Home অসম তিনিচুকীয়াত অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ পৰ্যালোচনা সভা

তিনিচুকীয়াত অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ পৰ্যালোচনা সভা

185
0

গণ বাৰ্তা:ডুমডুমা: ২৭ অক্টোবৰ: তিনিচুকীয়া জিলাত আজি উপস্থিত হৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য ও অসামৰিক যোগান,আইন, সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে উন্নয়ন সন্দৰ্ভত বুজ লয়। তেখেতে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ সৈতে বিভাগীয় উন্নয়নমূলক কামকাজৰ ওপৰত এখনি পৰ্য্যালোচনা বৈঠকত মিলিত হয় । মন্ত্ৰী দাসে জিলাখনৰ সকলো বিভাগৰ অধীনত ৰূপায়ন হৈ থকা আঁচনিসমূহৰ কামকাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰি প্ৰতিটো আঁচনিৰ কামৰ অগ্ৰগতিৰ বুজ লয়। কৃষি, সমাজ কল্যান, পঞ্চায়ত বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ওপৰত বিস্তৃত আলোচনা কৰে। আজিৰ পৰ্য্যালোচনা সভাত ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ,শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মন্ত্ৰী ৰামেশ্বৰ তেলী,অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিশান, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া , ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ, তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী,জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পিছতে আৱৰ্ত্ত ভৱনত জিৰণি লৈ ডিব্ৰুগড় জিলাৰ উন্নয়ন বুজ লোৱাৰ বাবে মন্ত্ৰী দাসে ৰাওনা হয়। তিনিদিনৰ বাবে মন্ত্ৰী ৰণজিত কুমাৰ দাস তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা ভ্ৰমণলৈ আহিছে। অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছত আজি মন্ত্ৰী দাসে প্ৰথমবাৰ আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here