Home অসম অসমীয়া জাতিৰ স্তম্ভ, ৰঙালী বিহু : এতিয়া- পথাৰ, পদূলি, চোতালৰ বিহু গৈ...

অসমীয়া জাতিৰ স্তম্ভ, ৰঙালী বিহু : এতিয়া- পথাৰ, পদূলি, চোতালৰ বিহু গৈ মঞ্চত—কিছু চিন্তনীয় কথা

142
0

বাবু মণি শৰ্মা, ২৩ এপ্ৰিল : ফাগুনে কঢ়িয়াই আনে ব’হাগৰ বতৰা৷ প্ৰকৃতিৰে এই সময়ত নতুন ৰূপ লয়৷ গছত কোমল কুঁহিপাত ওলায়৷এই অপূৰ্ব ৰোমাণ্টিক পৰিৱেশৰ আঁৰে আঁৰে কুলিৰ শুৱলা মাত৷ গছ আৰু মানুহৰ সম্বন্ধক নিবিড় কৰি তোলাত বিহুৰ এক সুকীয়া ভূমিকা আছে৷ গছৰ ফুল- ফল ,পাত- ছাঁ সকলোৱে বিহুত নিজা নিজা স্থান আছে৷ বিহু অসমীয়া জাতীয় জীৱনৰ মান,সভ্যতাৰ মাপকাঠি আৰু সম্প্ৰীতিৰ এনাজৰী৷ প্ৰতিটো জাতিৰে একোটা স্বকীয় বৈশিষ্ট্য আছে৷ অসমীয়া জাতিৰ নিজস্ব সাংস্কৃতিক বৈশিষ্ট্য হ’ল বিহু৷ কৃষিজীৱী জনসাধাৰণৰ মাজলৈ আনন্দ আৰু সৃষ্টিৰ বতৰা হৈ আহে বিহু৷ বিহু মুখ্যতঃ প্ৰকৃতিৰ লগত জড়িত৷ সেয়েহে সংপৃক্ত হয় কৃষিজীৱী জনসাধাৰণৰ লগত৷ বছৰৰ এইখিনি সময়ত ন-ৰূপত উজ্জীৱিত হোৱা প্ৰকৃতিৰ সৌন্দৰ্যত কৃষকৰ মন প্ৰাণ উৎফুল্ল হৈ পৰে৷ সৌন্দৰ্যৰে উপচি পৰা প্ৰকৃতিৰ মাজত থাকে সৰলতা, অন্তৰংগতা আৰু স্বত:স্ফূৰ্ততা৷বহাগৰ বতাহ জাকত মন উতলা হয় ডেকা গাভৰু সকলৰ মাজত৷ অসমৰ আকাশে বতাহে ঢোল, পেপাঁ, গগণা, কুলিৰ মিঠা মাতৰ লগতে শিপিনীৰ তাঁতশালৰ খটখটনিত প্ৰতিজন অসমীয়াৰ অন্তৰত প্ৰাণ পাই উঠে৷ গাভৰু শিপিনীৰ তাঁতশালৰ খটখটনিত ফুল বচা গামোচা খনিয়ে এক প্ৰেমৰ বাৰ্তা বহন কৰে৷ জনবিশ্বাস মতে, ডেকা-গাভৰু সকলে আহঁত গছৰ তলত বা মুকলি পথাৰত বিহু নাচিলে পৃথিৱী উৰ্বৰা হয় ৷ সেয়ে বছৰটোৰ দুখ, কষ্ট,যাতনা পাহৰি কৃষিজীৱি বিহুৱা ডেকাই গায়———গ্ধনেখায় চাৰি সাঁজ থাকিব পাৰো মইগ্ধ , গ্ধবহাগৰ বিহুৰে লগতগ্ধ , গ্ধএপৰ দুপৰ কৰি ৰাতি পাৰো মইগ্ধ — গ্ধআমাৰ বিহুত আমনি নাইগ্ধ গ্ধৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াইগ্ধ – গ্ধআমাৰ বিহু ভাঙোতা নাইগ্ধ ব’হাগৰ বিহুটিত আনন্দ উল্লাসৰ মাজেৰে ডেকা, গাভৰু,বোৱাৰী সকলোৱে দিন ৰাতি একাকাৰ কৰি আনন্দত উৎফুল্ল হৈ পৰে৷ বৈষ্ণৱ যুগত হুঁচৰিত আছিল— ‘‘কৃষ্ণাই মূৰতে বকুল ফুল এপাহি, নিয়ৰ পাই মুকলি হ’লে অই