Home অসম মুখ্যমন্ত্ৰীৰ গাখীৰ দিয়া-নিদিয়া গৰুৰ প্ৰসংগত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰীৰ গাখীৰ দিয়া-নিদিয়া গৰুৰ প্ৰসংগত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

153
0

গণ বাৰ্তা, ফুলনি, ৩ মাৰ্চ:- উপনিৰ্বাচন এক গণতান্ত্ৰিক প্ৰকিয়াৰ। মাজুলীৰ উপনিৰ্বাচনত আমি প্ৰতিদন্দিতা কৰিছো।বিৰোধী দলৰ উমহতীয়া প্ৰাৰ্থী হিচাপে আমি চিত্ত ৰঞ্জন বসুমতাৰীক প্ৰাৰ্থীত্ব আগবঢ়াইছো। উপ নিৰ্বাচনৰ সময়ৰ চমু চাপি অহা প্ৰাকক্ষণত আপোনালোকৰ জড়িয়তে নিৰ্বাচন সম্পৰ্কে আমি অসমৰ জনসাধাৰনক জনাব বিছাৰিছো। বিশেষকৈ, মাজুলী বাসী ৰাইজক জনাব বিছাৰিছো যে নিৰ্বাচনৰ প্ৰকিয়া আৰম্ভ হোৱা মূহুৰ্ততে শাসক দল বিজেপি ভিন্ন গৰাকী মন্ত্ৰীয়ে মাজুলীৰ বুকুত আমি কোৱা শুনিছিলো যে তেখেত সকল ৫০  হাজাৰ ভোটত জিকিব আৰু ৬০ হাজাৰ ব্যাৱধানৰ বাবে তেওঁলোকে চেষ্ঠা কৰি আছে। কিন্তু আজি দিনতোত দৃশ্যপত সম্পূৰ্ন বিপৰিত সেই কথাষাৰ আপোনালোকে নিশ্চিত ভাৱে উপলব্ধি কৰিব। যদি ৫০ ৰ পৰা ৬০ হাজাৰ ভোটত জিকিবই পাৰে তেতিয়াহলে গোটেই দিশপুৰ খন কিয় মাজুলীত প্ৰতিষ্ঠা কৰিব লগা হৈছে। ৫০ হাজাৰতকৈ অধিক ভোটত জিকিব লগা দল এটাই আছলতে প্ৰতিদন্দিতা নাই তেতিয়াহলে তেওঁলোকে নিজৰ কাম কাজ কৰি থাকিব লাগে । ৫০ হাজাৰতকৈ অধিক ভোটত জিকিব কিন্তু এটা বিপৰিত প্ৰতিছবি দেখিবলৈ পাইছো। মাজুলীত মূখ্যমন্ত্ৰী , কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ,  ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক দৈনিক মাজুলীলৈ আহি আছে লগতে বাহৰ পাতি আছে।সমগ্ৰ দিশপুৰ খনৰে আধা মন্ত্ৰী বিধায়ক মাজুলীত বাহৰ পাতি আছে তেওঁলোকৰ প্ৰাৰ্থী জয়যুক্ত কৰাবৰ বাবে। ইমান যদি আত্ম বিশ্বাস আছিল যে তেখেত সকল জিকিব গোটেই দিশপুৰ খন মাজুলীলৈ উঠাই আনিব লগা কাৰন কি। এই প্ৰশ্নটো মই ভাবো যে মাজুলীৰ সচেতন ৰাইজে নিশ্চিত ভাৱে উপলব্ধি কৰিব। গতিকে আজি আমি কৰ্তিত্ব সহকাৰে ঘোষণা কৰিছো আমাৰ দলৰ প্ৰাৰ্থী গৰাকী বিপুল ভোটত জয়যুক্ত হ’ব আৰু বিজেপি প্ৰাৰ্থী গৰাকী পৰাজিত হ’ব। আৰু আপোনালোকে নিশ্চিত ভাৱে জানে দিশপুৰৰ পৰা যি হাৰত সোত ব’ব লৈছে কেন্দ্ৰীয় মন্ত্ৰী ,   মূখ্যমন্ত্ৰী পৰা ৰাজ্য খনৰ  মন্ত্ৰীৰ পৰা বিধায়কলৈকে দলৰ বিভিন্ন নেতাই সমগ্ৰ মাজুলীখন দখল কৰি লৈছে। তাৰ পৰা এইটো অনুমান কৰিব পৰা যায় তেখেত সকল উদিগ্ন তেখেত সকল চিন্তিত আৰু তেখেত সকলে নিশ্চিত ভাবে জানে যে তেওঁলোকৰ জয়ৰ পথ সোগম হৈ থকা নাই। জয়ৰ পথ সুগম হৈ থাকিলে গোটেই দিশপুৰ খনৰ আধা দিশপুৰ আনি মাজুলী খনত বহোৱাই নলৰহেতেন। গতিকে আমি নিশ্চিত যে মাজুলীৰ জনতাই এই ধৰ্ম যুদ্ধত ধৰ্মৰ পক্ষত ঠিয় দিব। এই ধৰ্ম যুদ্ধত মাজুলীৰ সুৰক্ষাৰ দিশটোক অগ্যাধিকাৰ দিব মাজুলীৰ স্বভিমান আৰু ঐতিৰ্যৰ ৰক্ষাৰ যুজত প্ৰাধ্যান্ন দিব আৰু মাজুলীৰ জনসাধাৰনে অভিমান সুৰক্ষাৰ স্বাৰ্থত এগৰাকী নিকা ভাৱমূৰ্তিৰ এক  শক্তিশালী প্ৰাৰ্থীক ভোটদান কৰিব যি গৰাকী প্ৰাৰ্থী চিত্ত ৰঞ্জন বসুমতাৰীয়ে মাজুলীৰ কন্ঠহৈ বিধান সভাৰ মজিয়াত মাজুলীৰ দূখ আৰু বেদনা সমূহ সঠিক ভাৱে উপস্থাপন কৰিব। একে সময়তে মাজুলীত বিজেপি