Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ৰাহুলেই ডুবাইছে কংগ্ৰেছ দল : আজাদৰ পিছত তেলেংগানাৰ জ্যেষ্ঠ নেতা এম এ...

ৰাহুলেই ডুবাইছে কংগ্ৰেছ দল : আজাদৰ পিছত তেলেংগানাৰ জ্যেষ্ঠ নেতা এম এ খানৰ কংগ্ৰেছ ত্যাগ

170
0


বিশেষ প্ৰতিনিধি, ২৮ আগষ্ট ঃ ভাৰতৰ ৰাজনৈতিক ইতিহাসত মহাপৰাক্ৰমী কংগ্ৰেছ দলৰ বিপৰ্যয় নিতান্তই দুৰ্ভাগ্যজনক৷ ১৩৭ বছৰীয়া কংগ্ৰেছৰ ধবংসৰ কাৰণবোৰ এতিয়াও বিশ্লেষণ কৰা নাই আৰু গান্ধী পৰিয়ালত শৰণ লোৱা নেতাসকলে দলটোৰ সংস্কাৰ সাধন কৰিব বিচৰা নাই৷ সৌসিদিনা দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মহাবিস্ফোৰণ ঘটাই দলটোৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে দল ত্যাগ কৰাৰ পিছত দেশৰ বিভিন্ন ৰাজ্যত ইজনৰ পিছত সিজনকৈ কংগ্ৰেছ নেতাই দেশৰ পুৰণি দলটো ত্যাগ কৰাৰ ধুম উঠিছে৷ এক কথাত ক’বলৈ গ’লে কংগ্ৰেছ যে এতিয়া বিভক্ত হৈ পৰিছে, তেলেংগানাৰ নেতা এম এ খানে এইবাৰ শতিকা পুৰণি দলটোৰ ‘হাত’ৰ পৰা এৰা দিয়াৰ কথাই চিন্তিত কৰি তুলিছে দলটোৰ শীৰ্ষ নেতৃত্বক৷ খানে দলৰ নেতৃত্বলৈ তেওঁৰ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছে৷ খানৰ পদত্যাগ-পত্ৰতো শুনা গৈছে জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ দৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভৰ প্ৰতিধবনি৷ খানে পদত্যাগৰ পিছতে কয়– ‘ৰাহুল গান্ধী হৈছে দলৰ পতনৰ কাৰণ৷’ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ হৈছে ৰাহুল গান্ধীয়েই৷ তেওঁ কয়– ‘মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছোঁ৷ ৰাহুল গান্ধীয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পিছত দলটো ডুবিবলৈ আৰম্ভ কৰিছিল৷ তেওঁৰ চিন্তাবোৰ বেলেগ৷ তেওঁৰ চিন্তা কাৰো সৈতে মিলা নাই৷ খণ্ড স্তৰৰ পৰা বুথ স্তৰলৈকে কোনো নেতাৰ সৈতে তেওঁৰ চিন্তাৰ কোনো সাদৃশ্য দেখা পোৱা নাযায়৷’ ৰাহুলক সমালোচনা কৰি তেলেংগানাৰ কংগ্ৰেছৰ নেতাজনে লগতে কয়– ‘দশকজুৰি দলটোৰ ভেটি শক্তিশালী কৰা সকলো জ্যেষ্ঠ নেতাই এতিয়া পদত্যাগ কৰিছে৷ ৰাহুল গান্ধীয়ে জ্যেষ্ঠ নেতাসকলৰ সৈতে কেনেদৰে আচৰণ কৰিব লাগে নাজানো৷’ খানে বিশ্বাস কৰে যে যিধৰণে এজনৰ পিছত এজন নেতাই দল ত্যাগ কৰিছে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ বাবে নিৰ্বাচনী বৈতৰণী অতিক্ৰম কৰাটো কঠিন হ’ব৷ কংগ্ৰেছ নেতাসকলৰ দলত্যাগ সন্দৰ্ভত তেওঁ কয়– শীৰ্ষনেতাসকলে দল ত্যাগ কৰিবলৈ বাধ্য হৈছে৷ কিয়নো শীৰ্ষ নেতৃত্বই পণ্ডিত নেহৰু, ইন্দিৰা গান্ধী, সঞ্জয় গান্ধী, ৰাজীৱ গান্ধীৰ আদৰ্শ জীয়াই ৰাখিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ উল্লেখ্য, জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদে শুকুৰবাৰে কংগ্ৰেছ ত্যাগ কৰিছিল৷ কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ লিখা পাঁচ পৃষ্ঠাৰ পদত্যাগ-পত্ৰত আজাদে ৰাহুলকো কাঠগড়াত উঠাইছিল৷ তেওঁ ৰাহুলৰ ‘অপৰিপক্বতা’ৰ বিষয়ে সোচ্ছাৰ হৈ পৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here