Home অসম নিয়োগ মেলাৰ পুনৰাবৃত্তি নহয়, প’ৰ্টেলৰ জৰিয়তে নিয়ন্ত্ৰণ হ’ব নিয়োগ পদ্ধতি: মন্ত্ৰী চন্দ্ৰমোহন...

নিয়োগ মেলাৰ পুনৰাবৃত্তি নহয়, প’ৰ্টেলৰ জৰিয়তে নিয়ন্ত্ৰণ হ’ব নিয়োগ পদ্ধতি: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

282
0

আৰিফুল হক, চামতা, ২৫ ডিচেম্বৰ ঃ ক’ভিডৰ নতুন এছঅ’পি আৰু ভেৰিয়েন্টক লৈ ৰাজ্য চৰকাৰ সাজু। ৰাইজক সজাগ-সচেতনতা বৃদ্ধি কৰাৰ আহ্বান জনালে পৰিবহণমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইফালে, নিয়োগ মেলা সন্দৰ্ভতো মন্ত্ৰীজনে কয় যে এতিয়াৰে পৰা কোনো ব্যক্তিগত চাকৰিৰ বাবে বৃহস্পতিবাৰৰ দৰে পৰিস্থিতিৰ উদ্ভৱ নহয়। চৰকাৰে এক প’ৰ্টেলৰ জৰিয়তে এই ব্যৱস্থা কৰা হ’ব। নিয়োগ মেলাত যি ঘটনা সংঘটিত হ’ল তাত বিভিন্ন খেলিমেলি হোৱা বাবে দুজন বিষয়াক ইতিমধ্যেই নিলম্বন কৰা হৈছে। সুশাসন দিৱস উপলক্ষে ধৰ্মপুৰৰ চামতা-ৰামপুৰ সংযোগী পথৰ শুভ উদ্বোধন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই মন্তব্য কৰে। সু-শাসন দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ চামতা-ৰামপুৰ সংযোগী পথৰ চামতাৰ পৰা ঘোঁৰাথাললৈ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো আজি সন্ধিয়া পৰিবহণ, উদ্যোগ-বাণিজ্য আৰু দক্ষতা বিকাশমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। ২০১৯-২০ বৰ্ষৰ এছঅ’পিডি, ছিগনেচাৰ আঁচনিৰ অধীনত ১০ কোটি টকা ব্যয় সাপেক্ষে উন্নীতকৰণ আৰু সবলীকৰণ হোৱা পথটি মুকলি হোৱাৰ লগে-লগে বৃহত্তৰ অঞ্চলটোৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক দীৰ্ঘদিনীয়া সমস্যা আঁতৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে আজি সন্ধিয়া চামতা কেন্দুৰতল নামঘৰ প্ৰাংগণত নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক কুমাৰ শৰ্মাই আঁত ধৰা পথ উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক তথা মন্ত্ৰী পাটোৱাৰীয়ে কয় ‘পথ যোগাযোগৰ ক্ষেত্ৰত এতিয়া ধৰ্মপুৰ বহু দূৰ আগুৱাইছে। ধৰ্মপুৰত আৰু কেঁচা পথ প্ৰায় নাই।

দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে পথ পকীকৰণ, উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে ।’ সভাত পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ কুমাৰ ডেকা, পঞ্চায়ত সভাপতি দীনেশ ঠাকুৰীয়া, ৰানু বৰ্মন, নতুনদেহৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মা, সঞ্জীৱ বৰ্মন, সমাজকৰ্মী অশোক দত্ত, লোকনিৰ্মাণ বিভাগৰ বিষয়া-অভিযন্তা প্ৰমুখ্যে কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে, যোৱা ২৩ ডিচেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হোৱা নিয়োগ মেলা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে এই নিয়োগ মেলা ভাৰত চৰকাৰৰ স্কিল ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰতিবছৰে অনুষ্ঠিত হয়। অৱশ্যে, এইবাৰ কিছু খেলিমেলি হৈছে। তাৰবাবে ইতিমধ্যে দুগৰাকী বিষয়াক তাৎক্ষণিকভাৱে নিলম্বণ কৰা হৈছে। ইপিনে, চামতাৰ বেজৰবাৰী আশ্ৰমত অনুষ্ঠিত সু-শাসন দিৱসৰ এক কাৰ্যসূচীত মন্ত্ৰী পাটোৱাৰীয়ে বন্তি প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰি প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here