দলে এই গৰাকী প্ৰাৰ্থিক প্ৰক্ষেপ কৰি জনসাধাৰণক যি অপমান আৰু সন্মান প্ৰদৰ্শন কৰিলে বা বিজেপি দলৰ নিষ্ঠাবান কৰ্মী সকলক যিদৰে অপমান আৰু সন্মান লাঘব কৰিলে মই ভাবো ইয়াৰো নিশ্চয় জনসাধাৰনে যোগ্য প্ৰত্যুত্বৰ দিব। বিজেপি দলৰ নিষ্ঠাবান কৰ্মী সকলৰ প্ৰতিও মোৰ আহ্বান আপোনালোকে বিজেপি দল কৰি আছে আদৰ্শগত ভাবে সকলোৱে । বিজেপি দলৰ প্ৰতি জগদীশ ভূঞাৰ আহ্বান আপোনালোকৰ বহু নিষ্ঠাবান কৰ্মীয়ে নিৰ্বাচন প্ৰতিদন্দিতা কৰিব পৰা  নিজৰ যোগ্যতা থকা স্বতেও এনে এগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰি বিজেপি দলৰ নিষ্ঠাবান কৰ্মী সকলৰ প্ৰতিও অপমান কৰিছে । জগদীশ ভূঞাই ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত কৰা মতা গৰু আৰু মাইকী গৰুক লৈ কৰা মন্তব্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইমান নিম্ন ৰুচি সম্পন্ন বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাতো মই উচ্চিত বুলি ভবা নাই । মূখ্যমন্ত্ৰীয়ে এনে বক্তব্যৰ দ্বাৰা তেখেত সকলৰ প্ৰাৰ্থী গৰাকীক গৰু বুলি কবলৈ সংকোচ কৰা নাই। গতিকে মাজুলীবাসী ৰাইজে সিদ্ধান্ত লব মানুহক ভোট দিবনে গৰুক ভোট দিব। এইয়া আমাৰ বক্তব্য নহয় ৰাজ্যৰ স্বয়ং মূখ্যমন্ত্ৰীৰ বক্তব্য। মূখ্যমন্ত্ৰী যেতিয়া প্ৰাৰ্থীক গৰাকীক গৰু বুলি কলে তাকো গাখীৰ দিয়া গৰু এতিয়া কথাতো হ’ল বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকী গাখীৰ দিয়া গৰু বুলি কলে কিন্তু বিজেপি দলৰ প্ৰক্ষেপত প্ৰাৰ্থী গৰাকী গাখীৰ দিয়া গৰু হয়নে নহয় সেইটো বিচাৰ মাজুলীবাসী ৰাইজে কৰিব। কিন্তু এটা কথা ঠিক মাজুলীৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকী যে  জনসাধাৰণক শোষন আৰু লুন্ঠন কৰাত যে সিদ্ধহস্ত সেইকথা মাজুলীবাসী ৰাইজে জানে। কাৰন মাজুলীবাসী ৰাইজৰ জীৱন আৰু জীৱিকা সম্প্ৰতি ধ্বংশ কৰা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তেওঁৰ অংশীদাৰ আছিল। মাজুলীৰ বান্ধ যি বান্ধে জনসাধাৰণক সুৰক্ষিত কৰি ৰাখে সেই বান্ধ নিৰ্মাণৰ ধন আত্মসাত কৰি জনসাধৰনক বিপদগ্ৰস্ত কৰা বুৰঞ্জী খন জিলিকি আছে। মাজুলীবাসী ৰাইজে সেই কথা পাহৰিযোৱা নাই। গতিকে ইমান নিম্ন ৰুচি সম্পন্ন বক্তব্যৰে জনসাধাৰণক বিভান্ত কৰা বা মাজুলীবাসী ৰাইজক অসন্মান কৰিছে বুলি ভাবো। এটা কথা নকলে ভূল কৰা হ’ব যে বৰ্তমানৰ মূখ্যমন্ত্ৰী ‍১৫ বছৰ ৰাজ্য খনৰ স্বাস্থ্য মন্ত্ৰী আছিল এই পোন্ধৰ বছৰত মাজুলীৰ স্বাস্থ্য খণ্ডৰ বিকাশ হলনে নাই সেই কথা মাজুলীবাসী ৰাইজে বিছাৰ বিশ্লেসন কৰিচোৱা উচ্চিত। আজিও মাজুলীৰ বহু প্ৰসুতি চিকিৎসাৰ অভাৱত মৃত্যু মূখত পৰিছে। মাজুলীত বৰ্তমানেও বহু সৰু সুৰা চিকিৎসা নহয়। চিকিৎসালয়লে লৈ গলে মাজুলীৰ চিকিৎসকে কয় আপোনালোকে যোৰহাটলৈ নিয়ক । যি খন ফেৰীত চিকিৎসালয়লে ৰুগী নিয়ে সেই একেখন ফেৰীত মৃতদেহ কঢ়িয়াই আনে। এই বেদনাৰে ভাৰাকান্ত মাজুলী ৰাইজক যোৱা পোন্ধৰ বছৰে বৰ্তমানৰ মূখ্যমন্ত্ৰী গৰাকী স্বাস্থ্য মন্ত্ৰী হৈ থাকোতে ন্যায় দিলেনে নাই সেই গৰাকীয়ে কি ৰাজ্যৰ উন্নতিৰ কথা চিন্তা কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here