Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কৃষকৰ পৰিয়ালক সাহায্যৰ দাবীৰে লোকসভাত ৰাহুল গান্ধী

কৃষকৰ পৰিয়ালক সাহায্যৰ দাবীৰে লোকসভাত ৰাহুল গান্ধী

186
0

নতুন দিল্লী, ৭ ডিচেম্বৰ : তিনি কৃষি আইন বাতিলৰ দাবীৰে এবছৰ ধৰি সংগঠিতভাৱে দিল্লীৰ সীমান্তত আন্দোলন চলাই থকাৰ সময়ছোৱাত প্ৰায় সাতশ কৃষকৰ মৃত্যু ঘটিছে৷ লোকসভাৰ মজিয়াত আজি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে কয় যে যিসকল কৃষকে কৃষি আন্দোলনৰ সময়ছোৱাত মৃত্যুক আঁকোৱালি লৈছে, সেইসকল কৃষকৰ পৰিয়ালক কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য দিব লাগে৷ এয়া তেওঁলোকৰ অধিকাৰ বুলি উল্লেখ কৰি লোকসভাৰ শূন্যকালীন ঘণ্টাত কৃষকৰ বিষয়টো উত্থাপন কৰি ৰাহুল গান্ধীয়ে আৰু কয় যে পঞ্জাব চৰকাৰে কমেও চাৰিশ কৃষকৰ পৰিয়ালক পাঁচ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে আৰু ১৫২ জনক চৰকাৰী চাকৰি প্ৰদান কৰিছে৷ যি সময়ত চৰকাৰে কৃষক আন্দোলনত মৃত্যু ঘটা কৃষকৰ তথ্য তেওঁলোকৰ হাতত নাই বুলি উল্লেখ কৰিছে, তেনে সময়তে ৰাহুল গান্ধীয়ে আজি কৃষি আন্দোলনৰ সময়ছোৱাত মৃত্যু ঘটা চাৰিশ কৃষকৰ তালিকা লোকসভাৰ মজিয়াত তুলি ধৰে৷ মৃত কৃষকৰ তালিকা তুলি ধৰি তেওঁ কয় যে তেওঁলোকৰ পৰিয়ালে আৰ্থিক সাহায্য পাব লাগে, এয়া কৃষকৰ অধিকাৰ৷ বিজেপি শাসিত হাৰিয়ানা চৰকাৰক লক্ষ্য কৰি কয় যে ৰাজ্যখনত কৃষি আন্দোলনৰ সময়ছোৱাত ৭০জন কৃষকৰ মৃত্যু ঘটিছে৷ কৃষক আন্দোলনৰ সময়ছোৱাত কমেও সাতশজন কৃষকৰ মৃত্যু ঘটিছে৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশ আৰু কৃষকৰ ওচৰত ক্ষমা বিচাৰিব লাগে৷ যিহেতু প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভুল হৈছে৷ আনহাতে কৃষিমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে তেওঁলোকৰ হাতত মৃত কৃষকৰ তথ্য নাই বুলি উল্লেখ কৰিছে যিটো দুৰ্ভাগ্যজনক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here