Home Main Stories অইলৰ সমাজ কল্যাণমূলক আঁচনিৰ অধীনত চৰকাৰলৈ পাঁচ কোটি টকা প্ৰদান

অইলৰ সমাজ কল্যাণমূলক আঁচনিৰ অধীনত চৰকাৰলৈ পাঁচ কোটি টকা প্ৰদান

29
0

মাইনু মৰাণ, ডুমডুমা, ২৭ মেঃ অইলে চৰকাৰক পাঁচ কোটি টকা সাহায্য প্ৰদান কৰিছে। অইল ইণ্ডিয়া লিমিটেডে সমাজ কল্যাণমূলক আঁচনিৰ (চি.এচ.আৰ.) অধীনত আজি প্ৰধান মন্ত্ৰীৰ সাহাৰ্য নিধি, অসমলৈ পাঁচ কোটি টকা প্রদান কৰে । বৃহৎ ধন ৰাখিৰ চেকখন অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই গুৱাহাটীত আনুষ্ঠানিকভাৱে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্রদান কৰে । চেক প্ৰদান কৰাৰ সময়ত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিত্ত মন্ত্ৰী অজন্তা নেওগ, কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, এন.আৰ.এল.ৰ পৰিচালন সঞ্চালক এচ. কে. বৰুৱা, অইলৰ বিত্ত সঞ্চালক হৰিশ মাধৱ আৰু আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতি আদি কৰি অইল তথা অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে । এই কাৰ্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অইলক শলাগ লয় । প্ৰধান মন্ত্ৰী সাহাৰ্য নিধিলৈ এদিনৰ দৰমহা আগবঢ়োৱা প্ৰতিজন অইল কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, “অইলে কেৱল অসমক প্ৰগতিৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতে নহয়, ই ক’ভিড সংকটৰ সময়ত ৰাজ্যৰ সুস্বাস্থ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছে । বিভিন্ন ক্ষেত্ৰত অইল আৰু অসম চৰকাৰৰ যুটীয়া অংশীদাৰে ৰাজ্যখনৰ লগতে অসমৰ পেট্ৰলিয়াম উদ্যোগৰ বিকাশত সহায়ক হ’ব। দেশত অবিৰত শক্তিৰ যোগান নিশ্চিত কৰাৰ লগতে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ অইলে বিভিন্ন ৰাজ্য চৰকাৰক অৱদান আগবঢ়াইছে ।” উল্লেখযোগ্য যে, অইলে সমাজ কল্যাণমূলক আঁচনিৰ অধীনত অৰুণাচল প্ৰদেশৰ নামচাই, চাংলাং আৰু ইটানগৰৰ জিলা চিকিৎসালয়লৈ অক্সিজেন ছিলিণ্ডাৰত পুনৰ ভৰ্তিৰ বাবে তিনিটা তেলমুক্ত অক্সিজেন বুষ্টাৰ প্ৰদান, দেশৰ বিভিন্ন প্ৰান্তত ৩০০০ অক্সিজেন চিলিণ্ডাৰ যোগান আৰু প্ৰেৰণ, উত্তৰ প্ৰদেশৰ নয়ডাত ৫০ খন বিচনা সমৃদ্ধ অস্থায়ী ক’ভিড স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ বিহাৰ (৫), উত্তৰ প্ৰদেশ (২), নাগালেণ্ড (১) আৰু অৰুণাচল প্ৰদেশ(১) ত সৰ্বমুঠ ৯টা পি.এচ.এ. অক্সিজেন প্ৰকল্পৰ যোগান, স্থাপন আৰু কাৰ্যকৰীকৰণ কৰিছে। ঠিক সেইদৰে জেইচালমাৰৰ জিলা কৰ্তৃপক্ষক অক্সিজেন যোগানৰ বাবে তিনিখন বাউজাৰ তথা টেংকাৰ প্ৰদান কৰাৰ লগতে যোধপুৰ আৰু জেইচালমাৰ দুয়োখন জিলাৰ জিলা দণ্ডাধীশক ২৫ টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰিছে। ইপিনে, অসমত ভেকচিন ৰাখিবৰ বাবে চৰকাৰক দুটা আইচড লাইন ৰিফ্ৰিজিৰেটৰ, ভেকচিন ৰাখিবৰ বাবে অসম চৰকাৰক ৩৫ টা ডিপ ফ্ৰিজাৰ, অসমৰ তিনিচুকীয়া জিলাৰ ক’ভিড কেয়াৰ চেন্টাৰ নিৰ্মাণত সহযোগিতা, ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ ক’ভিড কেয়াৰ চেন্টাৰলৈ ১০০ খন বিচনা প্ৰদান, গুৱাহাটীৰ লখৰাস্থিত সৰুসোজাই ষ্টেডিয়ামত ডি.আৰ.ডি.অ.ৰ দ্বাৰা ৩০০ খন বিচনা সমৃদ্ধ ক’ভিড হস্পিটেল নিৰ্মাণত সহযোগিতা, অসমৰ গোৱালপাৰা আদৰ্শ জিলাত পি.এচ.এ. অক্সিজেন প্ৰকল্প স্থাপনত আৰ্থিক সাহাৰ্য প্ৰদান, ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ৪০ কি.লি. লিকুইড নাইট্ৰজেন টেংক স্থাপন, ডিব্ৰুগড় জিলাৰ টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ সাহাৰ্য প্ৰদান, অসম চৰকাৰলৈ ৫০০ অক্সিজেন কনচেনট্ৰেটৰ যোগান, দেশৰ বিভিন্ন প্ৰান্তত অতিৰিক্ত ১০০০ অক্সিজেন কনচেনট্ৰেটৰ যোগান, ৰাজস্থানৰ জোধপুৰ (১০) আৰু জেইচালমাৰ(১০) ৰ বাবে জিলা কৰ্তৃপক্ষক ২০ টা অক্সিজেন কনচেনট্ৰেটৰ যোগান দিছে বুলিও জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here