Home সম্পাদকীয় বলপূৰ্বক উচ্ছেদ আৰু উচ্ছেদিত মানুহৰ অধিকাৰ

বলপূৰ্বক উচ্ছেদ আৰু উচ্ছেদিত মানুহৰ অধিকাৰ

203
0


খবিৰ আহমেদ, ২৬ ছেপ্তেম্বৰ : বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰ পৰাই অসমৰ মিঞা মুছলমানসকলে বসবাস কৰা চৰ-চাপৰিৰ কিছুমান নিৰ্দিষ্ট ঠাইক টাৰ্গেট কৰি উচ্ছেদ কাৰ্য চলাই অহা হৈছে। এই উচ্ছেদকাৰ্য সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা সময়তো হৈছিল। কিন্তু ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হোৱাৰ পিছৰে পৰাই এই উচ্ছেদ কাৰ্য অধিক আক্ৰমণাত্মক আৰু তৰান্বিত কৰা হৈছে। সমূহীয়া উন্নয়নৰ স্বাৰ্থত চৰকাৰী মাটিৰ পৰা কাৰোবাক উচ্ছেদ কৰিব পাৰে;  কিন্তু তাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান প্ৰট’কল নিৰ্ধাৰণ কৰা আছে। সঁচাকৈয়ে যদি সামূহিক উন্নয়নৰ স্বাৰ্থত নিৰপেক্ষভাৱে উচ্ছেদ কাৰ্য চলোৱা হ’লহেঁতেন, তেনেহ’লে সেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনাসমূহ মানি চলা হ’লহেঁতেন। কিন্তু এইবোৰ হৈ আছে প্ৰকৃতাৰ্থত গৰাখহনীয়াত স্বৰ্বস্বান্ত হোৱা কিছুমান ভূমিহীন, প্ৰান্তীয় খেতিয়কক বলপূৰ্বক উচ্ছেদ কৰি কিছুমান আৰ্থিকভাবে সবল অনা-খেতিয়ক লোকক সুবিধা কৰি দিয়াৰ এক আওপকীয়া পথ। এইবোৰ হৈ আছে বিজেপিৰ ভোটাৰসকলক সন্তুষ্ট কৰাৰ কাৰণে আৰু তৃতীয় পক্ষ আৰ এছ এছৰ গোপন এজেণ্ডা চৰিতাৰ্থ কৰাৰ কাৰণে একাংশ লোকৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিত আৰু পৰিকল্পিত অভিযান। যাৰ বাবে চৰকাৰে উচ্ছেদৰ সকলো নীতি- নিয়ম ভৰিৰে মোহাৰি, প্ৰয়োজনত নিৰীহ মানুহক হত্যা কৰি হ’লেও এই অমানৱীয় উচ্ছেদ কাৰ্য আগুৱাই লৈ গৈ আছে। বৰ্তমান চৰকাৰৰ হাতত আছে এনেকুৱা আৰু বহু উচ্ছেদ অভিযানৰ পৰিকল্পনা।
অসম চৰকাৰে বিধানসভাত দিয়া হিচাপ অনুসৰি স্বাধীনতাৰ পিছৰ পৰা এতিয়ালৈকে ২১,০৩২খন গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ইয়াৰ ফলত চাৰি লাখ সাতাইছ হাজাৰ হেক্টৰ অৰ্থাৎ প্ৰায় ত্ৰিছ লাখ বিঘা মাটি নদীৰ গৰ্ভত বিলীন হৈ গৈছে। কেৱল চৰকাৰী হিচাপমতেই এক লাখ ত্ৰিশ হাজাৰ পৰিয়াল গৃহহীন হৈছে; বেচৰকাৰী তথ্য মতে এই সংখ্যা আৰু অধিক হ’ব। কেৱল বাঘবৰ সমষ্টিৰ গৰাখহনীয়াগ্ৰস্ত পৰিয়ালৰ সংখ্যাই হ’ব ত্ৰিশ হাজাৰৰো অধিক। কথা এইখিনিতেই শেষ হৈ নাযায়। প্ৰতিবছৰেই নামনিৰ জিলাবোৰত ব্ৰহ্মপুত্ৰ আৰু বেঁকী নদীয়ে গৰাখহনীয়াৰ তাণ্ডৱলীলা চলায় আৰু প্ৰতিবছৰেই ক্ষতিগ্ৰস্ত পৰিয়াল আৰু মানুহৰ সংখ্যা বৃদ্ধি পায়। কিন্তু দুখৰ বিষয়, স্বাধীনতাৰ হীৰক জয়ন্তী পালন কৰিবলৈ গৈ থকা বছৰতো গৰাখহনীয়াত স্বৰ্বস্বান্ত হোৱা এই দুৰ্ভগীয়া ভূমিহীন মানুহ বিলাকৰ কাৰণে অসম চৰকাৰৰ কোনো ঘোষিত নীতি নাই। চৰকাৰৰ হাতত নাই নদীৰ বুকুত বিলীন হৈ যোৱা সেই গাঁওসমূহৰ ৰাজহ চক্ৰভিত্তিক তালিকা। ডাঙৰ প্ৰশ্নটো হৈছে গাঁৱৰ মাটিখিনি ব্ৰহ্মপুত্ৰই খহাই নিয়াৰ পিছত তাৰ মানুহবিলাক ক’লৈ যাব? মানুহ বিলাকতো বতাহৰ লগত বিলীন হৈ যাব নোৱাৰে। মানুহ বিলাক আছে, ইয়াতেই আছে, এইখন অসমতেই আছে। কেতিয়াবা নদীৰ চৰত, কেতিয়াবা নৈ- কাষৰীয়া চাপৰিত, কেতিয়াবা পৰিত্যক্ত মথাউৰিত, কোনোবা পাহাৰৰ দাঁতিত, কেতিয়াবা হাবি-জংঘল বা চৰকাৰী ভূমিত। তাৰ পিছতো যিবিলাকে মূৰ গুঁজিবলৈ এচিকটা ঠাই বিচাৰি নাপালে তেওঁলোকে গুৱাহাটী সমন্বিতে অসমৰ বিভিন্ন নগৰ-চহৰত দিন- ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰি পেটৰ ভাতকেইটা মোকলাই আছে। জামুগুৰি, মায়ং, বটদ্ৰৱা, হোজাই- লংকা, ধুবুৰীৰ ঝগৰাৰপাৰ  বা  ধলপুৰৰ গৰুখঁুটিয়েই হওক—তেওঁলোক গৰাখহনীয়াগ্ৰস্ত অসমৰেই মানুহ। ভাৰতবৰ্ষৰ বৈধ নাগৰিক।
 অসমৰ প্ৰত্যেকখন জিলাতেই ভূমিহীন পৰিয়াল আছে। চৰকাৰী হিচাপমতেই অসমত ৩, ৪৭,৮২৩ ভূমিহীন পৰিয়াল আছে আৰু তেওঁলোক সকলোৱে চৰকাৰী মাটিত আশ্ৰয় লৈ আছে। ধলপুৰৰ উচ্ছেদ কাৰ্যৰ নেতৃত্ব লোৱা বিধায়ক পদ্ম হাজাৰিকা আৰু মৃণাল শইকীয়াৰ গৃহ জিলাতো হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটিত ভূমিহীন মানুহে আশ্ৰয় লৈ আছে। সেইবোৰ মানুহকো ভূমিপট্টন দিয়ক। তাকে নকৰি গৰুখুঁটিৰ নিচিনা আওহতীয়া ঠাইত আহি কেৱল এক বিশেষ ধৰ্মৰ মানুহক উচ্ছেদৰ মানৱীয় বিপৰ্যয়ৰ মাজলৈ ঠেলি দিয়া হৈছে। এনেদৰে ৰাজ্যখনত হিংসা আৰু ঘৃণাৰ পৰিৱেশ গঢ়ি তোলাৰ অৰ্থ কি? তাৎপৰ্যপূৰ্ণ কথা হ’ল যে  হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাই শপত লোৱা মাত্ৰ দহ দিন পিছৰ পৰাই এইলানি উচ্ছেদ কাৰ্য আৰম্ভ হৈছিল। কেতিয়াবা জাননী দিয়া হৈছে, কেতিয়াবা দিয়া হোৱা নাই। উচ্ছেদিত ব্যক্তি বা কোনো দল-সংগঠনৰ কোনো অনুৰো¸ধেই প্ৰশাসনে শুনা নাই। মানুহবোৰ আঁতৰি যাবলৈ আনকি চৌব্বিছ ঘন্টাৰ সময়ো দিয়া হোৱা নাই। নাই কোনো বিকল্প ব্যৱস্থা। কল্যাণকামী ৰাষ্ট্ৰ এখনৰ প্ৰশাসনে দুৰ্ভগীয়া মানুখিনিৰ লগত যেনেদৰে ব্যৱহাৰ কৰিছে, কোনো দেশৰ যুদ্ধবন্দীসকলৰ লগতো তেনেকুৱা ব্যৱহাৰ নকৰে। আটাইতকৈ দুখৰ বিষয় হৈছে এই বাৰিষাৰ বতৰত, এই কোৰোনা কালত হাজাৰ হাজাৰ অশীতীপৰ
 মানুহ, ৰুগীয়া মানুহ, স্কুলীয়া ল’ৰা- ছোৱালী, পানী- কেঁচুৱা লৈ অসহায় মহিলাসকলকে আদি কৰি মানুহবোৰক উচ্ছেদ কৰি মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে। তাৰ পিছতো উল্লাস প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ টুইট!মানুহ হত্যা হোৱাৰ পিছতো উচ্ছেদ কাৰ্য চলাই লৈ যোৱাৰ পৰিকল্পনা। কোনো এখন গণতান্ত্ৰিক মংগলকামী ৰাষ্ট্ৰই দেশৰ বৈধ নাগৰিকসকলৰ লগত এনেকুৱা অমানৱীয় ব্যৱহাৰ কৰিব পাৰে নেকি? অথচ এতিয়ালৈকে যিমান ঠাইত যিমান মানুহক উচ্ছেদ কৰা হৈছে সেইসকলৰ মাজত ক’তো এজন বাংলাদেশী উলিয়াব পৰা নাই। কাজিৰঙাৰ উচ্ছেদেই তাৰ প্ৰমাণ। তেনহ’লে এই পুঞ্জীভূত ঘৃণা আৰু বিদ্বেষ কিয়? একমাত্ৰ এক বিশেষ ধৰ্মৰ হোৱা বাবেইনে এই বিদ্বেষ?
এতিয়া লাখটকীয়া প্ৰশ্নটো হৈছে, বিকল্প ব্যৱস্থা নকৰাকৈ বৈধ ভাৰতীয় নাগৰিকসকলক তেওঁলোকৰ বাসস্থানৰ পৰা উচ্ছেদ কৰিব পাৰে নেকি? কি কয় আমাৰ সংবিধানে আৰু আন্তঃৰাষ্ট্ৰীয় বিধি-বিধানে। ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা মতে কেৱল চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাৰণেহে আৰু কেৱল অসাধাৰণ আৰু ব্যতিক্ৰমী (Exceptional) ক্ষেত্ৰতহে চৰকাৰে উচ্ছেদ কৰিব পাৰে। গৰুখুঁটিৰ চৰকাৰী আঁচনি প্ৰকৃতাৰ্থত কোনো উন্নয়মূলক আঁচনি নহয়; এয়া হৈছে যুগ যুগ ধৰি বসবাস কৰি অহা প্ৰকৃত প্ৰান্তীয় খেতিয়কসকলক উচ্ছেদ কৰি কিছুমান শিক্ষিত অনা-খেতিয়কক সংস্থাপন দিয়াৰ পৰিকল্পনা। তথাপিও উচ্ছেদ হ’লে সেই উচ্ছেদ সংশ্লি­ষ্ট আইনৰ দ্বাৰা অনুমোদিত হ’ব লাগিব, মানৱাধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিধি-বিধান মতে হ’ব লাগিব। সেই উচ্ছেদৰ লগত সম্পূৰ্ণ ক্ষতিপূৰণ আৰু পুনৰ্বাসনৰ ব্যৱস্থা থাকিব লাগিব। তদুপৰি উচ্ছেদৰ আগত উচ্ছেদ হ’ব লগা মানুহবোৰৰ লগত সৌহাৰ্দ্যপূৰ্ণ, অৰ্থপূৰ্ণ আৰু গঠনমূলক আলোচনা কৰি ল’ব লাগিব বুলিও ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা আছে। ইয়াৰোপৰি নিৰ্দেশ আছে যে উচ্ছেদৰ সময়ত শিশু, নাৰী আৰু বৃদ্ধ লোকসকল কোনো কাৰণতেই ক্ষতিগ্ৰস্ত হ’ব নালাগিব। আমি উল্লেখ কৰি অহা উচ্ছেদসমূহৰ ক্ষেত্ৰত যিহেতু চৰকাৰে এই সমূহ নীতি নিৰ্দেশনা মানি চলা নাই, গতিকে এইসমূহ উচ্ছেদক আমি বলপূৰ্বক উচ্ছেদ (Forced eviction) বুলি ক’ব লাগিব। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক, সামাজিক আৰু আৰু সাংস্কৃতিক সমিতিয়ে বলপূৰ্বক উচ্ছেদৰ সংজ্ঞা দিছে এনেদৰে ঃ ‘Permanent or temporary removal against the will of individuals, families or communities from their homes and lands, which they occupy, without the provision of and access to, appropriate forms of legal or other protection’.  
