Home স্থানীয় মঙলদৈত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সম্বৰ্ধনা : বিদায়ী শিক্ষকক হাতী পিঠিত উঠাই থৈ...

মঙলদৈত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সম্বৰ্ধনা : বিদায়ী শিক্ষকক হাতী পিঠিত উঠাই থৈ আহে নিজৰ বাসভৱনত

870
0

গণবাৰ্তা, মঙলদৈ, ১ মাৰ্চ:– দৰং জিলাৰ মঙলদৈ নগৰৰ নিকটৱৰ্তী বাঘপৰিত অৱস্থিত আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হানিফ উদ্দিন আহমেদ সহ মুঠ তিনি গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সোমবাৰে বিদ্যালয় শিক্ষক গোট,বিদ্যালয় পৰিচালনা সমিতি, আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলনী, বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, বাঘপৰি শাখা সাহিত্য সভা আদিয়ে ফুলাম গামোচা, শৰাই, জাপি ,মানপত্ৰ, গ্ৰন্থৰ টোপোলা, ছাতি আদিৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে । ইফালে, যোৱা ২৮ ফেব্ৰুৱাৰীত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষক হানিফ উদ্দিন আহমেদৰ পৰিয়ালে এই বিদায় সম্বৰ্ধনা অনুষ্ঠানতেই এটা সোনৰ আঙঠিৰে তেওঁক উষ্ম সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে বিগত ১৯৮৬ চনতে বিদ্যালয়খনৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক হিচাপে যোগদান কৰি তিনি বছৰ প্ৰধান শিক্ষকৰ দায়িত্ব বহন কৰি পিছত এই গুৰু দায়িত্ব এৰি সহকাৰী শিক্ষক হিচাপে শিক্ষকতা আৰম্ভ কৰে। সুদীৰ্ঘ ২৭ বছৰ কাল বিনা বেতনে শিক্ষকতা কৰাৰ পিছত ২০১৩ চনত তেওঁৰ চাকৰি নিয়মীয়া হোৱাতহে দৰমহা লাভ কৰে। মমৰ দৰে নিজে জ্বলি শেষ হৈ আনক পোহৰ দিয়াৰশিক্ষকৰ আদর্শৰে শিক্ষক হানিফ উদ্দিন আহমেদেও নিজৰ লগতে পৰিয়ালৰ কথা চিন্তা নকৰি পিছপৰা চৰ-চাপৰি অঞ্চলত জ্ঞানৰ পোহৰ বিলাই জীৱনৰ মূল্যবান সময় অতিবাহিত কৰে যদিও ছাত্র-ছাত্ৰী সকলৰ মুখৰ ফালে চাই তাতেই পৰম সন্তুষ্টি লাভ কৰে বুলি কয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আমজেদ আলি আহমেদৰ সভাপতিত্বত সোমবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাত উপস্থিত থাকি বিদ্যালয়ৰ ভূমি দাঁতা আব্দুল জলিল, অৱসৰী শিক্ষক আলহাজ মজিবৰ ৰহমান, নুৰল ইছলাম মণ্ডল, বান্দিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী মাহমুদা বেগম, আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰহমত আলি প্ৰমুখ্যে কেবাগৰাকীও শিক্ষক, প্ৰাক্তন ছাত্ৰ, স্থানীয় লোকে সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হানিফ উদ্দিন আহমেদৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে। এই বিদায় সম্বৰ্ধনা অনুষ্ঠানটিৰ পৰিচালনাৰ আত ধৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা খলিলুৰ ৰহমানে। অনুষ্ঠানত প্ৰধান শিক্ষক গৰাকীৰ কৰ্মজীৱনৰ ওপৰত বক্তব্য দাঙি ধৰি ছৈয়দুল ইছলামৰ সম্পাদনাত প্ৰকাশ কৰা ‘চানেকি’ নামৰ পুস্তিকাখন উন্মোচন কৰে সাংবাদিক আব্দুল খালেকে। এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীৰ উপৰিও  সদ্য অৱসৰপ্ৰাপ্ত বিদ্যালয় খনৰ সহকাৰী শিক্ষক দেবানন্দ দাস আৰু চলিত বছৰৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা সহকাৰী শিক্ষয়িত্ৰী জোনেশ্বৰী বনিয়াকো বিদায় সম্বৰ্ধনা জনোৱা হয়। ইপিনে, বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হানিফ উদ্দিন আহমেদক বিদ্যালয় কৰ্তৃপক্ষই এটা হাতীৰ পিঠিত উঠাই নিজৰ বাসভৱনত থৈ আহেগৈ । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here