Home অসম ৫ ছেপ্টেম্বৰৰ পৰা আন্দোলনত নমাৰ হুংকাৰ শিক্ষাগুৰুৰ , ২১ বছৰে নহ’ল ৪৫০০...

৫ ছেপ্টেম্বৰৰ পৰা আন্দোলনত নমাৰ হুংকাৰ শিক্ষাগুৰুৰ , ২১ বছৰে নহ’ল ৪৫০০ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ

142
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ আগষ্ট : অগপ চৰকাৰৰ শাসনকালত নিযুক্তি লাভ কৰা ৪,৫০০ প্ৰাথমিক শিক্ষকৰ আজিকোপতি চাকৰি নিয়মীয়া নোহোৱাত তেওঁলোকৰ অৱস্থাত পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে৷ ১৯৯১১ পৰা ২০০১ চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তি লাভ কৰা ৮,৫০০ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰলৈ বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই আৰু এইসকল শিক্ষকক শিক্ষামন্ত্ৰীয়ে টুলুঙা মন্তব্যৰে সমালোচনা কৰিবলৈহে ধৰিছে৷ আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত সদৌ অসম চৰকাৰীভাৱে নিযুক্তিভাৱে [দৰমহা নোপোৱা]কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই কয় যে ১৯৯১১ পৰা ২০০১ চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তি পোৱা ১২,০৩০জন শিক্ষকৰ ভিতৰত এতিয়ালৈ চ্ছ্ৰ,৫০০ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা পূৰ্বৰ শিক্ষামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২০২১ৰ ৩০ জানুৱাৰীত খানাপাৰাত চ্ছ্ৰ,৫১১জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰে৷ বাদ পৰি ৰোৱা শিক্ষকসকলক ৪৫ দিনৰ ভিতৰত নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিকোপতি সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে৷ যাৰফলত এতিয়া চ্ছ্ৰ,৫০০ শিক্ষকৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে৷ সমাজৰ আগত আৰু শিক্ষাৰ্থীসকলৰ সন্মুখত মূৰ দাঙি থিয় হ’ব নোৱৰা হৈছোঁ বুলি উচুপি উচুপি নিজৰ বেদনা প্ৰকাশ কৰে এই দুৰ্ভগীয়া শিক্ষকসকলে৷ সংবাদ মেলত সন্থাৰ উপদেষ্টা দীপক কুমাৰ শৰ্মাই কয় যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ অনলাইনৰ জৰিয়তে আবেদন জনোৱা হৈছিল৷ সেই আবেদনৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীক এই সন্দৰ্ভত সাক্ষাৎ কৰিবলৈ কয়৷ মুখ্যমন্ত্ৰীক সভাই-সমিতিয়ে এই সন্দৰ্ভত অৱগত কৰা হৈছে যদিও আজিলৈ সুফল পোৱা নাই৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰিবলৈ কোৱাত সেই অনুসৰি আগবঢ়াৰ সময়ত শিক্ষামন্ত্ৰীয়ে আমাক তাচ্চিল্য কৰে৷ আমাৰ নিযুক্তিক লৈয়ে প্ৰশ্ন উত্থাপন কৰে৷ চৰকাৰে অতি শীঘ্ৰে আমাৰ চাকৰি নিয়মীয়াকৰণ নকৰে তেন্তে ৫ ছেপ্টেম্বৰৰ পৰাই ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱা হ’ব৷ আজিৰ সংবাদ মেলত উপস্থিত থাকে উপ-সভাপতি জীৱকান্ত চুতীয়া, সম্পাদক অভয় চৰণ শৰ্মাসহ আন বহুজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here