Home Main Stories যোৰহাটত নিশা জঘন্য কাণ্ড: ৰিক্সাচালকে মহিলাক ধৰ্ষনৰ অভিযোগ

যোৰহাটত নিশা জঘন্য কাণ্ড: ৰিক্সাচালকে মহিলাক ধৰ্ষনৰ অভিযোগ

116
0

দোষী ব্যক্তিক দৃষ্টান্ত মুলক শাস্তি প্ৰদানৰ দাবী যোৰহাট জিলা ছাত্ৰ সন্থাৰ

গণবাৰ্তা বিশেষ, যোৰহাট, ৮ জুন : যোৰহাট নগৰৰ মাজমজিয়াৰ তৰাজানস্থিত  আমাৰ হাট নামৰ বজাৰ গৃহত সোমবাৰে নিশা সংঘটিত হয় এক জঘন্য কাণ্ড । বজাৰগৃহটোৰ ভিতৰত বলাৎকাৰৰ বলি হয় এগৰাকী মহিলা। বজাৰখনৰ সমীপত এ টি ৰোডেৰে উলংগ অৱস্থাৰে এগৰাকী মহিলা ৰাজপথত অপ্ৰকৃতিস্থভাৱে গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে একাংশ লোকে ।  আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। উল্লেখযোগ্য যে মহিলাগৰাকী ৰাজপথেৰে আহি সমীপৰে ফেট বেলি নামৰ ৰেষ্টুৰেণ্টখনৰ তলত পদপথতে বহি পৰে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক চিকিৎসাৰ বাবে যোৰহাট  চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে মহিলাগৰকী বৰুৱা চাৰিআলিৰ পৰা তৰাজান দিশে যিখন ৰিক্সাত উঠি আহিছিল উক্ত ৰিক্সাখনৰ চালকজনৰ সৈতে আন এজন লোক লগ হৈ বজাৰ গৃহটোৰ ভিতৰত বলাৎকাৰৰ দৰে জঘন্য ঘটনা সংঘটিত কৰে। আৰক্ষীৰ দলে আমাৰ হাট নামৰ বজাৰ গৃহটোৰ ভিতৰৰ পৰা মহিলাগৰাকীৰ কাপোৰৰ সৈতে এটা টুপি আৰু মাটিত পৰি থকা কেইটামান টকা উদ্ধাৰ কৰাৰ পাছতে   আৰক্ষীয়ে দোষীক বিচাৰি জোৰদাৰ অভিযান আৰম্ভ কৰে।অভিযানত সহায় হোৱাকৈ আৰক্ষীয়ে  সমীপৰ এটা ভৱনত থকা চিচিটিভি কেমেৰাত উক্ত ঠাইৰ পৰা নিশা ৮.৩৮ বজাত এখন ৰিক্সা বৰুৱা চাৰিআলিৰ দিশৰ পৰা আহি পুনৰ উক্ত দিশে উভটি যোৱাৰ ভিডিঅ’ লাভ কৰে । ইয়াৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ  প্ৰায় দুঘণ্টা পিছতে নগৰৰ অজন্তা হলৰ সমীপৰ এটা ভাড়াঘৰত থকা  নগেন শইকীয়া নামৰ ৰিক্সাচালকজনক ঘটনাস্থলীৰ পৰা কিছু দূৰৈৰ পৰা আটক কৰে আৰু পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলাগৰাকীয়ে ৰিক্সচালক জনক  চিনাক্ত কৰে। ইফালে ধৃত নগেন শইকীয়াক জেৰা কৰাৰ অন্তত আৰক্ষীয়ে মালৌআলিৰ পৰা সৌৰভ কলিতা নামৰ আন এটা ৰিক্সাচালককো আটক  কৰে। ধৃত এই দুজন লোকেই ঘৃণনীয় ঘটনাটোৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে। অভিযুক্তসকলক আটক কৰাৰ পিছত নৈশ সান্ধ্য আইন  অব্যাহত থকা সময়ত উক্ত মহিলাগৰাকী কি পৰিস্থিতিত নিশা এনেদৰে ৰিক্সাত যাব লগা হ’ল আৰু এনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগা হল তাক লৈ অনুসন্ধান আৰম্ভ কৰিছে যোৰহাট আৰক্ষীয়ে। উল্লেখযোগ্য যে স্থানীয় একাংশ লোকে অপ্ৰকৃতিস্থ হৈ থকা মহিলাগৰাকীৰ শৰীৰত সেই সময়ত সুৰাৰ গোন্ধ পাইছিল। অৱশ্যে এই সকলো কথাৰ আঁৰৰ প্ৰকৃত তথ্যসমূহ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব। আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত ১৩০৩/২১ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি ৩৭৬ ধাৰা অনুসৰি অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই । আনহাতে আজি যোৰহাট জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দোষী ব্যক্তিক দৃষ্টান্ত মুলক শাস্তি প্ৰদানৰ দাবী কৰে| এই সম্পৰ্কে জিলা আৰক্ষী অধীক্ষকে স্পষ্ট কৰি দিয়ে যে অতি সোনকালে চাৰ্জস্বিত দাখিল কৰা হব আৰু দোষী ব্যক্তিয়ে উচিত শাস্তি পাব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here