মৰিগাঁও,৯ নবেম্বৰ:–মৰিগাঁও জিলাৰ বৰিবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰচলা অঞ্চলত মৰিগাঁও জিলা বন বিভাগ আৰু বৰিবজাৰ আৰক্ষীৰ যুটীয়া অভিযানত১৩ টাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।বৰিবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰচলাৰ জলাশয় সমূহত দীৰ্ঘদিনৰ পৰা বহুকেইটা দুষ্প্ৰাপ্য পক্ষী একাংশ দুষ্ট চক্ৰই আৱদ্ধ কৰি ৰখৰ খবৰ লাভ কৰে। কালি জিলা বন বিভাগ আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বৰচলাৰ জলাশয়ৰ পৰা ১৩টাকৈ কামচৰাই আৰু খৰালী হাঁহ দুষ্কৃতিকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে যদিও আৰক্ষী যোৱা সম্ভেদ পায় দুষ্কৃতিকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। আজি মৰিগাঁও জিলা বন বিভাগে উদ্ধাৰ কৰা দুষ্প্ৰাপ্য পক্ষীসমূহক পবিতৰা অভয়াৰণ্যত মুকলি ভাৱে এৰি দিয়ে। উল্লেখ্য যে- বৰচলা অঞ্চলৰ জলাশয়ৰ পৰা ইয়াৰ পূৰ্বেও জিলা বন বিভাগে অভিযান চলাই কেইবাটাও দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ কৰি পক্ষীসমূহক এৰি দিছিল। জিলা বন বিভাগে দুষ্প্ৰাপ্য পক্ষী সমূহক আৱদ্ধ কৰি ৰখোৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ইতিমধ্যে অভিযান অৱ্যাহত ৰাখিছে। ইপিনে, দুষ্প্ৰাপ্য পক্ষী সমূহক কোনেও যাতে আৱদ্ধ কৰি নাৰাখে,তাৰ বাবে সকলো লৈকে জিলা বন বিভাগে আহ্বান জনাইছে।