গোবিন্দাই ৰাম’’৷ এসময়ত বিহু কৃষিজীৱি জনসাধাৰণৰ মাজতেই সীমাবদ্ধ আছিল যদিও প্ৰায় ১৭০৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ গদাধৰ সিংহৰ জ্যেষ্ঠ পুত্ৰ লাই ওৰফে ৰুদ্ৰ সিংহই ৰঙালী বিহুক ৰাজকীয় মৰ্যদা প্ৰদান কৰে৷ ৰংঘৰৰ বাকৰিত ৰাজপৰিয়ালে আনুষ্ঠানিক ভাৱে আয়োজন কৰা বিহু গীত হ’ল— গ্ধস্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈগ্ধ — গ্ধদুলীয়াই পাতিলে দোলাগ্ধ – গ্ধগাত জিলিকিলে মকলে কুণ্ডলেগ্ধ — গ্ধগাত গামোচাৰ চোলাগ্ধ’’৷ তেতিয়াৰ পৰা বিহু নাচত ব্যৱহৃত সাজপাৰ সুকীয়া৷ থলুৱা ভাৱে উৎপাদন কৰা মুগা সূতা এক অপৰিহাৰ্য্য অংগ৷ বিহু নাচনীয়ে ৰঙা ফুলৰ মেখেলা- চাদৰ আৰু ৰঙা বা মুগাৰ হাত দীঘল ব্লাউজ পৰিধান কৰে৷ নাচনীয়ে খোপাত কপৌফুল বা বসন্ত ঋতুত ফুলা তগৰ,চম্পা ফুল আদি৷ হাতত জেতুকাৰ বুলনিয়ে ৰঙীন কৰি তোলে৷ বিহুৱা ডেকা সকলে বগা কপাহী সূতাৰে কটা চুৰিয়া, মুগাৰ কামিজ,হাতত ৰঙা হাঁচতি, কঁকাল ৰঙা টঙালি আৰু মূৰত গামোচা বান্ধে৷ বিহুৱা সকলে ঢোল, পেঁপা,তাল,টকা, বাঁহী আৰু গগনা আদি বাদ্য বজায়৷ নাচনী সকলে গগনা, সুতুলি আৰু টকা বাদ্য ব্যৱহাৰ কৰিছিল৷কেৰু,মণি,খাৰু, আঙঠি আদি প্ৰধান নাচনীৰ অলংকাৰ আছিল৷ গৰু বিহুৰ দিনা কৃষিজীৱি সমাজে গৰুক লক্ষ্মী জ্ঞান কৰি সেৱা কৰাৰ উদ্দেশ্যে এইবিহুৰ নাম ৰাখিলে গৰু বিহু৷গৰু বিহুৰ দিনা গৃহস্থই সোনকালে শুই উঠি গোহালিত থকা গৰুক লক্ষ্য কৰে৷ যদি গোহালিত গৰু শুই থকা দেখা পাই তেন্তে আগন্তুক বৰ্ষত খৰাং হ’ব আৰু জাগি থকা দেখিলে বানপানী হ’ব বুলি বিশ্বাস কৰে৷ গৃহস্থই পুৱাৰ ভাগত দীঘলতিৰ ঠাৰিৰে কোবাই গৰুক নৈ,বিল, পুখুৰীৰ পাৰলৈ লৈ যায়৷গৰুক মা, হালধি সানি গা ধুৱাই ৷ বিশ্বাস মতে,মহাদেৱক সস্তুষ্ট কৰিবৰ বাবে এডাল ত্ৰিশূল আকৃতিৰ বাঁহৰ চাটত লাউ, বেঙেনা, থেকেৰা, হালধি আদি চকল চকলৈ সুমুৱাই লোৱা হয়৷ তাৰ পৰা গৰুৰ গালৈ ছটিয়াওঁতে গোৱা হয়—— লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু, বাপেৰে সৰু, তই হবি বৰ গৰু৷ লাউ বেঙেনা ছটিওঁৱা চাটডাল আনৰ লগত সলনি কৰিলে অপায় অমংগল দূৰ হয় বুলি বিশ্বাস কৰে৷ সেইদিনা লাউ বেঙেনাৰ চকলবোৰে তৈয়াৰী