গণবাৰ্তা বিশেষ, যোৰহাট, ২২ জুন : যোৰহাটৰ এন জে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চুটি ছবি “অনীহা” ৰ পৰিচালক, নৱ প্ৰজন্মৰ দুজন প্ৰতিভা, যোৰহাট স্প্ৰিংডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু যোৰহাটৰে এজন প্ৰতিভাবান যুৱক মৃগাঙ্ক মাইনাই ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ অন্তত বিচাৰক সকলে পূৰৱ আৰু মৃগাঙ্কক ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালক হিচাবে ঘোষণা কৰে।উল্লেখযোগ্য যে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলে অনুষ্ঠিত কৰিবলগীয়া আন এক সন্মানীয় গ’ল্ডেন শ্বীল এৱাৰ্ডৰ বাবেও “অনীহা”ই মনোনয়ন লাভ কৰিছে।এন জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত যোৱা ৫ জুনত বিশ্ব পৰিবেশ দিৱসৰ দিনা মুক্তি দিয়া “অনীহা” চুটি ছবিখনৰ কাহিনী পৰিবেশৰ ওপৰত আধাৰিত। এটা গছ পুলি ৰুবৰ বাবে মানুহৰ যি অনীহা বা অনাদৰ হয় সেই ঘটনাক প্ৰতিফলিত কৰি ছবিখনত পৰিচালকদ্বয়ে সুন্দৰ ভাবে উপস্থাপন কৰিছে। ছবিখনত অভিনয় কৰিছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা আৰু পায়েল শৰ্মাই।
Home বিনোদন ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত “অনীহা”ৰ পৰিচালক পূৰৱ আৰু মৃগাঙ্কলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান