Home Main Stories বৰপেটাৰ কাউৰপাৰাত জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন

বৰপেটাৰ কাউৰপাৰাত জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন

419
0

দিদাৰ হুছেইন, হাউলী, ৭ মে’ ঃ ৪৩নং বৰপেটা বিধানসভা সমষ্টিৰ কাউৰপাৰা গাঁৱত জীৱিত ব্যক্তিক মৃত্যু হোৱা দেখুৱাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাৰ এক আজৱ কাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ৪৩নং বৰপেটা সমষ্টিৰ অন্তৰ্গত কাউৰপাৰা ৪১নং খণ্ডৰ ২৮৩নং ঘৰ নম্বৰৰ নাজিৰ হুছেইন, পিতা-আব্দুৰ নূৰ ৫৭ বছৰীয়া বৃদ্ধজনক স্থানীয় কাউৰপাৰা গাঁৱৰ বিএলঅ’ নূৰ মহম্মদ আলীয়ে চক্ৰান্ত কৰি মিছা গোপন প্ৰতিবেদন দিয়াৰ ফলত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে  উক্ত নাজিৰ হুছেইনৰ নাম ২০২২ চনৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে। ইপিনে, নাজিৰ হুছেইনৰ পত্নী ফাতেমা বেগম, পুত্ৰ হোছেইন মহম্মদ আবু খালিদ আৰু আবু খায়েৰ আশ্ৰাফীক কাউৰপাৰা গাঁৱৰ পৰা স্থানান্তৰ হোৱা দেখুৱায়ো ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে বুলি নাজিৰ হুছেইন আৰু তেওঁৰ পত্নী ফাতেমা বেগমে বিএলঅ’ নূৰ মহম্মদ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। উক্ত ঘটনা সন্দৰ্ভত হাউলী প্ৰেছ ক্লাবৰ প্ৰতিনিধিসকলে কাউৰপাৰা গাঁৱত উপস্থিত হৈ স্থানীয় লোক আৰু কাউৰপাৰা গাঁৱৰ গাঁও প্ৰধান ৰাম চন্দ্ৰ নাথৰ পৰা নাজিৰ হুছেইনৰ বিষয়ে জানিব বিচৰাত তেওঁ কয়, মোৰ এলেকাৰ কাউৰপাৰা গাঁৱৰ নাজিৰ হুছেইনসহ চাৰিজন ব্যক্তি ইতিমধ্যে জীৱিত হৈ আছে, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱাত আশ্চৰ্য প্ৰকাশ কৰি কয় যে নাজিৰ হুছেইনৰ পৰিয়াল কোনো ঠাইতে স্থানান্তৰ হোৱা নাই।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি নাজিৰ হুছেইনৰ পৰিয়ালৰ লগত বিএলঅ’ নূৰ মহম্মদ আলীৰ ঘৰৰ মাটিৰ সীমা বিবাদক কেন্দ্ৰ কৰি বিবাদ চলি আহিছে আৰু ইয়াৰ সুযোগ লৈ বিএলঅ’ নূৰ মহম্মদ আলীয়ে নাজিৰ হুছেইনৰ পৰিয়ালৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ জঘন্য কাণ্ড সংঘটিত কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰে নাজিৰ হুছেইনৰ পৰিয়ালৰ নাম পূৰ্বৰ তালিকাৰ দৰেই নাম অন্তৰ্ভুক্ত কৰি দিবলৈ জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত দাবী জনাইছে। উক্ত ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি বি এলঅ’ জনৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলা আমছুৰ সভাপতি আব্দুল জুব্বাৰ আলীয়ে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here