Home স্থানীয় ডিগবৈৰ পানবাৰীত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

ডিগবৈৰ পানবাৰীত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

119
0

দ্বীপেন শইকীয়া, ডিগবৈ, ১২ জুনঃ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পানবাৰীত প্ৰকৃতিপ্ৰেমী ৰাইজে নিশা এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷জানিব পৰা অনুসৰি নিশা খাদ্যৰ সন্ধানত আপাৰ দিহিং বনাঞ্চলৰ পৰা জনাঞ্চললৈ উলাই অহা লাজুকী বান্দৰটোৱে ডিগবৈ পেঙেৰী সংযোগী পথ অতিক্ৰম কৰিবলৈ লওঁতেই পানবাৰীৰ সচেতন যুৱকদ্বয়ে প্ৰত্যক্ষ কৰি ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী পি চি ৰঞ্জীত ৰামক খবৰ প্ৰদান কৰে৷খবৰৰ ভিত্তিত ততাতৈয়াকৈ বন কৰ্মী উক্ত স্হানত উপস্থিত হৈ স্হানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ সহযোগত লাজুকী বান্দৰটো উদ্ধাৰ কৰি বন বিভাগক গটাই দিয়ে।উদ্ধাৰ কৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটি পুনৰ বনকৰ্মীয়ে আপাৰ দিহিং বনাঞ্চলৰ ঘন জংঘলত পুনৰ মুকলি কৰি দিয়ে৷উল্লেখ যে,দিহিং পাটকাই আৰু আপাৰ দিহিং বনাঞ্চলৰ পৰা সঘনাই খাদ্যৰ সন্ধানত জনাঞ্চললৈ উলাই অহা বিভিন্ন দুষ্প্ৰাপ্য জীৱ-জন্ত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতেই দূৰ্ঘটনা সংঘঠিত হৈ মৃত্যু তথা গুৰুত্বৰ আঘাতপ্ৰাপ্ত হোৱা ঘটনাৰ ওপৰত ভিত্তি কৰি ডিগবৈ বন বিভাগক দুষ্প্ৰাপ্য প্ৰজাতি জীৱ-জন্তসমুহ সুৰক্ষা প্ৰদানৰ বাবে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰকৃতিপ্ৰেমী ৰাইজে দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here