Home Main Stories পিডব্লিউডিৰ অৱসৰপাপ্ত মুখ্য অভিযন্তা মুস্তাফিজুৰ ৰহমানৰ বিয়োগ ▪️ ইণ্ডো-বাংলাদেশ সীমান্ত ...

পিডব্লিউডিৰ অৱসৰপাপ্ত মুখ্য অভিযন্তা মুস্তাফিজুৰ ৰহমানৰ বিয়োগ ▪️ ইণ্ডো-বাংলাদেশ সীমান্ত পথ-বেৰা নিৰ্মাণত উল্লেখযোগ্য অৱদান আছিল

118
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ জুন : লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযান্তা মুস্তাফিজুৰ ৰহমানে ইহলীলা সম্বৰণ কৰিছে। যোৱা ২৪ জুনত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত বয়স হৈছিল ৮২ বছৰ। তেওঁ মহানগৰীৰ ৰাজগড় ৰোডৰ বাসিন্দা। মৃত্যুৰ দিনাই তেওঁৰ গুৱাহাটীৰ ইছলামপুৰ কবৰস্থানত জানাজা সম্পন্ন হয়। তেওঁ ইহ সংসাৰত এৰি থৈ যায় পত্নী, তিনি পুত্ৰ আৰু কন্যা আৰু চাৰি নাতি-নাতিনীক। তেওঁৰ মৃত্যুত বহুজনে গভীৰ শোক প্ৰকাশ কৰাৰ উপৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এইগৰাকী অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তাই ধুবুৰীত জন্মগ্ৰহণ কৰিছিল। তেওঁ এগৰাকী বহুমুখী প্ৰতিভাৱান খেলুৱৈ আছিল। ক্ৰিকেট, ভলীবল, টেনিছ, ফুটবল আৰু টেবুল টেনিছত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছিল। কটন কলেজ, অসম আভিযান্ত্ৰিক মহাবিদ্যলায় আৰু স্থানীয় ক্লাবসমূহকো তেওঁ প্ৰতিনিধিত্ব কৰিছিল। পিডব্লিউডি বিভাগৰ সহকাৰী অভিযন্তাৰূপে কাৰ্যভাৰ আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ তেওঁ বদলি হৈছিল। ধুবুৰী জিলাৰ ইণ্ডো-বাংলাদেশ সীমান্তত পথ আৰু বেৰা নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদান আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here