গণ বাৰ্তা কলগাছিয়া,২৩ জানুৱাৰী: এনকাউণ্টাৰ সন্দৰ্ভত সৰৱ হোৱা পৰিলক্ষিত হল জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম। অসমত একাধিক এনকাউণ্টাৰৰ কথা উল্লেখ কৰি বিগত সময়ত এনে ধৰণৰ এনকাউণ্টাৰ হোৱা নাছিল বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে। ৫ বছৰ পূৰ্বে বা বিগত সময়চোৱাত কোনো অপৰাধী বা অভিযুক্তয়ে আৰক্ষীৰ লগত কাজিয়া বা বন্দুক কাঢ়ি লোৱা এনে ধৰণৰ কাণ্ড সংঘটিত হোৱা নাছিল বুলি উল্লেখ কৰি বিগত ৮ মাহত এনে কি হল যে কোনো অপৰাধী বা অভিযুক্তয়ে আৰক্ষীৰ লগত কাজিয়া কৰে বা হাতিয়াৰ কাঢ়ি লৈ যাবলৈ চেষ্টা কৰে সেয়া বৃহৎ সাঁথৰ বুলি উল্লেখ কৰি ন্যায়িক তদন্তৰ দাবী কৰে জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে।
Home Main Stories এনকাউন্টাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ :...