Home স্থানীয় ধনশ্ৰী চাহবাগিছাৰ ছাত্রীক ধৰ্ষন কৰি হত্যা কৰা ৰাজেশ মুণ্ডাৰ আৰক্ষীৰ গুলিত নিহত

ধনশ্ৰী চাহবাগিছাৰ ছাত্রীক ধৰ্ষন কৰি হত্যা কৰা ৰাজেশ মুণ্ডাৰ আৰক্ষীৰ গুলিত নিহত

190
0

গণ বাৰ্তা ,ওৰাং ,১৬ মাৰ্চ : ধনশ্ৰী চাহবাগিছাৰ ৫ নম্বৰ লাইনৰ ৰীনা মুণ্ডা নামৰ ৭ বছৰীয়া এন.চি মনাই প্রাথমিক বিদ্যালয়ৰ প্রথম মানৰ ছাত্রী গৰাকীক ১০ মাৰ্চৰ নিশা একেখন গাওঁৰে ৰাজেশ কিষানৰ বিবাহ ঘৰত নাচ গানত মতলীয়া হৈ থকা অৱস্থাত ৰৌতাগাওঁ ভিচিডিচিৰ এন.চি বাহিপুখুৰীৰ পাঠকপুৰ নিৱাসী ধনীৰাম মুণ্ডাৰ পুত্র পাচ গৰাকী পত্নীৰ স্বামী ৰাজেশ মুণ্ডাই (২৮) নিশা ফুচুলাই নি ধনশ্ৰী চাহবাগিছাৰ ৫ নম্বৰ লাইনৰ চাহ গছৰ মাজত উপয্যুপৰি ধৰ্ষন কৰে আৰু তাৰ পিছত হত্যা কৰি ঘটনাস্থলীত পেলাই থৈ পলায়ন কৰে৷ ১১ মাৰ্চ বৃহস্পতিবাৰে মৃতদেহ উদ্ধাৰৰ লগে লগে লালপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন প্রচেষ্টাৰে তদন্ত প্রক্ৰিয়া আৰম্ভ কৰে৷ বিবাহ ঘৰৰ লোক, মিতিৰ – কুটুম, ওচৰ- চুবুৰীয়া ইত্যাদি ব্যক্তিক সোধ- পোছ কৰি তেখেত সকলৰ মবাইলত থকা ফটোসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰি ফটোত থকা ব্যক্তিসকলৰ গুণ গৰিমা নিৰিক্ষণ কৰাৰ অন্তত আৰক্ষীৰ সন্দেহ ওপজে ৰাজেশৰ ওপৰত৷ ম’বাইলৰ ফটোত থকা প্রতিগৰাকী ব্যক্তিক লালপানী আৰক্ষীয়ে লগ কৰি কথা- বতৰা পাতিছে যদিও ৰাজেশে আৰক্ষীক লগ দিয়াৰ বিপৰীতে পলাই ফুৰিছে৷ এনেবোৰ কাৰ্যৰ বাবে ৰাজেশৰ ওপৰত সন্দেহ ঘনীভূত হয় লালপানী আৰক্ষীৰ৷ ৰাজেশক বিচাৰি লালপানী আৰক্ষীয়ে ঢোকে- ঢোকে পানী খাইছে৷ লালপানী আৰক্ষী মুৰৰ কামোৰণী হৈ পৰা ৰাজেশে আৰক্ষীৰ চকুত ধুলি দি ইখন গাওঁৰ পৰা সিখন গাওঁ ,ইঘৰৰ পৰা সিঘৰৰ লৈ ঘনাই স্থান সলনি ফুৰিছিল৷ জানিব পৰা, মতে, ৰাজেশৰ পাচ গৰাকী পত্নী আছে৷ ৰাজেশক ধৰিবলৈ সঠিক সম্ভেদ লাভ নকৰাত উপায়ন্তৰ হৈ তাৰ ম’বাইল নম্বৰ ট্রেগ কৰি অৱস্থিতি ধৰা পেলাই লালপানী আৰক্ষীয়ে৷ সেই সূত্রে কামৰূপ গ্রাম্য জিলাৰ চাংচাৰীস্থিত লোৰ উদ্যোগত কৰ্মৰত অৱস্থাত ১৪ মাৰ্চৰ নিশা লালপানী আৰক্ষীয়ে ৰাজেশক গ্রেপ্তাৰ কৰি ওডালগুৰি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ধাৰাবাহিক ভাৱে ৫ ঘন্টা জেৰা কৰে যদিও সঠিক তথ্য লাভ নকৰিলে৷ তাৰ পৰা মাজবাট থানালৈ আনি আকৌ মাৰাথান জেৰা আৰম্ভ কৰাৰ অন্তত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি এফালৰ পৰা সমগ্র ঘটনাটোৰ বিৱৰণী দি যায় ৰাজেশে ৷ তদন্তৰ বাবে ৰাজেশক লৈ ১৫ মাৰ্চ মঙ্গলবাৰে নিশা ঘটনাস্থলী পৰিদৰ্শন কৰে লালপানী আৰক্ষীয়ে৷ ঘটনাস্থলীৰ পৰা মাজবাট থানালৈ উভতি অহাৰ সময়ত ওৰাং – ৰূপা পথৰ ভস্কবাৰী কেকুৰীত আৰক্ষীৰ দুখন বাহনৰ গতি কমি যোৱাত পিছৰ বাহনখনত থকা ৰাজেশে হেণ্ডকাফসহ চলন্ত গাড়ীৰ পৰা জপিয়াই পলাবলৈ ধৰাত বাহনত থকা আৰক্ষীৰ মাজত হৈ চৈ লাগে৷ ৰাজেশক ধৰিবলৈ চলন্ত গাড়ীৰ পৰা জপিয়াবলগীয়া হোৱাৰ বাবে কেবাগৰাকীয়ো আৰক্ষী গুৰুত্বৰ ভাৱে আঘাত প্রাপ্ত হয়৷ তেতিয়া নিশা ২.২০ বাজিছিল৷ আৰক্ষীৰ কথা নুশুনি আন্ধাৰৰ সুযোগ লৈ পলাবলৈ ধৰাত উপায়ন্তৰ হৈ আৰক্ষীয়ে ভৰিলৈ বুলি গুলি চলায়৷ বন্দুকৰ শব্দ শুনি সি আত্মৰক্ষাৰ বহি যায় যদিও তাৰ পিঠিয়েদি গুলি সোমাই পেটেৰে ওলাই যায়৷ তেজেৰে লুতুৰি পুতুৰি হোৱা ৰাজেশক আৰক্ষীৰ বাহনত উঠাই চিকিতসাৰ বাবে মহলীয়াপাৰা আদৰ্শ চিকিতসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে৷ চিকিতসা চলি থকাৰ সময়তে ৰাজেশে শেষ নিশ্বাস ত্যাগ কৰে বুলি চিকিতসকে জানিবলৈ দিয়ে৷ চিকিতসালয়ৰ পৰা ৰাজেশৰ মৃতদেহ মাজবাট থানালৈ আনি তাৰ পৰা মৰোণত্তৰ পৰীক্ষাৰ বাবে ওডালগুৰি অসামৰিক চিকিতসালয়লৈ প্রেৰণ কৰে৷ লালপানী আৰক্ষীক প্রশংসাৰে উপছাই পেলাছে মাজবাটবাসীয়ে৷মাজবাট অপৰাধীৰ ভূস্বৰ্গ হব দিব নোৱাৰি বুলি ৰাইজে মন্তব্য আগবঢ়াইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here