চাটডাল ভৰাঁল ঘৰৰ ছালত বা গোহালিত গুজি ৰাখিলে লক্ষ্মীয়ে বাহ লয় আৰু গৰুৰ বেমাৰ নহয় বুলিও বিশ্বাস কৰে৷ সেইদিনা চাটৰ কেঁচা হালধি খালে চৰ্মৰোগ নহয় বুলি জনবিশ্বাস আছে আৰু পৰিয়ালৰ লোকে চাটৰ কেঁচা হালধি খায়৷গধূলি ঘৰলৈ গৰু আনি বিহুৱান হিচাপে গৰুক নতুন পঘা দিয়া হয় আৰু গৰুৰ অপায় অমংগল নহ’বৰ বাবে জাগ বা ধোঁৱা দিয়া হয়৷ বিহলঙনী,বেতৰ পাত, বৰলীয়া,কেঞা কঁঠাল, মাখিয়তী, বিহঢেঁকীয়া,ধতুৰা, পচতীয়া, দীঘলতি,কটা খুতৰা,ভাং আদি তুঁহৰ জুইত জাগনি দি তাত বিচনীৰে বিচি দিয়ে৷সেই নিয়মত আচলতে বিজ্ঞান নিহিত হৈ আছে৷ সেইদিনাৰ পৰা মানুহে বিচনী ব্যৱহাৰ কৰি আহিছে৷লগে ভাগে ব’হাগ বিহুত হুঁচৰি গোৱাটো আন এক বৈজ্ঞানিক সমাজবাদৰ নিদৰ্শন৷ কৃষিজীৱী জনসাধাৰণে কৃষিকৰ্ম আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত একেলগে ঘৰে ঘৰে গৈ হুঁচৰি গাই বছৰটোৰ বাবে গৃহস্থৰ কল্যাণ কামনা কৰে৷সেয়া আছিল সেইসময়ৰ সামাজিক ঐক্য, সম্প্ৰীতি আৰু সংহতি নিকপকপীয়াকৰণৰ এক উজ্জ্বল দৃষ্টান্ত৷ গ্ধগোহালিত গৰু বোলো হওকগ্ধ – গ্ধপুখুৰীত মাছ বোলো হওকগ্ধ – গ্ধভঁৰালত ধান বোলো হওকগ্ধ – গ্ধগৃহস্থৰ কুশলাৰ্থে হৰি বোলা,জয় অ ৰাম বোলাগ্ধ —— এনেদৰে কৃষিজীৱি জনসাধাৰণে হুঁচৰি গাই কৃষিকৰ্মৰ উন্নতিৰ লগতে গৃহস্থক আৰ্শীবাদ দিয়ে৷ আহোম ৰজাই বিহুক ৰাজকীয় মৰ্যদা প্ৰদান কৰি বৃহৎ অসমীয়া জাতি- জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধিব চেষ্টা কৰিছিল৷ সমগ্ৰ জাতিসত্তা এক দেহ,এক মন, এক প্ৰাণ এই আদৰ্শৰে উদ্বুদ্ধ হৈছিল বিহু উদযাপনৰ জৰিয়তে৷ তাৰ পিছত আহোম ৰাজত্বৰ পৰা ব্ৰিটিছ ৰাজত্বলৈ পট পৰিৱৰ্তনৰ লগে লগে বিহুৰ সাংস্কৃতিক দিশতো অৱধাৰিত ভাৱে কিছু পৰিবৰ্তন আহিল৷তেতিয়াৰ পৰাই আজিলৈকে ৰঙালী বিহুৰ পৰম্পৰা বৰ্তি আছে৷ সময়ৰ সোঁত সলনি আৰু আধুনিকতা দৌৰত আগৰ পৰিস্থিতি , পৰিৱেশ এতিয়া সলনি হ’ল৷প্ৰকৃতিৰ লগত একাত্ম হৈ উপভোগ কৰা আনন্দ, উল্লাসবোৰ এতিয়া নোহোৱা হ’ল৷ জনসাধাৰণৰ আৰ্থসামাজিক স্থিতিৰ পৰিৱৰ্তনে বিহুৰ প্ৰকৃত অৰ্থ সলনি কৰিলে৷যান্ত্ৰিকতাৰ দৌৰত মানুহবোৰ ব্যস্ত হৈ পৰিল৷ সময়ৰ অভাৱৰ অজুহাত শিশুৰ পৰা