Home Main Stories চূড়ান্ত এন.আৰ.চি পুনৰীক্ষণ সম্পৰ্কে মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য...

চূড়ান্ত এন.আৰ.চি পুনৰীক্ষণ সম্পৰ্কে মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য ও মহামান্য উচ্চতম ন্যায়ালয়ত ৰাজ্যিক সমন্বয়কে পুনৰীক্ষণৰ বাবে দাখিল কৰা আবেদনৰ ওপৰত অসম ৰাজ্যিক জমিয়ত উলামাৰ প্ৰতিক্ৰিয়া

152
0

ড•হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে ১০-০৫-২০২১ তাৰিখে শপত গ্ৰহণ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত অসমৰ সীমান্ত জিলাৰ ২০% আৰু বাকী জিলাসমূহত ১০% এন.আৰ.চি ত নাম অন্তৰ্ভুক্ত হোৱা লোকৰ পুনৰীক্ষণ ৰ কথা প্ৰকাশ কৰিছে। এন.আৰ.চি ৰ ৰাজ্যিক সমন্বয়কে ১১-০৫-২০২১ তাৰিখে মহামন্য উচ্চতম ন্যায়ালয় ত এন.আৰ.চি ৰ সম্পূৰ্ণ ও বিস্তৃত  পুনৰীক্ষণৰ বাবে আৱেদন দাখিল কৰিছে। মন কৰিবলগীয়া যে সেই আবেদন  (IA NO- 61664/21)ত, ৩১-০৮-২০১৯ তাৰিখে প্ৰকাশ হোৱা চূড়ান্ত NRC ক খচৰা তালিকাৰ সৈতে পৰিপূৰক তালিকা হিচাপে অভিহিত কৰিছে যি সম্পূৰ্ণ অযুক্তিকৰ তথা উচ্চতম ন্যায়ালয়ৰ আদেশ ও কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পৰিপন্থী। উল্লেখযোগ্য  চূড়ান্ত এন.আৰ.চি প্ৰকাশ পোৱাৰ আগত উচ্চতম ন্যায়ালয়ৰ কেইবাটাও আদেশ মৰ্মে  চূড়ান্ত এন.আৰ.চি প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভাৰতৰ মহাপঞ্জীয়ক আৰু তদান্তিন ৰাজ্যিক সমন্বয়কে ৩১-০৮-২০১৯ তাৰিখে যৌথ ভাৱে  চূড়ান্ত এন.আৰ.চি প্ৰকাশ কৰে। যদিও চূড়ান্ত এন.আৰ.চি প্ৰকাশিত হোৱাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ ও ৰাজ্য চৰকাৰে সম্পূৰ্ণ খচৰাত অন্তৰ্ভুক্ত হোৱা ও বাদ পৰা লোকৰ পুনৰীক্ষণৰ বাবে আৱেদন দাখিল কৰে কিন্তু ৰাজ্যিক সমন্বয়কে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত আসস্ত হৈ ২৩-০৭-২০১৯ তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ ও ৰাজ্য চৰকাৰৰ পুনৰীক্ষণৰ আবেদন খাৰিজ কৰে তথা ৩১-০৮-২০১৯ তাৰিখে চূড়ান্ত   এন.আৰ.চি প্ৰকাশ কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰে। উল্লেখযোগ্য ২০-০৮-২০১৯ তাৰিখে কেন্দ্ৰীয়  গৃহ মন্ত্ৰালয়ে জাৰী কৰা বিবৃতিত ৩১-০৮-২০১৯ তাৰিখে প্ৰকাশ হবলগীয়া এন.আৰ.চি ক  চূড়ান্ত এন.আৰ.চি বুলি অভিহিত কৰে।সমান্তৰালভাৱে ০২-০৯-২০১৯ তাৰিখে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতি জাৰি কৰি ৩১-০৮-২০১৯ তাৰিখে প্ৰকাশ হোৱা এন.আৰ.চি ক চূড়ান্ত এন.আৰ.চি বুলি অভিহিত কৰে। উক্ত বিবৃতি কেইখনত এন.আৰ.চি ত বাদ পৰা লোকসকলৰ ভৱিষ্যতৰ  আইনী প্ৰক্ৰিয়াৰ বিষয়ো উল্লেখ থাকে।কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰীয়ে ভাৰতৰ সংসদত ০৩-০৭-২০১৯, ৩১-০৮-২০১৯,০৪-১২-২০১৯,১৬-০৩-২০২১ত উত্থাপন হোৱা লিখিত প্ৰশ্নৰ উত্তৰত ৩১-০৮-২০১৯ তাৰিখে প্ৰকাশিত হোৱা এন.আৰ.চি ক  চূড়ান্ত এন.আৰ.চি বুলি আখ্যা দি আহিছে। সেয়হে এন.আৰ.চি ৰ ৰাজ্যিক সমন্বয়কে মহামান্য উচ্চতম ন্যায়ালয়ৰ আগত কৰা আবেদনত  চূড়ান্ত এন.আৰ.চি ক খচৰা তালিকাৰ সৈতে পৰিপূৰক তালিকা হিচাপে অভিহিত কৰাৰ কথা আইন সংগত নহয় বুলি আমি ভাৱো লগতে পুনৰীক্ষণৰ ওপৰত বিষয়টো মহামান্য উচ্চতম ন্যায়ালয়ে বিবেচনা কৰি ২৩-০৭-২০১৯ তাৰিখে ৰায় প্ৰদান কৰাৰ পিছত পুনৰ এনে আবেদন আমি অৰ্থহীন বুলি ভাবোঁ। অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ত পূৰ্বৰ দৰেই ইয়াৰ বিৰুদ্ধে আমি সবল স্থিতি লবলৈ প্ৰস্তুত আছোঁ। উল্লেখযোগ্য যে  বৰ্তমান ৰাজ্যিক সমন্বয়কৰ ভাৱমূৰ্ত্তি ও নিযুক্তিৰ বিৰূদ্ধে  অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা  উচ্চতম ন্যায়ালয়ত  IA  দাখিল কৰা আছে,যি এতিয়াও বিচাৰাধীন হৈ আছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈ থকা এন.আৰ.চি ত মহামান্য আদালতৰ নিৰ্দেশ নোহোৱাকৈ নিজাববীয়াকৈ ৰাজ্যিক সমন্বয়কে বিভিন্ন জিলাৰ উপাযুক্তক চিঠি প্ৰেৰণ কৰি এন.আৰ.চি ত অন্তৰ্ভুক্ত হোৱা লোকৰ পুনৰীক্ষণৰ আদেশ দিয়া কাৰ্য্যৰ বিৰূদ্ধে অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ত আদালতক অৱমাননা কৰাৰ লেখ আবেদন কৰা হৈছে। এই আবেদন মহামান্য উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। সেয়েহে এই গৰাকী বিষয়াৰ কাম-কাজ যে নিৰপেক্ষ হ’ব, তাত আমাৰ সন্দেহ আছে।উল্লেখ থাকে যে অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যাৰ স্থায়ী সমাধান কল্পে মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা NRCৰ প্ৰতিটো কাৰ্য্যত জমিয়ত উলামাই সহযোগিতা আগবঢ়াই আহিছে। অসম চুক্তি অনুসৰি বিদেশী মুক্ত আৰু স্বদেশী যুক্ত NRCখন পোৱাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতিটো শোনানিত প্ৰতিপক্ষ হিচাপে জমিয়ত উলামাই সহযোগিতা আগবঢ়াই থকাৰ কথাটো সৰ্বজনবিদিত। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মেলত এই বিষয়ে আগবঢ়োৱা উক্তি আৰু NRCসমন্বয়কে পুনৰীক্ষণ বিচাৰি মহামান্য উচ্চতম ন্যায়ালয়ত  দাখিল কৰা IAয়েই বিষয়টো জটিল কৰা হ’ব বুলি ভাবোঁ। তথাপিও মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে, মহামান্য উচ্চতম ন্যায়ালয়ে ন্যায়সঙ্গত তদাৰকী বাহাল ৰাখি বাকী থকা কামখিনিৰ পৰিসমাপ্তি ঘটাব। ধন্যবাদেৰেঅসম ৰাজ্যিক জমিয়ত উলামাৰ হৈ মৌলানা মুস্তাক আনফৰ সভাপতি  মৌলানা আব্দুৰ ৰশ্বিদ কাছিমীসাধাৰণ সম্পাদক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here