গণ বাৰ্তা ১৬ আগষ্ট, ধেমাজি : আজি ১৬ আগষ্ট ৷ ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱস উদ্যাপন স্থলীত আলফাই ঘটোৱা বোমা বিষ্ফোৰণত নিহত হৈছিল দহ গৰাকী কন কন শিশু সহ ১৩ গৰাকীকৈ লোক । আজি তেওঁলোকক স্মৰণ কৰা হয় ৷ আলফাৰ ইতিহাসৰ এই ঐতিহাসিক ক’লা অধ্যায় স্মৰণ কৰি আজিও গধুৰ হৈ পৰে ধেমাজিবাসীৰ হৃদয় ৷ এই চুড়ান্ত অমানৱীয় ঘটনাৰ সৈতে জড়িত সকলক ইতিমধ্যে আদালতে শাস্তি প্ৰদান কৰিছে যদিও ১০ গৰাকী শিশু সহ ১৩ গৰাকী লোকক হেৰুওৱাৰ দুখজনক স্মৃতিয়ে এতিয়াও কাতৰ কৰি তোলে ধেমাজিবাসীক ৷ ৰাজ্য চৰকাৰে ১৬ আগষ্টৰ দিনটো শোক দিৱস হিচাপে পালন কৰাৰ সমান্তৰালভাৱে ধেমাজিৰ বিভিন্ন দল সংগঠন তথা ৰাইজে বিষ্ফোৰণথলীৰ সমীপত সদৌ অসম ছাত্ৰ সন্হাই নিৰ্মাণ কৰা শ্বহীদ স্তমভত প্ৰতি বছৰে স্মৰণ কৰে এই বোমা বিষ্ফোৰণত নিহত সকলক ৷ সোমবাৰেও ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ সমীপৰ এই শ্বহীদ স্তমভত বন্তি প্ৰজ্বলন কৰি সদৌ অসম ছাত্ৰ সন্হাৰ লগতে ধেমাজিৰ বিভিন্ন দল সংগঠন তথা ৰাইজে বোমা বিষ্ফোৰণত নিহত সকলৰ প্ৰতি জনাই শ্ৰদ্ধাঞ্জলী ৷