বৃদ্ধালৈকে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ লগত সাঙুৰ খাই পৰিছে৷বিহু নাচিবলৈ অহা কিশোৰ- কিশোৰীৰ সংখ্যা চহৰতো বাদেই, গ্ৰামাঞ্চলতো আঙুলিৰ মূৰত গণিব পৰা হৈছে৷ঘৰে ঘৰে বিহু নৃত্য,বিহু নাম গোৱা পৰম্পৰা এতিয়া যেন একাংশৰ বাবে লজ্জাৰ বিষয় হৈ পৰিছে৷ তাহানিৰ বিহুৰ প্ৰতি যি উৎসাহ, আন্তৰিকতা আছিল, আজিৰ সেইবিহুৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়৷ সময়ৰ পৰিবৰ্তনৰ লগে লগে এচাম অভিজাত লোকৰ পৃষ্ঠপোষকতাত গছৰ তল, মুকলি পথাৰ, পদূলি, চোতালত ডেকা- গাভৰুৱে বিহু নাম গায় বিহুনৃত্য কৰা বিহু আজি মঞ্চ পালেহি৷ বিহুৰ সকলো উপাদান বাণিজ্যিক হৈ পৰিল৷ শেহতীয়াকৈ ম’বাইলৰ বহুল ব্যৱহাৰে বিহুক সস্তীয়া-তৰল স্তৰলৈ নিয়াত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷ঠাই বিশেষে ব’হাগী বিদায় এক আবতৰীয়া উৎসৱ হিচাপে আহাৰ মাহ পৰ্যন্ত উদযাপন কৰাতো জাতিটোৰ কাৰণে অতিকৈ ক্ষতিকাৰক হোৱা পৰিলক্ষিত হৈছে৷ আধুনিকতাৰ তীব্ৰ গতিত ভাৰাক্ৰান্ত চহৰীয়া জীৱনত কৃষ্টি, সংস্কৃতি, পৰম্পৰা আদিৰ সংজ্ঞা আদি সলনি হৈছে৷ পূৰ্বৰ গৰখীয়া বিহু আজি আভিজাত্যৰ বিহু যেন লগা হ’ল৷ পৰিবৰ্তনৰ ঢৌত আমাৰ বিহুৰ স্বকীয়তালৈ ভাবুকি আহি পৰিছে৷ অসমৰ শিপিনীৰ তাঁতশালত মাকুৰ খটখটনিত বৈ উঠা গামোচা উভৈনদী হৈছিল, কিন্তু এতিয়া বিহুৱান ব’বলৈ শিপিনীৰ অভাৱ৷ কিন্ত সময় বাগৰাৰ লগে লগে বাপতি সাহোন ৰঙালী বিহুটিও যেন একাংশ সুবিধাবাদী পুঁজিপতি বণিকগোষ্ঠীৰ হাতত বন্দী হোৱা উপক্ৰম হৈছে৷ ঘৰতে তৈয়াৰ কৰা বিহুৱান এতিয়া বণিকগোষ্ঠীৰ মেচিনৰ গামোচাই বজাৰ ভৰি পৰিছে৷ মানহীন গামোচাই বজাৰ দখল কৰাটো অসমীয়া জাতিৰ বাবে অতিকৈ দূৰ্ভাগ্যজনক৷ আজিৰ পৰিৱেশ পৰিস্থিতিত বিহুৰ বাহ্যিক ৰূপ -ৰং সলনি হ’ব পাৰে, কিন্তু অসমীয়া জনসাধাৰণৰ হৃদয়ত বিহুৰ স্থান অতুলনীয়৷ বিহুৱে গ্ৰাম্য জীৱনৰ সাংস্কৃতিক ৰূপটো দাঙি ধৰে আৰু অসমীয়াই নিজৰ অস্তিত্বক বিচাৰি পায় হেঁপাহৰ ৰঙালী বিহুৰ মাজত৷ অসমীয়া জাতিৰ মধুৰ সম্পৰ্ক কেৱল বিহুৰ লগত৷ ভাৰত ৰত্ন উপাধিৰে বিভুষিত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই ৰচনা কৰিছিল——-‘‘ গ্ধব’হাগ মাথো এটি ঋতু নহয়গ্ধ – গ্ধনহয় ই এটি মাহগ্ধ – গ্ধঅসমীয়া জাতিৰ ই আয়ুস ৰেখাগ্ধ – গ্ধগণজীৱনৰ ই সাহগ্ধ ‘‘৷
