Home অসম ধুবুৰীত ক’ভিডত স্বামীহাৰা মহিলাক চেক প্ৰদান মন্ত্ৰী ৰণজিত কুমাৰ দাস

ধুবুৰীত ক’ভিডত স্বামীহাৰা মহিলাক চেক প্ৰদান মন্ত্ৰী ৰণজিত কুমাৰ দাস

166
0


চৈয়দ নুৰুল আমিন, ধুবুৰী, ১ ডিচেম্বৰ ঃ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি জিলাখনত কেইবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ লয়৷ পুৱা তেওঁ ধুবুৰী পৌৰসভা এলেকাৰ ১৫নং ৱাৰ্ডত উপস্থিত হৈ অঞ্চলটোৰ ২২৮, ২৩০ আৰু ২৩১নং ভোটকেন্দ্ৰত এশ শতাংশ ক’ভিড টিকাকৰণ হোৱা বুলি ঘোষণা কৰে৷ তেওঁ এই তিনিটা ভোটকেন্দ্ৰৰ দৰে সমগ্ৰ ধুবুৰী জিলাৰ প্ৰতিটো ভোটকেন্দ্ৰ এলেকাৰ এশ শতাংশ লোকৰ টিকাকৰণ অহা প্ত ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে৷ ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ তেওঁ যোগ্য বিবেচিত প্ৰতিটো অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লোকৰ পৰিয়াল আৰু প্ৰতিঘৰ চাহ বাগানৰ শ্ৰমিকৰ পৰিয়ালক এম জি এনৰেগাৰ জবকাৰ্ড দিয়াৰ বাবে পদক্ষেপ ল’বলৈ বৈঠকত উপস্থিত থকা খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে৷ তেওঁ বিডিঅ’সকলক শীঘ্ৰে গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়ে৷ গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকলক এশ শতাংশ টিকাকৰণ নিশ্চিত কৰাৰ বাবে চলি থকা ‘হৰ ঘৰ দস্তক’ অভিযানত সংক্ৰিয়তাৰে অংশীদাৰ হ’বলৈ, পুখুৰী খন্দাৰ অধিক প্ৰস্তাৱ জমা দিবলৈ আৰু জলজীৱন মিছনৰ অধীনত কাৰ্যকৰী হোৱা পানীযোগান আঁচনিবোৰৰ চোৱাচিতা কৰিবলৈ কবলৈ বি ডি অ’সকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ বৈঠকত উপস্থিত থকা ধুবুৰী জিলাৰ অভিভাৱক সচিব তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰধান সচিব জে বি এক্কাই খণ্ড উন্নয়ণ বিষয়াসকলক বিত্তীয় আয়োগৰ ধনেৰে ৰূপায়িত আঁচনি, এমজিএনৰেগা আদিৰ ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে৷ চলি থকা আঁচনিবোৰ খৰতকীয়কৈ সমাপ্ত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ ধনৰ সকলো কিস্তি আদায় লোৱাৰ পিছতো প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আধৰুৱা হৈ থকা হিতাধিকাৰীসকলক শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে হেঁচা দিবলৈ বি ডি অ’সকলক কয়৷ পৰ্যালোচনা বৈঠকত ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পি প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে৷ পৰ্যালোচনা বৈঠকৰ পিছত মন্ত্ৰীগৰাকীয়ে ক’ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয় ৰমিছা বেগম, সৰস্বতী দাস আৰু য়াছমিন বিবিক মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত আঢ়ৈ লাখকৈ টকাৰ চেক বিতৰণ কৰে৷ উপায়ুক্ত কাৰ্যালয়ৰ পৰা মন্ত্ৰীগৰাকী আশাৰীকান্দিলৈ যায়৷ আশাৰীকান্দিৰ মাদাই খালীত তেওঁ অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত নিৰ্মিত এটা পাৰঘাট উদ্বোধন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here