Home অসম বছৰ বছৰ ধৰি দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে ডিংডিংগাৰ ৰঞ্জিত কুমাৰ ৰায় ,...

বছৰ বছৰ ধৰি দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে ডিংডিংগাৰ ৰঞ্জিত কুমাৰ ৰায় , চৰকাৰী আঁচনিক সপোন বুলি ভবা এগৰাকী ব্যাক্তিৰ জীৱনগাঁথা

121
0


গণ বাৰ্তা, তামাৰহাট, ৮ আগষ্ট ঃ যি সময়ত সমগ্ৰ দেশ ব্যস্ত আজাদী কা অমৃত মহোৎসৱ পালনত আৰু ইয়াৰে কাৰ্যসূচী মতে গ্ৰহণ কৰা হৈছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী, তেনে সময়তে পোহৰলৈ আহিছে এইখন অসমত চৰকাৰী বিনামূলীয়া চাউল, চৰকাৰী গৃহ, অৰুণোদয় আঁচনি, বিদু্যতৰ পোহৰ, এটুপি বিশুদ্ধ খোৱাপানী, বৃদ্ধ পেঞ্চন, বিনামূলীয়া চিকিৎসা আদি সকলো চৰকাৰী আঁচনিক সপোন বুলি ভবা এজন ব্যক্তিৰ কৰুণ জীৱনগাথা৷ সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ পথৰ দাঁতিত প্ৰায় কুৰি বছৰ ধৰি গঁৰাল সদৃশ এটা জুপুৰিত দুৰ্বিষহ জীৱন অতিবাহিত কৰি আহিছে ৰঞ্জিত কুমাৰ ৰায় নামৰ এজন ব্যক্তিজনে৷ সৰু জুপুৰি এটাৰ ভিতৰত ৰন্ধা-বঢ়া, থকা-খোৱা সকলো কৰিব লগা হৈছে ব্যক্তিজনে৷ বাচন-বৰ্তন বুলিবলৈ এটা ডেক্সি, এখন থাল, এখন চামুচ আৰু এটা প্লাষ্টিকৰ বািŒI× আৰু বিছনা বুলিবলৈ কেইডালমান বাঁহৰ কামী৷ জুপুৰিৰ ভিতৰত থিয় হোৱাটো দূৰৰ কথা, ভালকৈ বহিব-শুবও নোৱাৰা অৱস্থা৷ জুপুৰীটোৱেই ধুমুহা, ৰ’দ-বৰষুণ, উৎকট গৰম, হাড় কঁপোৱা ঠাণ্ডা আদি অতিবাহিতৰ একমাত্ৰ আশ্ৰয়স্থল ৰঞ্জিত কুমাৰ ৰায়ৰ৷ উল্লেখ্য যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ কোনো এখন অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই ধুবুৰী জিলাৰ হাতীধুৰা উন্নয়ন খণ্ড তথা ডিংডিংগা গাঁও পঞ্চায়তৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ বাসিন্দা ৰঞ্জিত কুমাৰ ৰায়ক৷ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ বাসিন্দা ৰঞ্জিত কুমাৰ ৰায় নামৰ ৫০ বছৰীয়া দুৰ্ভগীয়া ব্যক্তিজনে চৰকাৰী আঁচনি অবিহনেই এক দুৰ্বিষহ জীৱন অতিবাহিত কৰি আহিছে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, অৰুণোদয় আঁচনি, খাদ্য সুৰক্ষা আঁচনিকে ধৰি চৰকাৰৰ কোনো এখন আঁচনিৰ পৰা বঞ্চিত হৈ মানুহৰ ঘৰে ঘৰে খুজি-মাগি কোনোবা দিনা এমুঠি খায় আৰু কোনোবা দিনা লঘোণে থাকি অতি কষ্টৰে কোনোমতে জীয়াই আছে ৰঞ্জিত কুমাৰ ৰায়৷ নিজৰ এডোখৰ ভূমি নাইবা থকাৰ বাবে এটা গৃহ নথকাৰ বাবে ৰঞ্জিতে হৰিপুৰ গাঁৱৰ ধুবুৰী-কচুগাঁও গড়কাপ্টানি পথৰ দাঁতিত এটি গঁৰাল সদৃশ সৰু জুপুৰিত দিন অতিবাহিত কৰিব লগা হৈছে৷ বতাহ-বৰষুণ সকলো নেওচি গড়কাপ্টানি পথৰ কাষত থকা মাত্ৰ জ্জ ফুট দীঘল, ৬ ফুট বহল আৰু প্ত ফুট ওখ একমাত্ৰ জুপুৰিটোতে ৰন্ধা-বঢ়া কৰা, আহাৰ গ্ৰহণ কৰা আৰু নিশা যাপন কৰা সকলো কাম সমাধা কৰে ৰঞ্জিত ৰায়ে৷ যি সময়ত দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি আছে, তেনে সময়তে হৰিপুৰৰ ৰঞ্জিত ৰায়ে এক দুৰ্বিষহ জীৱন কটাবলগীয়া হোৱাত সচেতন মহলৰ মাজত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এনে দৃশ্যই আজাদী কা অমৃত মহোৎসৱ পালন কিমান ফলপ্ৰসূ কৰিব সেয়াই হ’ল লাখটকীয়া প্ৰশ্ন৷ বেমাৰ-আজাৰ হ’লে চিকিৎসা অবিহনেই পৰি থাকিবলগীয়া হোৱা এইজন ব্যক্তিক সহায়ৰ হাত আগবঢ়াবলৈ সংগঠন, স্বেচ্ছাসেৱী সংগঠন আদিক আহ৩ান জনোৱাৰ লগতে হাতীধুৰা উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত এক দুৰ্বিষহ জীৱন কটোৱা দুৰ্ভগীয়া ব্যক্তিজনক সহায়ৰ হাত আগবঢ়াবলৈ জনপ্ৰতিনিধি তথা অসম চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here