Home Recommended শিৱসাগৰত বিলুপ্তপ্ৰায় বিৰল প্ৰজাতিৰ লক্ষ্মী ফেঁচা উদ্ধাৰ

শিৱসাগৰত বিলুপ্তপ্ৰায় বিৰল প্ৰজাতিৰ লক্ষ্মী ফেঁচা উদ্ধাৰ

33
0

প্ৰতিবেদক, নাজিৰা, ২৪মে’ঃ যান্ত্ৰিকতাই মানুহৰ মগজু কংক্ৰিটৰ দৰে কৰি তোলাৰ সময়তে শিৱসাগৰৰ ৰিতু প্ৰিয়মৰ প্ৰশংসনীয় পদক্ষেপ ৷ পশ্চিম কোঁৱৰপুৰ মৌজাৰ নকটনি গাঁৱত আজি বিলুপ্তপ্ৰায় বিৰল প্ৰজাতিৰ এটা লক্ষ্মী ফেঁচা উদ্ধাৰ কৰি ৰিতু প্ৰিয়মে বন বিভাগক অৱগত কৰে । ভৰিত আঘাত পাই থকা ফেঁচাটোক চিকিৎসা প্ৰদান কৰি সুস্থ নোহোৱা পৰ্যন্ত আঘাতপ্ৰাপ্ত ফেঁচাটো নিজৰ তত্বাৱধানত ৰখাৰ কথা সদৰী কৰে ৰিতু প্ৰিয়মে ৷ শিৱসাগৰৰ প্ৰকৃতিপ্ৰেমী যুৱকজনে বিগত ৫ বছৰ ধৰি পশু, পক্ষী সংৰক্ষণ আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত নিজকে আত্মনিয়োগ কৰি ৰাখিছে ৷ আনহাতে কেৱল মানুহ হৈ জীয়াই থাকিব নোৱাৰো, গছৰ বাবে চিন্তা কৰিব লাগিব আৰু পশু, পক্ষীৰ বাবেও চিন্তা কৰিব লাগিব বুলি সংবাদ-মাধ্যমৰ আগত মন্তব্য কৰে প্ৰকৃতিপ্ৰেমী উক্ত যুৱকজনে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here