Home স্থানীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসক টিহু উন্নয়ন সমিতিৰ বিপুল...

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসক টিহু উন্নয়ন সমিতিৰ বিপুল আদৰণি

33
0

ৰূপ কুমাৰ শৰ্মা, টিহু, ১২ মে’ : ৰাজ্য চৰকাৰৰ নতুন মন্ত্রীসভা গঠনৰ পাচতে আজি বিপুল ভোটত জয়লাভ কৰা ৪২ নং পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ,জনস্বাস্থ্য কাৰিকৰী বিভাগ ,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কেবিনেট মন্ত্রী ৰণজিত কুমাৰ দাসক টিহু আঞ্চলিক উন্নয়ন সমিতিৰ প্ৰতিনিধি দল এটাই ৰাজধানী দিশপুৰৰ আবাস গৃহত সাক্ষাত কৰি টিহুবাসীৰ হৈ বিপুল আদৰণি জনায় । টিহু উন্নয়ন সমিতিৰ উপদেষ্টা শংকৰ কুমাৰ দাস ,কাৰ্যকৰী সভাপতি ড০ সুৰজিত বৰ্মন,উপসভাপতিদ্বয় কুলেশ শৰ্মা আৰু ভৱেশ চন্দ্ৰ দাস ,সম্পাদক বসন্ত কুমাৰ কলিতাকে ধৰি অজিত কুমাৰ শৰ্মা ,পৱন হালৈ , হেমেন শৰ্মা আদিয়ে অংশ গ্ৰহণ কৰা নজনীয়া প্ৰতিনিধি দলটোৱে ৰাজ্য চৰকাৰৰ নৱনিৰ্বাচিত কেবিনেট মন্ত্রী ৰণজিত কুমাৰ দাসক এখন পাট কাপোৰৰ ফুলাম গামোচা, এখন বিশাল মানপত্র , এখন কাঁহৰ বঁটাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্রী দাসে পাটাছাৰকুছি সমষ্টিৰ লগতে টিহু অঞ্চলৰ উন্নয়নৰ ক্ষেত্রত গুৰুত্ব প্ৰদান কৰিব বুলি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে । (ফটো দিছোঁ)

LEAVE A REPLY

Please enter your comment!
Please enter your name here