Home গোৱালপাৰা পুনৰ সংস্থাপন অবিহনে উচ্ছেদ অভিযান বন্ধৰ দাবীত গোৱালপাৰাত উত্তাল প্ৰতিবাদ: উপায়ুক্তৰ জৰিয়তে...

পুনৰ সংস্থাপন অবিহনে উচ্ছেদ অভিযান বন্ধৰ দাবীত গোৱালপাৰাত উত্তাল প্ৰতিবাদ: উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ ১৫ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ

105
0


আনিছুল জামান, গোৱালপাৰা, ২৮ ছেপ্টেম্বৰ : শেহতীয়াকৈ ৰাজ্যখনত চলি থকা অশান্তজৰ্জৰ পৰিস্থিতিৰ লগতে ক’ভিড পৰিস্থিতিৰ জটিল সময়তে যি উচ্ছেদ আৰম্ভ হৈছে তাক তীব্ৰ ভাষাৰে গৰিহণা দি আজি গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে গোৱালপাৰা জিলা চিপিআইএমে৷ মূল্য বৃদ্ধি, ৰাজহুৱা খণ্ড বেচৰকাৰীকৰণৰ প্ৰতিবাদ, পুনৰ্সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী জনাই ভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ সম্প্ৰতি ৰাজ্যত চলা উচ্ছেদ অভিযান কাৰ্যত এনে অমানৱীয় ৰূপ আৰু সাম্প্ৰদায়িক বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে পৰিচালিত হৈছে ই অসমৰ আকাশ-পাতাল বিষাক্ত কৰি তুলিছে৷ বিকল্প চৰকাৰী ব্যৱস্থা নকৰাকৈ কোনোমতে চলি থকা ক’ভিড আৰু লকডাউনত সৰ্বস্বান্ত কৰা পৰিয়ালৰ লোকৰ ঘৰ-দুৱাৰ ভাঙি দিয়া হয় পুৰুষ-মহিলা, বৃদ্ধ, শিশুৰ চকুৰ সন্মুখতে গৃহ, তেওঁলোকৰ খেতিৰ মাটিও যেতিয়া কাঢ়ি লোৱা হয় তাৰ প্ৰতিবাদ হোৱাটো স্বাভাৱিক৷ ধলপুৰ অঞ্চলতে ৰাইজে তাৰ প্ৰতিবাদ কৰিছিল৷ কিন্তু জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে নিৰ্দয়ভাৱে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাৰ ফলত দুজনকৈ লোকৰ মৃত্যু হ’ল৷ বিজেপি আৰু আৰএছএছে অবিৰতভাৱে হিংসাৰে বিয়পাই থকা সাম্প্ৰদায়িক বিষ আৰু ঘৃণাই কিছুমান মানুহক কেনে অমানুষিক কৰি তুলিছে সেয়া অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে৷ এটা মৃতদেহৰ ওপৰত বীভৎভাৱে অমানুহ এজনে আৰক্ষীৰ সন্মুখতে নিথৰ দেহৰ ওপৰত বৰ্বৰতা কৰিলে, সেয়া কেতিয়াও ক্ষমাৰ যোগ্য নহয় বুলি বামপন্থী দলটোৱে স্মাৰক-পত্ৰত উল্লেখ কৰে৷ খাদ্য, পে¸’ট্ৰল, দৰিদ্ৰক বিনামূলীয়া চাউল, দাইল আটা, চেনি, নিমখ, লকডাউনত ক্ষতিগ্ৰস্ত লোকক আৰ্থিক সাহায্য দিয়া, ভেকচিন প্ৰদান, ৰাজহুৱা খণ্ড বেচৰকাৰী কৰা বন্ধ, কৃষি বিল বাতিল কৰা, মাটিৰ পট্টা, বানপানীৰ সমস্যা সমাধান কৰা, বাছৰ ভাৰা হ্ৰাস কৰা, ধলপুৰৰ উচ্ছেদ বন্ধ কৰা ইত্যাদি প্ৰায় ১৫ দফীয়া দাবীৰে এখন স্মাৰক-পত্ৰ গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here