কুলদ্বীপ বৰ্মন: এ.এম.টেলিভিছনৰ নিবেদিত এখন নতুন ধাৰাবাহিক ” মায়াবিনী”।ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে আৰু জনপ্ৰিয় পৰিচালক পৱন মহন্তৰ পৰিচালনাৰে অহা ৮ নৱেম্বৰ সোমবাৰৰ পৰা শনিবাৰলৈ মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত সন্ধিয়া ৬.৩০,৯.০০ বজাত সম্প্ৰচাৰ কৰা হব। আৰু নিশা ১১.০০ বজাত পুনৰ সম্প্ৰচাৰ কৰা হ’ব “মায়াবিনী ” ধাৰাবাহিক খনৰ। ধাৰাবাহিক খনৰ পৰা দৰ্শক ৰাইজে এক নতুনত্বৰ সোৱাদ পাব বুলি পৰিচালক পৱন মহন্তই জানিবলৈ দিয়ে। এজনী ১০ -১২ বছৰীয়া ছোৱালী তাইৰ চকুৰ সন্মুখত জ্বলি আছে দুখন চিতা।চিতাৰ মাজত নিথৰ হৈ বহি আছে তাই ।টোপটোপকৈ নিগৰি আছে তাইৰ চকুলো, হঠাৎ মানুহ এগৰাকীয়ে তাইৰ কোলাত এটি কেঁচুৱা তুলি দিলে।বহুসময় ধৰি তাই কেঁচুৱাটোৰ পিনে থৰ হৈ চাই থাকে।তাই এটা দীঘল হুমুনিয়াহ কাঢ়ি সন্মুখৰ চিতা লৈ চাই তাইৰ চকুত এতিয়া প্ৰতিশোধৰ জুইৰ বাহিৰে একো নাই।তাইয়ে হ’ল ধাৰাবাহিক খনৰ নায়িকা নাম তাইৰ মায়া। মাক-দেউতাকৰ হত্যাকাৰীৰ প্ৰতিশোধ লব পাৰিবনে মায়াই?পিতৃ-মাতৃ অবিহনে তাই কনমানি ভায়েকৰ দায়িত্ব ল’ব পাৰিবনে?সাধাৰন ছোৱালী মায়াৰ এক অসাধাৰণ প্ৰেমৰ এক সুন্দৰ কাহিনীৰে পৰিয়ালৰ সকলোৰে উপভোগ্য কৰি “মায়াবিনী ” ধাৰাবাহিক খনৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপেৰে সজাইছে বিদ্যুৎ জ্যোতি শইকীয়া (বিকি)য়ে। ধাৰাবাহিক খনত অভিনয় কৰিছে সত্যেন শৰ্মা, মিহিৰ জ্যোতি বৰুৱা,হীৰা নেওগ, গায়ত্ৰী বৰা,ৰুহি আমিন বড়া,কাকলি সন্দিকৈ,আধিস কুমাৰ, গায়ত্ৰী শৰ্মা, নৱদ্বীপ দত্ত,ভায়োলিনা বৰদলৈ, সীমান্ত মালাকৰ,বিমল শৰ্মা,মমী গগৈ,জুলি ফুকন ভূঞা, অনুষ্কা তালুকদাৰ,শিশু শিল্পী আদ্ৰিতি দাস আৰু বহুকেইগৰাকী অভিনেতা আৰু অভিনেত্ৰী। ধাৰাবাহিক খনৰ সহ পৰিচালনা কৰিছে বিজিত কুমাৰ দাসে। চিত্ৰগ্ৰহণ গজেন। চিত্ৰগ্ৰহণ সহকাৰী চুনু বড়ো।পোহৰ চাদেক আলী,গিৰীন্দ্ৰ কাকতি। দৃশ্যসজ্বা ধনজিৎ বৰ্মন আৰু ৰূপ সজ্বা কৰিছে শ্যামল দত্ত। জনপ্ৰিয় পৰিচালক পৱন মহন্তই পৰিচালনা কৰা ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক চান্দমাৰীৰ চান্দনী,বেগম জান,স্বাভিমানক যিদৰেই দৰ্শক ৰাইজে আদৰি লৈছে তেনেদৰেই “মায়াবিনী ”ধাৰাবাহিক খন লৈও যথেষ্ট আশাবাদী জনপ্ৰিয় পৰিচালক পৱন মহন্ত।”মায়াবিনী ”ধাৰাবাহিক খনৰ পৰিয়ালবৰ্গলৈ আমি জনালোঁ আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা।