Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ডিচেম্বৰত খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৯ শতাংশলৈ বৃদ্ধি, পাঁচ মাহত সৰ্বোচ্ছ স্তৰত ভাৰতত মুদ্ৰাস্ফীতি

ডিচেম্বৰত খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৯ শতাংশলৈ বৃদ্ধি, পাঁচ মাহত সৰ্বোচ্ছ স্তৰত ভাৰতত মুদ্ৰাস্ফীতি

154
0


নতুন দিল্লী, ২০ জানুৱাৰী:
ভাৰতত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ দেশত প্ৰতিদিনেই নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰাত সৰ্বসাধাৰণ লোক এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে৷ যোৱা ডিচেম্বৰ মাহত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৫.৫৯ শতাংশলৈ বৃদ্ধি পাইছে৷ যিটো অভাৱনীয়, কিয়নো যোৱা পাঁচ মাহত সৰ্বোচ্ছ স্তৰত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি উপনীত হৈছে৷ ইয়াৰ পূৰ্বে ২০২১ৰ নৱেম্বৰত খুচুৰা মুদ্ৰাস্ফীতি আছিল ৪.৯১ শতাংশ৷ আনহাতে, ২০২০ৰ ডিচেম্বৰত আছিল ৫.৫৯ শতাংশ৷ পূৰ্বৰ তুলনাত দেশত মুদ্ৰাস্ফীতিৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ এনে এক পৰিস্থিতিত সৰ্বসাধাৰণ লোকে এতিয়া দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিবলগীয়া হৈছে৷ কিয়নো বজাৰত অভাৱনীয় হাৰত সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে৷ কেৱল ভাৰততেই নহয়, ক’ভিডৰ বাবে বিশ্বৰ আন দেশসমূহতো খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পাইছে৷ ব্ৰাজিলত মুদ্ৰাস্ফীতিৰ হাৰ ১০.১ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাছিয়াত ৮.৪ শতাংশ, দক্ষিণ আমেৰিকাত ৫.৯ শতাংশ, চীনত ১.৫ শতাংশ, আমেৰিকাত ৭.০ শতাংশ, জাপানত ০.৬ শতাংশ, পাকিস্তানত ১২.৩ শতাংশ, শ্ৰীলংকাত ১২ শতাংশলৈ মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here