Home Main Stories সংক্ৰমণ হ্ৰাস হোৱা জিলাত আংশিক লকডাউনত শিথিলতা

সংক্ৰমণ হ্ৰাস হোৱা জিলাত আংশিক লকডাউনত শিথিলতা

189
0

ৰাজ্যত মজুত আছে পৰ্যাপ্ত ক’ভাক্সিন : স্বাস্থ্যমন্ত্ৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ জুন : ক’ভিডৰ নীতি-নিয়ম অব্যাহত থকাৰ সময়তে চৰকাৰী কাম-কাজ আগুৱাই নিয়াৰ বাবে তৎপৰ হৈছে ৰাজ্য চৰকাৰ। উল্লেখ্য যে এছঅ’পি অনুসৰি চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয় বন্ধ থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল। কিন্তু আজি ৰাজ্য চৰকাৰে প্ৰশাসনিক কাম-কাজ ক্ষিপ্ৰ কৰাৰ স্বাৰ্থত কৰ্মচাৰীসকলক কাইলৈৰ পৰা উপস্থিত থকাৰ নিৰ্দেশ প্ৰদান কৰিছে। অৱশ্যে ক’ভিড প্ৰট’কল মানিহে কৰ্মচাৰীসকল উপস্থিত থাকিব লাগিব। অৱশ্যে ক’ভিডৰ ভেকচিন দুয়োপালি গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰতহে এই নিৰ্দেশনা প্ৰযোজ্য হ’ব। আজি সাধাৰণ প্ৰশাসন বিভাগৰ অধ্যক্ষ-সচিব এম এছ মানিয়ান্ননে এক নিৰ্দেশনাযোগে ভেকচিন গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলক কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইপিনে, ৰাজ্যত আংশিক লকডাউনত কিছু শিথিলতা অহাৰ ইংগিত প্ৰদান কৰি আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে মঙলবাৰে নতুন এছঅ’পি প্ৰদান কৰা হ’ব। অৱশ্যে ৰাজ্যত ক’ভিডৰ সংক্ৰমণৰ হাৰ নিম্নগামী হোৱাত আংশিক লকডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হ’ব পাৰে। সম্প্ৰতি ৰাজ্যত ২.১৪ লৈকে সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে। অৱশ্যে সকলো জিলাতে নহয়, যিসমূহ জিলাত সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে সেইসমূহ জিলাতহে আংশিক লকডাউনত কিছু শিথিলতা প্ৰদান কৰা হ’ব। কামৰূপ, নগাঁও, শিলচৰ, তিনিচুকীয়া, ডিব্ৰুগড় আদি জিলাত সংমক্ৰণৰ হাৰ হ্ৰাস পোৱা নাই। তেনেক্ষেত্ৰত এই জিলাসমূহত অধিক পৰীক্ষণ আৰু টিকাকৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা মুখামুখিত এই কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আনহাতে, সংক্ৰমণ হ্ৰাস নোহোৱা জিলাসমূহত পূৰ্বৰ দৰেই নিয়ম-নীতি ৰখা হ’ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে, ৰাজ্যত ক’ভাক্সিন’ৰ দ্বিতীয় পালি ভেকচিনৰ নাটনি সন্দৰ্ভত মন্তব্য প্ৰদান কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত ১,৯২,০০০ লোকক দ্বিতীয় পালি ভেকচিন দিবলৈ বাকী আছে। সম্প্ৰতি ৰাজ্য চৰকাৰৰ হাতত ১,৫০,০০০ ভেকচিন জমা আছে। কোন জিলাত কিমান ভেকচিন দৈনিক প্ৰয়োজন সেই সন্দৰ্ভত জিলাসমূহৰ পৰা পৰিসংখ্যা বিচৰা হৈছে আৰু সেই অনুসাৰে ক’ভাক্সিনৰ দ্বিতীয় পালি যোগান ধৰা হ’ব। অচিৰেই বাকী প্ৰয়োজনীয় ভেকচিনো ৰাজ্য চৰকাৰে লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here