Home অসম বটদ্ৰৱা কাণ্ডৰ আঁৰত শ্লিপাৰ চেল , ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া

বটদ্ৰৱা কাণ্ডৰ আঁৰত শ্লিপাৰ চেল , ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া

164
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ মে’ ঃ নগাঁৱৰ বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডক লৈ ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে৷ এই কাণ্ডৰ সৈতে জেহাদী জড়িত থকা বুলি প্ৰত্যক্ষভাৱে নক’লেও পৰোক্ষভাৱে বটদ্ৰৱা কাণ্ডৰ বাবে জেহাদী সংগঠনকে দোষাৰোপ কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে৷ এই সন্দৰ্ভত আৰক্ষীসঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে ‘বৰ্তমান বটদ্ৰৱা কাণ্ডৰ তদন্ত অব্যাহত আছে৷ এই কাণ্ডৰ সৈতে জড়িতৰ অন্তৰালত জেহাদী শব্দটো ব্যৱহাৰ নকৰোঁ বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ সৈতে জড়িত আনচাৰুল ইছলামৰ গ্ৰুপ এটা ধৰা পৰিছে৷ ই অল কাইডাৰ এটা ঠাল৷ তেওঁলোকৰ গতিবিধি আমি তলে তলে লৈ আছোঁ৷ এই সংগঠনটোৱে মানুহ কিছুমানক উত্তেজিত কৰি এটা শ্লিপাৰ চেল ৰেডী কৰাৰ প্ৰস্তুতি চলাই আছে৷ তেওঁলোকে নগাঁৱত এনে কাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাই আছে৷ বটদ্ৰৱা কাণ্ডত ইয়াৰ চিন স্পষ্ট ৰূপত পোৱা গৈছে৷’ উল্লেখ্য যে বৰপেটা, বঙাইগাঁৱৰ বৃহৎসংখ্যক জেহাদী কৰায়ত্ত কৰিছিল অসম আৰক্ষীয়ে৷ তেনে অৱস্থাত নগাঁৱৰ ঘটনাৰ সৈতে জেহাদীৰ শ্লিপাৰ চেল জড়িত হোৱাৰ অভিযোগে ৰহস্যৰ সৃষ্টি কৰিছে৷ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰু কয় ‘কোনোবাই পেট্ৰ’ল লৈ আহিছে৷ পেট্ৰ’ল বোমা লৈ আহিছিল নেকি আমি পৰীক্ষা কৰি আছোঁ৷ উত্তেজিত মানুহখিনিৰ মাজত আলাউদ্দিন নামৰ এটা ড্ৰাগ্‌ছ মাফিয়াক প্ৰত্যক্ষ কৰিছোঁ৷ তেওঁলোকৰ নথি-পত্ৰ নষ্ট কৰাৰ এয়া পৰিকল্পিত ঘটনা৷ মুছলমানসকলক এই বিশেষ সংগঠনটোৱে উত্তেজিত কৰি সমগ্ৰ কাণ্ড সংঘটিত কৰিছে বুলি ক’ব পাৰি৷’ অঞ্চলটোৰ কে’বাঠাইতো নিশাৰ ভাগত এনে কাণ্ড সংঘটিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি ডিজিপিগৰাকীয়ে কয়, তেওঁলোকে আৰক্ষীৰ পৰা অস্ত্ৰ লৈ যোৱাৰ আশংকা কৰা হৈছে৷ সেইকাৰণে তেওঁলোকৰ বাসগৃহসমূহ ভাঙি পেলোৱা হৈছে৷ প্ৰয়োজনত মাটি খান্দি হ’লেও চুৰি কৰা অস্ত্ৰসমূহ উদ্ধাৰ কৰা হ’ব৷ এটা বিশেষ দল গঠন কৰাৰ নিৰ্দেশ দিয়া হৈছে, এজন অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত থাকিব এই দলটো৷ মহন্তই কয়, ‘ছফিকুলে মদ খাই পৰি থকা অৱস্থাত তুলি অনা হৈছিল৷ তাৰ ফটোগ্ৰাফ আমাৰ হাতত আছে৷ নিচাগ্ৰস্ত অৱস্থাত আমাৰ থানাৰ নতুন বলেৰ’ গাড়ীৰে অনা হৈছিল৷ টেকনিকেলি পুলিচৰ জিম্মাতে তেওঁৰ মৃত্যু হৈছে৷ পুলিচৰ জিম্মাতে মৃত্যু হোৱাটো আচৰিত নহয়৷ কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক ইয়াৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷’ ধিং থানাত এটা কেছ ৰেজিষ্টাৰ হৈছে বুলি মন্তব্য কৰি ভাস্কৰজ্যোতি মহন্তই কয়, সমগ্ৰ ঘটনাত ষড়যন্ত্ৰ জড়িত আছে৷ বৃহৎ দমনমূলক কাৰ্যকলাপৰ উদাহৰণ এয়া৷ এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব৷ কঠোৰ হাতেৰে দমন কৰা হ’ব এনে কাৰ্য৷ লক্ষণীয় যে এতিয়ালৈকে ৰাজ্যত জেহাদীৰ প্ৰত্যক্ষ সহযোগত কোনোধৰণৰ কূটাঘাত সংঘটিত হোৱা নাই৷ তেনে অৱস্থাত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মন্তব্যই সচেতন মহলত কৌতূহলৰ সৃষ্টি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here