Home Main Stories ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব: উৎফুল্লিত কৰ্মী-সমৰ্থক

ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব: উৎফুল্লিত কৰ্মী-সমৰ্থক

122
0

গণবাৰ্তা, ৰঙিয়া, ২৬ জুন : অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত আজি ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিকতাক ভাৰতীয় জনতা পাৰ্টী দলৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰে। আজি বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দাই অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাক নিযুক্তি পত্ৰ প্ৰেৰণ কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে ৰঙিয়াৰ বিজেপি দলৰ কৰ্ম-কৰ্তা তথা সমৰ্থক সকল। এই খৱৰ পোৱাৰ পিছতে ৰঙিয়া মূৰা’ৰাস্থিত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৱেশ কলিতাৰ বাস ভৱনত দলীয় নেতা, কৰ্মী- সমৰ্থক সকল উপস্থিত হৈ নৱ নিযুক্ত দলীয় সভাপতি গৰাকীক উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে বিধায়ক কলিতাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে দলৰ নেতৃত্বই তেওঁক যি দায়িত্ব নিদিয়ক কিয় তেওঁ নিষ্ঠা আৰু সততাৰে সেই দায়িত্ব মূৰ পাতি লৈ পালন কৰি যাব । দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দাই তেওঁক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৰে এক গধুৰ দায়িত্ব অৰ্পণ কৰাত তেওঁক কৃতজ্ঞতা জনোৱাৰ লগতে আন্তৰিক শুভেচ্ছা জনায়।লগতে বিধায়ক কলিতাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাকো কৃতজ্ঞতা জ্ঞাপন কৰে। আগন্তুক সময়ত চৰকাৰৰ প্ৰতিটো কাম-কাজত সহায় সহযোগিতা আগবঢ়াই যাব বুলি বিধায়ক কলিতাই কয়।দলীয় কৰ্ম-কৰ্তা সকলৰ সহায়-সহযোগত দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ স্বাৰ্থত কাম কৰি যাব বুলিও সংবাদ মাধ্যমৰ আগত নৱনিৰ্বাচিত সভাপতি ভৱেশ কলিতাই মন্তব্য কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here