Home Main Stories জিলা চিভিল হাস্পাতালত নাই আইচিইউৰ ব্যৱস্হা : সদনত বিধায়ক ৰফিকুল ইছলাম

জিলা চিভিল হাস্পাতালত নাই আইচিইউৰ ব্যৱস্হা : সদনত বিধায়ক ৰফিকুল ইছলাম

42
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ মে’ : ৰাজ্যৰ জিলা চিভিল হাস্পতালসমূহত নাই আইচিইউৰ ব্যৱস্থা। ক’ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে আইচিইউৰ ব্যৱস্থা নথকাৰ বাবে ৰোগীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। যাৰ পৰিপ্ৰেক্ষিতত এজনৰ পিছত এজনকৈ লোকে অকাল মৃত্যুক সাবটি ল’বলগীয়া হৈছে। আজি ৰাজ্যপালৰ ভাষণৰ সংশোধনী প্ৰস্তাৱ আগবঢ়াই এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে কয় যে ৪০ পৃষ্ঠাৰ ভাষণত চৰকাৰে কি কৰিব তাৰ কিছু আভাস দিছে ৰাজ্যপালে। শিক্ষাক অতিকৈ গুৰুত্ব দিব লাগিব। যোৱা বছৰত ক’ভিড-১৯ৰ বাবে বহু ছাত্ৰ-ছাত্ৰী ক্ষতিগ্ৰস্ত হৈছে। কিন্তু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ ৰাজ্যপালৰ ভাষণত কোনো ধৰণৰ কথা উল্লেখ নাই। বহু বিদ্যালয়ত এতিয়ালৈকে শিক্ষকৰ পদ খালী হৈ আছে। এজন ছাত্ৰ কম হোৱাৰ বাবেই মহাবিদ্যালয়সমূহত অধ্যাপকৰ পদ প্ৰাদেশীকৰণ হোৱা নাই। বিশ্ববিদ্যালয় ঘোষণা কৰা হ’ল, কিন্তু শিক্ষক নিযুক্তি দিয়া হোৱা নাই। এইক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে। ইপিনে ৰাজ্যপালৰ ভাষণৰ সংশোধনী প্ৰস্তাৱ আগবঢ়াই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে বহু মূল কথা ভাষণত অন্তৰ্ভুক্ত হোৱা নাই। যোৱাবাৰ ১৪ মাহ আগতে বিৰোধী বিধায়কসকলে এমাহৰ দৰমহা দিয়াৰ কথা কৈছিল। চৰকাৰে কেইবাখনো অস্থায়ী চিকিৎসালয় নিৰ্মাণৰ কথা কৈছে। কিন্তু বৰ্তমান সেই অস্থায়ী চিকিৎসালয় দেখা নাই। এতিয়া বহু লোকে ভেকচিনৰ বাবে হাহাকাৰ কৰিছে। ভেকচিন সকলোৱে লাভ কৰিব লাগে। বহু লোকে অনলাইনত নাম পঞ্জীয়ন কৰিব পৰা নাই। ৬০ লাখ লোকৰ দৈনন্দিন জীৱন-যাত্ৰা ব্যাহত হৈছে লকডাউনত। ছয় জনগোষ্ঠীৰ জনজাতিৰ প্ৰসংগ উত্থাপন কৰিছিল, কিন্তু নকৰিলে জনজাতিকৰণ। ৰাজ্যপালৰ ভাষণত নাই অসম চুক্তিৰ কথা। যোৱা সময়ছোৱাত চৰকাৰে ঘোষণা কৰিছিল যে খিলঞ্জীয়াক মাটিৰ পট্টা দিব। কিন্তু আজিও বহু লোক গৃহহীন হৈ বহু লোকে মথাউৰিতে থাকিবলগীয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here