Home অসম ৰহাৰ জোঙাল বলহু গড় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ : ৫০ কোটিৰো অধিক পুঁজি ব্যয়ৰে...

ৰহাৰ জোঙাল বলহু গড় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ : ৫০ কোটিৰো অধিক পুঁজি ব্যয়ৰে জোঙাল বলহু গড়ক এক আকৰ্ষণীয় পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি

329
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ মাৰ্চ: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি তিৱা জনগোষ্ঠীৰ কিংবদন্তি বীৰ পুৰুষ জোঙাল বলহুৰ নামেৰে নামাংকিত ৰহাৰ ঐতিহ্যমণ্ডিত জোঙাল বলহু গড়ত উপস্থিত হৈ প্ৰায় চাৰি কিলোমিটাৰ পদব্ৰজে ভ্ৰমণ কৰি গড়টো চৰজমিন পৰিদৰ্শন কৰে৷ ইয়াৰ পাছতে জোঙাল বলহু গড় তথা মীনপামৰ চৌহদত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি ৫০ কোটিৰো অধিক পুঁজি ব্যয়েৰে জোঙাল বলহু গড়ক পুনৰুজ্জীৱিত কৰাৰ লগতে বিভিন্ন উপাদানৰ সংযোজনেৰে এই গড়ক এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এক বিস্তৃত প্ৰকল্প হাতত লোৱা হ’ব৷ পৰৱৰ্তী তিনি-চাৰিমাহৰ ভিতৰতে এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দি তেওঁ কয় যে প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে জোঙাল বলহু গড় মধ্য অসমৰ এক জাকতজিলিকা পৰ্যটনথলী হৈ উঠিব৷ প্ৰকল্পটোৰ সবিশেষ ব্যাখ্যা কৰি ড॰ শৰ্মাই কয় যে কাম-কাজখিনিক মুঠ তিনিটা ভাগত বিভক্ত কৰা হ’ব, গড়ৰ দুয়ো মূৰৰ দুটা অংশ আৰু মাজৰ মূল অংশ৷ তেওঁ কয় যে এই অভিলাষী প্ৰকল্পৰ অংশ হিচাপে এই স্থানত এটা প্ৰেক্ষাগৃহ আৰু এক মুকলি মঞ্চও নিৰ্মাণ কৰা হ’ব৷ শিশু উদ্যান, প্ৰমোদ উদ্যান, শব্দ আৰু পোহৰ প্ৰদৰ্শনী আদিৰো ব্যৱস্থা থাকিব৷ জলৰাশিৰ ওপৰেৰে কেইবাখনো ওলোমা দলং নিৰ্মাণ কৰা হ’ব৷ বিশাল প্ৰকল্প চৌহদৰ ভিতৰত পৰ্যটকৰ ভ্ৰমণৰ সুবিধাৰ বাবে বিদ্যুৎচালিত ৰিক্সা, খোৱা-বোৱাৰ সুবিধাৰ বাবে কেফেটেৰিয়াৰো ব্যৱস্থা থাকিব৷ মুঠতে জোঙাল বলহু গড়ক দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ আজিৰ এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদমন্ত্ৰী পীয়ূষ হাজৰিকা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীও উপস্থিত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here