Home স্থানীয় দেওমৰনৈত দুষ্প্রাপ্য ধনেশ পক্ষী উদ্ধাৰ

দেওমৰনৈত দুষ্প্রাপ্য ধনেশ পক্ষী উদ্ধাৰ

300
0

গণ বাৰ্তা, দেওমৰনৈ, ৫ ছেপ্টেম্বৰঃ ৰাজ্যত পক্ষীকুলৰ পৰা বিলুপ্তপ্ৰায় এটা ধনেশ পক্ষী আজি দেওমৰনৈত উদ্ধাৰ হয়। আজি পুৱা আঠমান বজাত  দেওমৰনৈ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ এডাল আঁহত গছৰ ডালত পৰি থকা ধনেশ পক্ষীটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে সম্প্ৰতি ৰাজ্যত হোৱা ভদীয়া বানৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যান সমূহত জীৱ-জন্তুকে ধৰি পক্ষী কূলৰ আশ্ৰয়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ বাবেই নিৰাপদ আশ্ৰয়ৰ সন্ধানত ধনেশ পক্ষীটো এনেদৰে    পৰিভ্ৰমণ কৰি অহা বুলি প্ৰত্যক্ষ দৰ্শীয়ে ঠাৱৰ কৰে।প্ৰায় চাৰি ঘণ্টা সময় গছত জিৰণি লোৱা দুষ্প্ৰাপ্য ধনেশ পক্ষীটো দৰ্শন কৰিবলৈ ভিৰ কৰা ৰাইজে  সংগী পক্ষীটোও কোনোবা নিৰাপদ ঠাইত আশ্ৰয় লোৱা বুলি সন্দেহ কৰে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here