এই ক্ষেত্ৰত চৰকাৰৰ পক্ষৰ ভাষ্য হ’ল যে মানুহখিনি চৰকাৰী মাটি বেদখল কৰি আছে আৰু সেই বাবেই তেওঁলোকক উচ্ছেদ কৰা হৈছে। কিন্তু চৰকাৰী মাটিত ঘৰ বান্ধি থাকিলেও এনেকুৱা অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰি আৰু বিকল্প ব্যৱস্থা নকৰাকৈ বলপূৰ্বক উচ্ছেদ কৰিব নোৱাৰে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ ১৯৯৩ চনৰ ৭৭নং প্ৰস্তাৱ আৰু ২০০৪ চনৰ ২৮নং প্ৰস্তাৱৰ জৰিয়তে এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে কোনো ব্যক্তিয়ে চৰকাৰী মাটিত বসবাস কৰিলেও তেওঁক বলপূৰ্বক উচ্ছেদ কৰিব নোৱাৰিব। প্ৰস্তাৱসমূহত কোৱা হৈছে এনেদৰে ঃ ‘The often violent practice of forced eviction involves the coerced and involuntary removal of persons, families and groups from their homes, lands and communities, whether or not deemed legal under prevailing systems of law, resulting in greater homelessness and inadequate housingand living conditions.’ এনেদৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে স্পষ্ট কৰি দিছে যে কোনো এজন ব্যক্তি বা বক্তি সমষ্টিয়ে ঘৰ বান্ধি থকা মাটিৰ ওপৰত তেওঁলোকৰ বিধিগত অধিকাৰ নাথাকিলেও সেই মাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰিব, যেতিয়ালৈকে উচ্ছেদৰ নীতিসমূহ পালন কৰা নহ’ব।
চৰকাৰী মাটিত থাকিলেও উচ্ছেদৰ নিয়ম ভংগ কৰি উচ্ছেদ কৰিব নোৱাৰিব, কিয়নো আশ্ৰয় লৈ থকাৰ অধিকাৰ জীয়াই থকাৰ অধিকাৰৰ ভিতৰত পৰে। আৰু সংবিধানৰ ২১নং অনুচ্ছেদে জীয়াই থকাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে। Protection of life and personal liberty. মানুহ মুক্তভাৱে আৰু মৰ্যাদাসহকাৰে জীয়াই থাকিব পাৰিব লাগিব। আৰু কোনো এঠাইত ঘৰ বান্ধি থকাৰ অধিকাৰ মানুহৰ জীয়াই থকাৰ অধিকাৰৰ ভিতৰত পৰে। কিয়নো উচ্ছেদৰ জৰিয়তে কেৱল যে ব্যক্তি এজনৰ ঘৰখনেই ভাঙি দিয়া হয় তেনেকুৱা  নহয়; মানুহ এজনৰ ঘৰখন ভাঙি দিয়াৰ লগে লগে তেওঁৰ জীৱন ধাৰণৰ বহু অধিকাৰেই খৰ্ব হয়। উচ্ছেদিত মানুহৰ সেই খৰ্ব হোৱা অধিকাৰসমূহ হ’ল ঃ জীৱন-জীবিকাৰ অধিকাৰ, আশ্ৰয় লৈ থকাৰ অধিকাৰ, স্বাস্থ্য ৰক্ষাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, নাগৰিক সুযোগ-সুবিধাৰ অধিকাৰ, ৰাজহুৱা পৰিবহণৰ অধিকাৰ আৰু সদৌ শেষত আত্মসন্মানসহকাৰে জীয়াই থকাৰ অধিকাৰ। গতিকে ক’ৰবাত আশ্ৰয় লৈ থকাটো বা মূৰৰ ওপৰত এটা চালি থকা কথাটোও মৌলিক অধিকাৰৰ ভিতৰতেই পৰে। আৰু সেয়েহে বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ চলোৱা কাৰ্য হৈছে নাগৰিকৰ মৌলিক অধিকাৰ হৰণ।
