Home স্থানীয় যিমানেই প্ৰত্যাহ্বান নাহক কিয় সংখ্যালঘু সমাজত এখনো বাল্যবিবাহ হ’বলৈ দিয়া নহ’ব: ৰেজাউল...

যিমানেই প্ৰত্যাহ্বান নাহক কিয় সংখ্যালঘু সমাজত এখনো বাল্যবিবাহ হ’বলৈ দিয়া নহ’ব: ৰেজাউল কৰিম সৰকাৰ

806
0

গণ বাৰ্তা, কলগাছিয়া, ২৮ ফেব্ৰুৱাৰী: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কলগাছিয়া জিলা সমিতিৰ অন্তৰ্গত বৰভিঠা আঞ্চলিক সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশন দেওবাৰে সফলতাৰে সম্পন্ন হয় ৷ বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত যোৱা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ সামৰণিৰ দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ধৰ্মীয় সংখ্যালঘু চৰ-চাপৰিবাসীক উদ্দেশ্যি ভাষণ প্ৰসংগত কয় যে পেটত গামোচা বান্ধি, বুকুৰ তেজ পানী কৰি হ’লেও নিজৰ সন্তানক শিক্ষা দিয়ক৷ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগত সমানে সমানে খোজ দিবলৈ হ’লে প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ সন্তানৰ হাতত কলম তুলি দিবই লাগিব৷ আমি ঘৰে ঘৰে শিক্ষিত হোৱাৰ বিকল্প নাই৷ সেয়ে আমছুৱে আৰম্ভ কৰিছে ‘‘ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা’’ শীৰ্ষক এক কাৰ্যসূচী৷ কাৰণ আমাক লাইটৰ পোহৰ নালাগে, আমাক লাগে জ্ঞানৰ পোহৰ৷ আমি মদ আৰু জুৱাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব, সমাজৰ প্ৰতিজন ব্যক্তিয়ে বাল্যবিবাহৰ বিৰুদ্ধে মাত মাতিব লাগিব৷ আমাৰ সন্মুখত যিমানেই প্ৰত্যাহ৩ান আৰু ভাবুকি নাহক কিয় সংখ্যালঘু সমাজত এখনো বাল্যবিবাহ হ’বলৈ দিয়া নহ’ব৷ যদি বাল্যবিবাহৰ লগত কোনো আমছু কৰ্মী জড়িত থাকে তেতিয়া হ’লে কঠোৰ শাস্তি ভুগিব লাগিব৷– এইদৰে ভাষণ প্ৰসংগত ৰাইজক আহ্বান জনোৱাৰ লগতে আমছু কৰ্মীসকলক সকীয়াই দিয়ে৷ উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আমছুৰ বৰভিটা আঞ্চলিক সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশনখন যোৱা চ্ছ ফেব্ৰুৱাৰীৰ পুৱা জ্জ বজাৰ পৰা শুভাৰম্ভ হয়৷ পুৱা ৮ বজাত আমছুৰ বৰভিটা আঞ্চলিক সমিতিৰ সভাপতি আৰিফুল ইছলাম শিকদাৰে পতাকা উত্তোলন কৰাৰ লগতে পুৱা জ্ঝ বজাত শ্বহীদ তৰ্পণ কৰে কলগাছিয়া জিলা আমছুৰ কাৰ্যকৰী সভাপতি ৰাজিবুল ইছলামে৷ ২৭ ফেব্ৰুৱাৰীৰ বিয়লি ২ বজাত আমছু কৰ্মীসকলৰ মাজত প্ৰতিনিধি সভা সম্পন্ন হয়৷ প্ৰতিনিধি সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কলগাছিয়া জিলা আমছুৰ মুখ্য উপদেষ্টা শ্বৰিফ ইছলাম, কলগাছিয়া জিলা আমছুৰ সভাপতি জিয়াৰুল ভূঞা, উপ-সভাপতি ইউছুব আলী, সাধাৰণ সম্পাদক আজাদুল ভূঞা, সহঃ সাধাৰণ সম্পাদক আনিচুৰ ৰহমান আৰু সাংগঠনিক সম্পাদক ওছমান