Home Main Stories ‘জলজীৱন-এমজিএনৰেগা আঁচনিত দুৰ্নীতি কৰিলেই জেলৰ ভাত খাব লাগিব’ : মুছলপুৰত কাৰ্যালয়-শিক্ষানুষ্ঠান পৰিদৰ্শন...

‘জলজীৱন-এমজিএনৰেগা আঁচনিত দুৰ্নীতি কৰিলেই জেলৰ ভাত খাব লাগিব’ : মুছলপুৰত কাৰ্যালয়-শিক্ষানুষ্ঠান পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

237
0

গণ বাৰ্তা, মুছলপুৰ,২৩ নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত শীঘ্ৰেই গঠন কৰা হ’ব বিশেষ টাস্ক ফৰ্চ। খুচুৰা ব্যৱসায়ীয়ে সৰ্বাধিক ৫ টকাহে বেচি ল’ব পাৰিব। তাৰ ওপৰত অধিক মূল্য ল’লে এই টাস্ক ফৰ্চে ব্যৱস্থা গ্ৰহণ কৰিব। আজি বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেখেতে কয় যে গঠন হ’বলগীয়া এই টাস্ক ফৰ্চত এজন দণ্ডাধীশৰ লগতে যোগান বিভাগৰ বিষয়াও থাকিব। মুছলপুৰস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে মিলিত হৈ বিভাগ সমূহৰ খতিয়ান লয়। ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে বাক্সা জিলাৰ বৰমাত পুৱা উপস্থিত হৈ পোনে পোনে প্ৰৱেশ কৰে বৰমাৰ প্ৰাথমিক চিকিৎসালয়ত ৷ চিকিৎসালয়খনৰ আন্তঃগাথনি, চিকিৎসক, নাৰ্চৰ অভাৱ অভিযোগৰ বিষয়ে বুজ লোৱাৰ লগতে বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয়খন পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। শ্ৰেণীকোঠাত প্ৰৱেশ কৰিয়েই ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী ৰঞ্জিত দাসে । ইয়াৰ পিছতে টিহু-বৰমা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উন্নয়ন খণ্ডটোৰ বিভিন্ন দিশ সম্পৰ্কে খণ্ড উন্নয়ণ বিষয়াৰ সৈতে বুজ লোৱা লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা আত্মসহায়ক গোটৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰে ৷ এই কাৰ্যালয়তে দুগৰাকী দৰিদ্ৰ মহিলাক ই-ৰিক্সা প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে জিলাখনৰ ২ নং দীঘলদঙা গুডি পঢ়াশালি নামৰ অংগনবাড়ী কেন্দ্ৰ এটা পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ অভাৱ-অভিযোগ সম্পৰ্কে বুজ লোৱাৰ লগতে কেন্দ্ৰটোৰ শিক্ষয়িত্ৰী-সহায়িকাৰ লগতে কণ কণ শিশু সকলৰ সৈতে মত বিনিময় কৰে ৷ আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰো দ্বায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাউকুছি মুছলিম চুবাত জল জীৱন আঁচনিৰ কাম প্ৰত্যক্ষ কৰে ৷ মন্ত্ৰী গৰাকীয়ে বিদ্যালয় সমুহত চৰকাৰে যোগান ধৰা পানী উত্তোলনত ব্যৱহৃত মটৰ সমুহ চুৰি হোৱা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এই যন্ত্ৰ সমুহ সযতনে ৰাখিবলৈও বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷ ইফালে জলজীৱন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱা প্ৰত্যেক গৰাকী ব্যক্তিয়ে জেলৰ ভাত খাব লাগিব বুলি কঠোৰ মন্তব্য প্ৰকাশ কৰে বিভাগীয় মন্ত্ৰী গৰাকীয়ে ৷ সমান্তৰালভাৱে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধীনত চলি থকা এম জি এনৰেগাৰ কাম সমুহতো যদি দুৰ্নীতি হয় তেতিয়া বিডিঅ’-অভিযন্তা সকলো সাৰি নাযাব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here