Home স্থানীয় পুৱতি নিশা চোৰাং চিকাৰীলৈ গুলী বোকাখাত আৰক্ষীৰঃ আহত আৰক্ষীৰ কনিষ্টবলোঃ

পুৱতি নিশা চোৰাং চিকাৰীলৈ গুলী বোকাখাত আৰক্ষীৰঃ আহত আৰক্ষীৰ কনিষ্টবলোঃ

65
0

গণ বাৰ্তা বিশেষ, বোকাখাত, ২২ জুলাইঃ বোকাখাত আৰক্ষীৰ এনকাউন্টাৰত কালি‍ পুৱতি নিশা আহত হৈছে এটা চোৰাং চিকাৰী৷ আনহাতে, এনকাউন্টাৰৰ সময়ত আহত হয় এজন আৰক্ষী কনিষ্টবলো৷ আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, কাজিৰঙাৰ দাঁতিকাষৰীয়া‍ পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টত সংঘটিত হয় এই ঘটনা ৷ চোৰাং চিকাৰীটোৰ নাম থাংগৌসিং ভি খামফৌপ’৷ উল্লেখ্য যে, যোৱা ১৩ জুলাইত মনিপুৰৰ চূড়াচান্দপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জেমী ৰিভলিউশ্বন্যৰী আৰ্মিৰ সদস্য তথা গঁড় হত্যাকাৰী থাংগৌসিং ভি খামফৌপ’ ক ৷ ২০২০ চনত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা চিঞ্জাচাম ভাল্টে নামৰ এটা গঁড় হত্যাকাৰীক গ্ৰেপ্তাৰৰ পাছতেই চিকাৰীটোৰ তথ্যৰ ভিত্তিত ১৯৫/২০ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল খামফৌপ ওৰফে পাঠানক৷ পূৰ্বে এন.এচ.চি.এন (আই.এম.) গোটৰ ৰ সদস্য আৰু বৰ্তমানৰ JEMI REVOLETION ARMY নামৰ উগ্ৰপন্থীটোৰ সদস্য বুলি তথ্য লাভ কৰা পাঠানক অসম আৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়াভাৱে‍ চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল৷ তাৰ পিছতেই, বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাই প্ৰথমে ৪ দিন আৰু পাছত ৬ দিনৰ জিম্মাৎ লৈছিল চিকাৰীটোক৷ অধিক তথ্যৰ সন্ধানত চিকাৰীটোক আৰক্ষীয়ে‍ জেৰা অব্যাহত ৰাখিছিল৷ আৰক্ষীৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি, বুধবাৰে মাজনিশা চিকাৰীটোৱে লুকুৱাই থোৱা মৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ নেতৃত্বত চিকাৰীটোক লৈ যোৱা হৈছিল৷ সেই সময়তে আৰম্ভ হৈছিল প্ৰচণ্ড বতাহ আৰু বৰষুণ৷ তাৰ মাজতেই চিকাৰীটোক লৈ আৰক্ষীৰ দলে পাণবাৰী সংৰক্ষিত বনাঞ্চলত মাৰণাস্ত্ৰ বিচাৰি থাকোতেই হঠাৎ সুযোগ বুজি চিকাৰীটোৱে কনিষ্টবল জুৱেল গগৈৰ ওপৰত জপিয়াই পৰে আৰু বন্দুক কাঢ়ি লয় ৷ ইফালে, আৰক্ষীক লক্ষ্য কৰি চিকাৰীটোৱে‍ গুলি কৰিব খোজোতেই আৰক্ষীয়েও চিকাৰীটোৰ ভৰিত গুলী কৰাত চিকাৰীৰ লগতে কনিষ্টবল গগৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৷ দুয়োকে বোকাখাতত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here