Home অসম ৰাজ্যৰ বানৰ ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে মন্ত্ৰীমণ্ডলক দায়িত্ব

ৰাজ্যৰ বানৰ ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে মন্ত্ৰীমণ্ডলক দায়িত্ব

131
0

১৭ জিলাত উপস্থিত হৈ মন্ত্ৰীসকলে প্ৰস্তুত কৰিব প্ৰতিবেদন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ জুন ঃ ৰাজ্যৰ বান পৰিস্থিতিক লৈ আজি ৰাজ্যিক কেবিনেটত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী কেশৱ মহন্তই কয় যে ৰাজ্যৰ ১৪৪টা ৰাজহ চক্ৰৰ ৯,০০২খন গাঁৱত বানে তাণ্ডৱ সৃষ্টি কৰিছিল। যাৰ ফলত ৭৩,৮৬,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যত বান পৰিস্থিতিৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰাৰ বাবে পূৰ্বৰ তুলনাত ক্ষিপ্ৰগতিত কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পূৰ্বতে ক্ষয়-ক্ষতিৰ মূল্যায়ন দীঘলীয়া হোৱা বাবে আক্ৰান্ত লোকসকলে ক্ষতিপূৰণ দেৰিকৈ লাভ কৰিছিল। ক্ষতিগ্ৰস্তক তাৎক্ষণিকভাৱে সকাহ দিব পৰাকৈ নতুন পদ্ধতিত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। ৰাজ্যৰ ১৭খন জিলাত মন্ত্ৰীসকলে এজন প্ৰধান সচিবক লগত লৈ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিব। প্ৰতিজন মন্ত্ৰীয়ে নিৰ্দিষ্ট জিলাত ৪-৫ দিন শিবিৰ পাটি উপায়ুক্তৰ যোগেদি প্ৰতিবেদন প্ৰস্তুত কৰিব। ১০ জুলাইৰ ভিতৰত যাতে উপায়ুক্তসকলৰ পৰা বানৰ ক্ষয়-ক্ষতিৰ প্ৰতিবেদন আনিব পাৰে তাৰ বাবে মন্ত্ৰীসকলে আগভাগ ল’ব। এই কামৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ দায়িত্ব বিভিন্ন মন্ত্ৰীক দিয়া হৈছে। হাইলাকান্দি জিলাৰ দায়িত্ব পৰিমল শুক্লবৈদ্যক অৰ্পণ কৰা হৈছে।

আনহাতে, কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱা, হোজাইৰ দায়িত্ব কেশৱ মহন্তক, নগাঁৱৰ দায়িত্ব অতুল বৰা, দৰং আৰু কামৰূপৰ দায়িত্ব চন্দ্ৰমোহন পাটোৱাৰী, ওদালগুৰিৰ দায়িত্ব উৰখাও গৌৰা ব্ৰহ্ম, তামুলপুৰৰ দায়িত্ব সঞ্জয় কিষাণক, নলবাৰী জিলাৰ দায়িত্ব নন্দিতা গাৰ্লোচাক, বাক্সা জিলাৰ দায়িত্ব যোগেন মোহনক, চিৰাং জিলাৰ দায়িত্ব বিমল বৰাক, বৰপেটা জিলাৰ দায়িত্ব ৰণোজ পেগুক, বজালী আৰু বঙাইগাঁৱৰ দায়িত্ব ৰঞ্জিত দাসক, মৰিগাঁৱৰ দায়িত্ব পীয়ূষ হাজৰিকাক, শোণিতপুৰৰ দায়িত্বত অশোক সিংঘালক অৰ্পণ কৰা হৈছে। অহা ২৮ জুনৰ ভিতৰত মন্ত্ৰীসকল জিলাত উপস্থিত হ’ব। আনহাতে কিছু কিছু জিলাত বানৰ ক্ষয়-ক্ষতিৰ দায়িত্ব জলসম্পদ বিভাগক অৰ্পণ কৰা হৈছে। জলসম্পদ বিভাগে ক্ষয়-ক্ষতিৰ মূল্যায়ন জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰি ইয়াৰ প্ৰাককলন প্ৰস্তুত কৰি জমা দিব লাগিব। পূৰ্বতে এছডিআৰএফৰ পৰা ধন আবণ্টনত জটিল পদ্ধতি আছিল যদিও এতিয়াৰে পৰা এই পদ্ধতি সৰলীকৰণ কৰি জলসম্পদ বিভাগে দাখিল কৰা প্ৰাক্‌কলন অনুসৰি একেলগে কাম আবণ্টন কৰা হ’ব আৰু নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰি ৩১ মাৰ্চৰ ভিতৰত ধন মুকলি কৰি দিয়া হ’ব।

আনহাতে, কিছু কিছু বাট-পথ লোকনিৰ্মাণ বিভাগে অন্যান্য পুঁজিৰ পৰা দুমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব। ইপিনে ৰাজ্যিক কেবিনেটত ৰাজ্যৰ ৰে’লৰ অব্যৱহৃত মাটি পুনৰ অন্য কামত ব্যৱহাৰ কৰাৰ বাবে অসম ৰে’ল আন্তঃগাঁথনি উন্নয়ন নিগম নামৰ এখন নিগম নিকায় গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে। আনহাতে, অৰুণোদয় আঁচনিত নতুনকৈ ৭ লাখ ৫৬ হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। আনহাতে, অহা অক্টোবৰ মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন ১,০০০ৰ পৰা ১,২৫০ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইপিনে ৰাজ্যৰ নাৰীক স্বাৱলম্বী কৰাৰ বাবে আন এক আঁচনিক অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। এতিয়াৰে পৰা স্বনিৰ্ভৰ নাৰী নামৰ এক আঁচনি অনুমোদন জনায়। এই আঁচনিৰ যোগেদি প’ৰ্টেল এটাত শিপিনী তথা যিসকল মহিলাৰ তাঁত শাল আছে তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব। শিপিনীসকলে ২৯ বিধ কাপোৰ ব’ব পাৰিব। পিছত ৰাজ্য চৰকাৰৰ আৰ্থফেড প্ৰাগজ্যোতিকা আদি বিপণীৰ যোগেদি এইসমূহ বিক্ৰী কৰা হ’ব আৰু ইয়াৰ পৰিৱৰ্তে এটা নিৰ্দিষ্ট হাৰত শিপিনীসকলক ধন দিয়া হ’ব।   

LEAVE A REPLY

Please enter your comment!
Please enter your name here