অসমীয়া অসমীয়াত্ব অনুভূতিবোৰ ব’হাগৰ বতৰতেই জাগি উঠে৷ শৈশৱ, কৈশোৰ,যৌৱন আৰু প্ৰৌঢ়তাৰ পূৰঠ অভিজ্ঞতাৰে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ জীপাল কৰি তোলে৷ নতুন চিন্তাৰ উজ্জীৱনাই দিয়ে অসমীয়াক জীয়াই থকাৰ প্ৰেৰণা৷নম্ৰতা, উপলব্ধি আৰু সাহসৰ সমাহাৰত সময়ক প্ৰত্যাহ৩ান জনাবলৈ এই ব’হাগৰ বতৰতেই প্ৰতিজন অসমীয়াই পণ লয়৷ অসমীয়াৰ সভ্যতা,সমাজ, সংস্কৃতিৰ সুসংহত ৰূপেই হ’ল ফাগুনে কঢ়িয়াই অনা অসমীয়াৰ প্ৰাণৰ ব’হাগ৷ গ্ধঅতিকৈ চেনেহৰ মুগাৰে মহুৰাগ্ধ — গ্ধঅতিকৈ চেনেহৰ মাকোগ্ধ – গ্ধতাতোকৈ চেনেহৰ ব’হাগৰ বিহুটিগ্ধ – গ্ধনেপাতি কেনেকৈ থাকোগ্ধ পূৰ্বৰ বিহু মঞ্চমুখী বিহু হ’ল৷ বৰ্তমানৰ বিহু উৎসৱে অসমৰ ‘‘বাপতি সাহোন’’ শীৰ্ষক আপ্তবাক্যশাৰী পালন কৰিব পৰা নাই৷ বিহুৰ নামত চলা অপসংস্কৃতি বোৰ বৰ্জন কৰিব নোৱাৰিলে অসমৰ বিহু সংস্কৃতি অপসংস্কৃতিলৈ অধোনমিত হ’ব৷আহাৰ মাহলৈ বিহু উদযাপন কৰা বাদ দি অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হোৱা উচিত৷ সাংস্কৃতিক অনুষ্ঠান পাতি অসমীয়া সংস্কৃতিৰ প্ৰকৃত প্ৰতিচ্ছবি দাঙি ধৰিব নোৱাৰিলে অসমীয়াৰ হেঁপাহৰ বিহু জীয়াই নাথাকিব৷ অসমীয়া জাতি আৰু অসমীয়াৰ সংস্কৃতি কেৱল বিহুৰ ওপৰত নিৰ্ভৰশীল৷ আমাৰ জাতীয় জীৱনৰ প্ৰধান স্তম্ভ ৰঙালী বিহু৷ সময় পৰিবৰ্তনশীল৷ বিহুৰ লগত জড়িত হৈ থকা থলুৱা বাদ্য,গীত-মাত, লোকনৃত্য, সাজ-পোছাক, খাদ্য সম্ভাৰ, লোকাচাৰ আদিৰ বিষয়ে শুদ্ধ জ্ঞান আৰু শুদ্ধ তথ্য প্ৰচাৰ কৰাত আমি সকলোৱে সচেতন হোৱা উচিত৷ অসমীয়া জাতিৰ আয়ুস ৰেখা হিচাপে চিহ্নিত হোৱা অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ, হেঁপাহৰ ব’হাগ তথা ৰঙালী বিহু উৎসৱ জাতীয় উৎসৱ হিচাপে অসমৰ প্ৰতিগৰাকী মানুহৰ অন্তৰত চিৰজীপাল কৰি ৰাখিবলৈ বিহু সংস্কৃতিক অপসংস্কৃতিলৈ নিয়াৰ বিৰুদ্ধে সকলোৱে থিয় দিব লাগিব৷ তেতিয়াহে জাতীয় উৎসৱ উদযাপনৰ সাৰ্থকতা থাকিব৷
ফোন ঃ ৯৮৫৪৬-০৬১৫৪

LEAVE A REPLY

Please enter your comment!
Please enter your name here