Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় উষ্ণতা-স্পৰ্শৰ বাবে ৰিচেপ্টৰৰ আৱিস্কাৰ দুই আমেৰিকা বিজ্ঞানীৰ : ডেভিড জুলিয়াছ – আৰ্ডেম...

উষ্ণতা-স্পৰ্শৰ বাবে ৰিচেপ্টৰৰ আৱিস্কাৰ দুই আমেৰিকা বিজ্ঞানীৰ : ডেভিড জুলিয়াছ – আৰ্ডেম পাটাপোটিয়ানলৈ চিকিৎসাৰ নবেল

136
0


ষ্টক হোম, ৪ অক্টোবৰ : আমেৰিকাৰ বৈজ্ঞানিক ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপোটিয়ানলৈ এইবাৰৰ চিকিৎসাৰ নবেল বঁটা আগবঢ়োৱা হৈছে৷ উষ্ণতা আৰু স্পৰ্শৰ বাবে ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে এই দুইগৰাকী বৈজ্ঞানিকলৈ যুটীয়াভাৱে এইবাৰৰ চিকিৎসাৰ নবেল আগবঢ়োৱা হৈছে৷ জুৰিয়ে প্ৰকাশ কৰা অনুসৰি এই দুইগৰাকী আমেৰিকান চিকিৎসা বৈজ্ঞানিকে উষ্ণতা আৰু স্পৰ্শৰ বাবে ৰিচেপ্টৰৰ আৱিষ্কাৰ কৰিছিল৷ যাৰ বাবে তেওঁলোকলৈ নবেল মেডিচিন বঁটা আগবঢ়োৱা হৈছে৷ সোমাবাৰে এই বঁটাৰ ঘোষণা কৰে নবেল কমিটীয়ে৷ বিগত বৰ্ষত তিনিগৰাকী বৈজ্ঞানিকক যুটীয়াভাৱে চিকিৎসাৰ নবেল বঁটা আগবঢ়োৱা হৈছিল৷ এই তিনিওগৰাকী বিজ্ঞানীৰ ভিতৰত আছিল হাৰ্ভেজে আল্টাৰ, মাইকেল হুটন আৰু চাৰ্লছ এ ৰাইচক হেপেটাইটিছ চি ভাইৰাছ আৱিষ্কাৰৰ বাবে চিকিৎসাৰ নবেল বঁটা আগবঢ়োৱা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here