গণি৷ ২৭ ফেব্ৰুৱাৰীৰ বিয়লি চাৰি বজাত আমছুৰ বৰভিটা আঞ্চলিক সমিতিৰ সভাপতি আৰিফুল ইছলাম শিকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে কলগাছিয়া জিলা আমছুৰ সাধাৰণ সম্পাদক ছাহজাহান আলীয়ে৷ অনুষ্ঠানটোত মুখ্য অতিথি ৰেজাউল কৰিম সৰকাৰৰ উপৰি আমন্ত্ৰিত অতিথি হিচাপে যুৱ সমাজকৰ্মী ৰুহুল আমিনে আমছুৰ অৱদান আৰু গুৰুত্ব সম্পৰ্কে ভাষণ আগবঢ়ায়৷ বৰপেটা জিলা আমছুৰ সভাপতি আব্দুল জুব্বাৰে আমছুৰ ইতিহাস আৰু সাংগঠনিক দিশ সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়৷ তেও কয় যে আমছুৱে কেৱল সংখ্যালঘুৰ বিপদত মাত নামাতে, আমছুৱে সকলো সম্প্ৰদায়ৰ মানুহৰ হৈ মাত মাতি আহিছে, আমছুৱে জুৱা, মদ আৰু অসামাজিক কাৰ্যৰ বিৰুদ্ধেও সদায় মাত মাতি আহিছে৷ আমছুৱে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত প্ৰচলিত সামাজিক ব্যাধি বাল্যবিবাহৰ বিৰুদ্ধে মৰণপণ যুঁজ দি আহিছে৷ সাংবাদিক দোস্ত হাফিজুৰ ৰহমানে ভাষণ প্ৰসংগত বাল্যবিবাহ বন্ধ কৰিবলৈ প্ৰশাসনৰ সহযোগত কাৰ্যসূচী ত্বৰান্বিত কৰিবলৈ আহ৩ান জনায়৷ লগতে অসমৰ চৰকাৰী বিদ্যালয়সমূহত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ছাত্ৰ অনুপাতে যাতে চৰকাৰে শিক্ষক নিযুক্তি দিয়ে, তাৰবাবে চৰকাৰলৈ আমছুৱে আহ৩ান জনাব লাগে আৰু ছাত্ৰ জলপানি সম্পৰ্কেও যাতে আমছুৱে চৰকাৰক হেঁচা প্ৰয়োগ কৰি হ’লেও আঁহোৱাহসমূহ দূৰ কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি আহ৩ান জনায়৷ আমছুৰ সহঃ সাধাৰণ সম্পাদক লুটফৰ ৰহমান খানে ভাষণ প্ৰসংগত সাম্প্ৰতিক পৰিস্থিতি আৰু চৰকাৰৰ ভূমিকা সম্পৰ্কে ভাষণ দি উপস্থিত ৰাইজক গুণগত শিক্ষা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ দিয়ে৷ তেওঁ কয় যে প্ৰতিটো ঘৰৰ প্ৰতিজন মানুহ শিক্ষিত হ’ব লাগিব আৰু নিজে নিজৰ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি ল’ব লাগিব৷ তেওঁ চাকৰিৰ কাৰণে বহি থাকিব নালাগে বুলি ৰাইজলৈ আহ৩ান জনায়৷ আমছুৰ উপ-সভাপতি ইউনুছ আলীয়ে আমছুৰ প্ৰয়োজনীয়তা আৰু ইতিহাস সম্পৰ্কে ভাষণ দিয়াৰ লগতে দৰং জিলাৰ ধলপুৰ, গৰুখঁুটিৰ অমানৱীয় উচ্ছেদ সম্পৰ্কে আৱেগিক ভাষণ দি চৰকাৰক সাম্প্ৰদায়িক হিটলাৰী চৰকাৰ বুলি আখ্যায়িত কৰে৷ বিশিষ্ট লেখক তথা সাংবাদিক জাহিদুল ইছলামেও আমছুৱে গ্ৰহণ কৰা বাল্যবিবাহ বন্ধ আৰু ঘৰে ঘৰে শিক্ষাৰ কাৰ্যসূচীক প্ৰশংসা কৰি আৰু অধিক আগ্ৰহেৰে পিছপৰা সমাজৰ উন্নয়নৰ হকে কাম কৰিবলৈ আমছুক আহ৩ান জনায়৷ অধিৱেশনত স্থানীয় জনপ্ৰতিনিধি, সমাজকৰ্মী, শিক্ষাবিদ, সাংবাদিককে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত গীত-মাত, আলোচনা-চক্ৰ সফলতাৰে সমাপ্ত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here