
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ মে : ভাৰতীয় প্ৰশাসনিক বিষয়া তথা অসম চৰকাৰৰ কৰ বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত ছফিকুল হুছেইন চৌধুৰীৰ আজি বিয়লি ৬.৩০ বজাত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীস্থিত নিজ বাসভৱনত ৯২ বছৰ বয়সত অৱসৰপ্ৰাপ্ত বিষয়া ছফিকুল হুছেইন চৌধুৰীৰ মৃত্যু হয়। মৃত্যুৰ আগলৈকে ছফিকুল হুছেইন চৌধুৰী অসম চৰকাৰৰ বিত্তীয় বিষয়ৰ বিভিন্ন সমিতি আৰু পৰামৰ্শদাতা পৰিষদৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। উল্লেখ্য যে প্ৰয়াত ছফিকুল হুছেইন চৌধুৰীয়ে অসম চৰকাৰৰ এগৰাকী দক্ষ বিষয়া হিচাপে স্বীকৃতি লাভ কৰিছিল। অৱসৰপ্ৰাপ্ত আয়ুক্তগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে অসম চিভিল ছ’চাইটীৰ কাৰ্যবাহী সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমদ চৌধুৰী, সাধাৰণ সম্পাদক তথা প্ৰাক্তন কামৰূপ জিলাৰ উপায়ুক্ত আৰু প্ৰাক্তন আয়ুক্ত সচিব আবছাৰ হাজৰিকা আৰু সম্পাদকদ্বয় ছাহজাহান তালুকদাৰ আৰু আফ্ৰিদা হুছেইনে।