Home স্থানীয় অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত আৰ,কে,মচাং মেমৰীয়েল ছচাইটি,ৰ উদ্যোগত কভিড ভেকচিন প্ৰদান

অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত আৰ,কে,মচাং মেমৰীয়েল ছচাইটি,ৰ উদ্যোগত কভিড ভেকচিন প্ৰদান

113
0

শৰৎ গগৈ, লেখাপানী , ১২ জুন : সমগ্র ভাৰতবৰ্ষৰ কভিড সংক্ৰমণৰ ভয়াবহতাই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত জাতি-জনগোষ্টীয় লোক সকলৰ জীৱন নিৰ্বাহৰ প্ৰতি এক শোচনীয় ৰূপ ধাৰণ কৰিছে । উত্তৰ পূৰ্বাঞ্চলৰ সীমামূৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত কভিড সংক্ৰমন দ্ৰুত গতিত বৃদ্ধি পোৱাত ৰাজ্য খনৰ স্বাস্থ্য বিভাগে জনগোষ্ঠীয় লোক সকলক কভিডৰ বিৰুদ্ধে সজাগ সচেতন কৰি তোলাৰ উপৰিও অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰ অঞ্চলত কভিডৰ প্ৰথম লহৰৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে ৰাজ্য খনৰ অন্যতম বৃহৎ বেচৰকাৰী অনুষ্ঠান আৰ. কে. মচাং মেমৰীয়েল ছচাইটিৰ এটা বৃহৎ দলে দৈনিক ৰাজ্য খনত বিভিন্ন পাহাৰীয়া অঞ্চলত বসবাস কৰা জনজাতি লোক সকলক কভিডৰ বিৰুদ্ধে সজাগ সচেতনতা আৰু সহায় সহযোগিতা আগবঢ়াই অহা পৰিলক্ষিত হৈছে । ১৯৯৩ চনতে প্ৰতিষ্ঠা হোৱা আৰ,কে,মচাং মেমৰীয়েল ছচাইটি নামৰ বেচৰকাৰী অনুষ্ঠানটোৱে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ অঞ্চলৰ গ্ৰাম্য আৰু পাহাৰীয়া অঞ্চলৰ বিভিন্ন গাঁৱৰ জনজাতি লোক সকলৰ মাজত শৈক্ষিক , সামাজিক, সাংস্কৃতিক, স্বাস্থ্য , কৃষি, প্ৰকৃতি সংৰক্ষণ, আত্মসহায়ক গোট, কাৰিকৰী শিক্ষা, নাৰী সৱলীকৰণৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে অঞ্চলটোৰ পিছ পৰি থকা জনজাতি লোক সকলক উপকৃত কৰি তোলাৰ ক্ষেত্ৰত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত ৰাজ্য খনৰ অন্যতম বেচৰকাৰী অনুষ্ঠানটোৰ গুৰি ধৰোতা একালৰ অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমেলি মচাং আৰু অৱসৰপ্ৰাপ্ত বন বিষয়া অৰোপ কুমাৰ চৌধুৰীৰ নেতৃত্বত গঢ় লৈ উঠা আৰ,কে,মচাং মেমৰীয়েল ছচাইটি অনুস্থানটোৱে উপৰোক্ত সমাজ কল্যান কাম কৰাৰ উপৰিও বৰ্তমান কভিড পৰিস্থিতিত আক্ৰান্ত হৈ বিপদাপন্ন হোৱা লোক সকলক খাদ্য সামগ্ৰী, চেনিটাইজাৰ, মাক্স বিতৰণ কৰাৰ উপৰিও কভিডৰ পৰা হাত সাৰিবলৈ জনজাতীয় লোক সকলক বিভিন্ন ঠাইত কভিড ভেকচিন প্ৰদান কৰাত স্বাস্থ্য বিভাগৰ লগতে চৰকাৰ আৰু জনসাধাৰণৰ তৰফৰ পৰা অনুষ্ঠানটোৱে বিশেষ ভাবে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here