰিয়া :এফালে উষ্ম আদৰণি আনফালে প্ৰতিবাদ

247
0

গণ বাৰ্তা বিশেষ, ডিফু, ৬ ছেপ্তেম্বৰ: শান্তি চুক্তিক লৈ কাৰ্বি আংলঙ জিলাত অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া। দশকজোৰা শান্তি আলোচনা প্ৰক্ৰিয়াৰ অন্তত  যোৱা চাৰি ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰে কাৰ্বি আংলঙৰ অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ কৰা হৈছে যদিও পাহাৰীয়া জিলাত ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। আনহাতে, নতুন দিল্লীত চুক্তি স্বাক্ষৰকাৰীসকল আজি পুৱা গুৱাহাটীৰ পৰা ডিফু অভিমুখে যাত্ৰা কৰে। স্বাক্ষৰকাৰী দলটোক প্ৰথমতে সোণাপুৰত প্ৰথমতে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে বিভিন্ন দল-সংগঠনে  জাগীৰোড, পাৰখোৱা কঠীয়াতলী, হাওৰাঘাট, বকলীয়াঘাট আদি কৰি বহু স্থানত সম্বৰ্ধনা জনোৱা হয়। চুক্তি স্বাক্ষৰকাৰীসকলক ডিফুৰ জয়ছিং দলৈ সোঁৱৰণী প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব বুলি জানিব পৰা গৈছে। আনহাতে, ডিএনএলএক শান্তি আলোচনাৰ মাধ্যমেৰে পাৰ্বত্য জিলালৈ উন্নয়ন ত্বৰান্বিত কৰাৰ আহ্বান জনায়। আনহাতে, চুক্তি স্বাক্ষৰকাৰীসকলৰ দলটোক লৈ কাৰ্বি আংলঙৰ ৰাজপথত এক আবতৰীয়া দীপাৱলীৰ সৃষ্টি হয়। শাসকীয় পক্ষৰ লগতে চুক্তি স্বাক্ষৰকাৰী সংগঠনসমূহে এই চুক্তিৰ জৰিয়তে পাহাৰীয়া জিলাখনত উন্নয়নৰ এক নতুন ধাৰাৰ সৃষ্টি হোৱাৰ আশা প্ৰকাশ কৰাৰ বিপৰীতে চুক্তিখনক মানি নোলোৱাৰ হুংকাৰ দি পাহাৰীয়া জিলাখনৰ একাংশ দল-সংগঠনক প্ৰতিবাদমুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ।  চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে কালি দুপৰীয়াৰ ভাগত ২৪ সংগঠনৰ এক উমৈহতীয়া মঞ্চই ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শান্তি চুক্তিত সন্নিৱিষ্ট হোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে মুকলিকৈ সংৰক্ষিত কৰা ১০খনকৈ পৰিষদৰ আসনৰ বিৰোধিতা কৰাৰ লগতে চুক্তিৰ এই সুবিধাটো কাৰ্বি অনুসূচিত জনজাতিৰ অপৰিপন্থী বুলি সংগঠনকেইটাৰ নেতৃবৰ্গই মন্তব্য কৰিছিল। তদুপৰি কাৰ্বি শান্তি চুক্তিৰ বিৰোধিতা কৰি সংগঠনকেইটাই ডিফুৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজি শান্তি চুক্তি কৰা উগ্ৰপন্থী সংগঠনসমূহ গৃহ জিলাখনলৈ উভতি অহাৰ পৰিপ্ৰেক্ষিতত ডিফুৰ পৰা প্ৰতিবাদী সমদল কাৰ্যসূচী লোৱাৰ খবৰ ওলোৱাৰ লগে লগে জিলা আৰক্ষী প্ৰশাসন অধিক সষ্টম হৈ পৰি জিলাখনৰ নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। এই লৈ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় দুয়োটা প্ৰৱেশ দুৱাৰ নিৰাপত্তাৰক্ষীৰে ছীল কৰি দিয়ে। শান্তি আলোচনা কৰি গৃহজিলালৈ উভতি অহা দলটোৰ আদৰণি প্ৰক্ৰিয়াত যাতে বাধাৰ সৃষ্টি নহয় তাৰ বাবে শান্তি চুক্তিৰ বিপৰীত স্থিতি লোৱা অল পাৰ্টী হিলছ লীডাৰ্ছ কনফাৰেন্সৰ সভাপতি জে আই কাথাৰক আটক কৰি সন্ধিয়ালৈকে ডিফু থানাত ৰখা হয়। ইয়াৰোপৰি ২৪ অৰ্গেনাইজেচন নামৰ উমৈহতীয়া মঞ্চৰ আহ্বায়ক অবিনাশ  ৰংহাঙক আটক কৰি পিছত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। অবিনাশৰ বিৰুদ্ধে আৰক্ষীয়ে ডিফু থানাত এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। কাৰাগাৰলৈ লৈ যোৱাৰ পথত অবিনাশ ৰংহাঙে আৰক্ষীৰ আৱেষ্টনীৰ মাজৰ পৰা সাংবাদিকক উদ্দেশ্যি তুলিৰাম ৰংহাঙক কঠোৰ সমালোচনা কৰি কয় যে জনজাতিসকলৰ স্বাৰ্থত মাত মতাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছে। জাতিৰ বাবে তেওঁ ১০বাৰ জে’ললৈ যোৱাত আপত্তি নকৰে। লগে লগে তুলিৰাম ৰংহাঙে কোটি কোটি টকা দুৰ্নীতি সংঘটিত কৰিছে বুলি অভিযোগ কৰে অবিনাশ ৰংহাঙে। আনহাতে, আজি পশ্চিম কাৰ্বি আংলঙৰ খেৰণি-ডংকামোকাম সংযোগী পথৰ ফেলাংপীত কোনো অচিনাক্ত লোকে দুডাল প্ৰকাণ্ড গছ কাটি পথ অৱৰোধ কৰি যাতায়াত ব্যাহত কৰি তোলে বুলি জানিব পৰা গৈছে। উক্ত কাৰ্য শান্তি চুক্তিৰ বিৰোধিতা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here