সম্প্ৰতি ছিপাঝাৰৰ ধলপুৰ আৰু গৰুখঁুটিত উচ্ছেদৰ নামত যিবোৰ হৈ আছে তাত দেখ দেখকৈ নাগৰিকৰ মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ ভংগ হৈছে। উল্লেখ্য যে প্ৰত্যেক ৰাষ্ট্ৰ আৰু প্ৰত্যেকখন  প্ৰদেশতেই মানৱ অধিকাৰ সংস্থাসমূহে কাম কৰি আছে। ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ সমিতিৰ নিৰ্দেশ আছে যে কোনো দেশে মানৱ অধিকাৰ খৰ্ব কৰিলে মানৱ অধিকাৰ সংস্থাসমূহ আগুৱাই আহিব লাগে। আনকি এই সংস্থাসমূহে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি হ’লেও ৰাষ্ট্ৰক জবাবদিহি কৰিব পাৰে। কিন্তু দেখা গৈছে যে এনেকুৱা মানৱ অধিকাৰ লংঘনৰ ক্ষেত্ৰতো অসমৰ মানৱ অধিকাৰ আয়োগে কোনো ব্যৱস্থা লোৱা নাই। কিয় লোৱা নাই সেয়াও এক ৰহস্যজনক কথা। অধিকাংশ সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱী আৰু সামাজিক সংগঠনেও এই অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এতিয়ালৈকে মাত মতা নাই; বৰং একাংশই আনন্দ প্ৰকাশ কৰি আছে। যিবিলাক মানুহে যোৱা ডেৰশ বছৰে অসমৰ অটব্য হাবি-জংঘল ভাঙি, হিংস্ৰ জীৱ-জন্তুৰ লগত যুদ্ধ কৰি, নৈ-বিলপৰীয়া অনাবাদী, দুৰ্গম পতিত মাটিত বুকুৰ তেজ ঢালি অসমখনক শস্যশ্যামলা কৰি তুলিলে, যিসকল মানুহে নিজৰ ভাষা, কৃষ্টি, সংস্কৃতিক বিষৰ্জন দি অসমীয়া ভাষা- সংস্কৃতিক গ্ৰহণ কৰি বিশ্বৰ ইতিহাসত নজিৰ গঢ়িলে সেইসকল মানুহৰ এই দুৰ্দিনতো মূল সুঁতিৰ একাংশ নাগৰিক সমাজ মৌন হৈ থকা কাৰ্য আমাৰ বোধগম্যৰ বাহিৰত।
এতিয়া উচ্ছেদিত নাগৰিকসকলে কোনো দলৰ ৰাজনৈতিক দুৰ্জনসকলৰ পৰা একো আশা কৰি লাভ নাই। বলপূৰ্বক উচ্ছেদৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ঘোষিত নিৰ্দেশনা আছে। উচ্ছেদিত মানুহৰো আছে কিছু অধিকাৰ। শোষিত আৰু নিপীড়িত মানুহৰ ঐক্যবদ্ধ শক্তিয়ে গণতান্ত্ৰিক আন্দোলন আৰু আইনী প্ৰক্ৰিয়াৰ জৰিয়তে ৰাষ্ট্ৰ আৰু মানৱ অধিকাৰ সংস্থাসমূহক সেই ঘোষিত নীতি- নিৰ্দেশনাসমূহ পালন কৰিবলৈ বাধ্য কৰিব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here